পৰমগীত

গ্রন্থ ৰচয়িতা

এই পুস্তকৰ প্রথম পদৰ পৰা এই পুস্তকৰ শিৰোনামা চলোমনৰ গান বুলি ল’ব পাৰি, যিটো গীতৰ পৰা অহাৰ যোগেদি উল্লেখ হয়: “যিটো চলোমনৰ পৰম গীত” (1:1)। অবশেষত এই পুস্তকৰ শিৰোনাম ৰজা চলোমনৰ নামেৰে গ্রহণ কৰা হয়, কাৰণ এই পুস্তকৰ বিভিন্ন ঠাইত তেওঁৰ নামৰ উল্লেখ আছে (1:5; 3:7, 9, 11; 8:11-12)।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 971-965 খ্রীষ্টপূর্বৰ ভিতৰত।

এই পুস্তকৰ লিখক চলোমন। তেওঁ ইস্রায়েলৰ ৰজা হিচাপে ৰাজত্ব কৰাৰ সময়ত এই পুস্তকখন তেওঁ লিখিছিল। যিসকল পণ্ডিতে এই পুস্তক চলোমনে লিখা বুলি সন্মতি প্রদান কৰে, তেওঁলোকৰ মতে, চলোমনে এই পুস্তকখন তেওঁৰ ৰাজত্বকালৰ আৰম্ভণিতে লিখিছিল। এই কবিতাই কেৱল যুৱকসকলক উৎসাহিত কৰা বাবে নহয়, কিন্তু ইয়াত লিখকে দেশৰ দক্ষিণ আৰু উত্তৰ অঞ্চলৰ দুখন ঠাইৰ নাম উল্লেখ কৰাৰ লগতে লেবানন আৰু ইজিপ্তৰ নামো উল্লেখ কৰিছে।

প্রাপক

বিবাহিত দম্পতি আৰু একাকী বিবাহৰ চিন্তা।

উদ্দেশ্য

চলোমনৰ গান এটা গীতি কবিতা, য’ত প্রেমৰ প্রতি ভক্তিভাব প্রকাশ কৰিছে আৰু বিবাহক পৰিস্কাৰভাবে ঈশ্বৰৰ পৰিকল্পনা হিচাপে উপস্থাপন কৰিছে। এজন পুৰুষ আৰু এজনী নাৰীয়ে বিবাহৰ প্রসংগক্রমে এজনে আন জনৰ সৈতে আধ্যাত্মিকভাবে, আবেগত, আৰু শাৰীৰিকভাবে প্রেমত একেলগে বসবাস কৰিব লাগে।

মূল বিষয়

প্রেম আৰু বিবাহ

প্রান্তৰেখা

1. চলোমন সম্পর্কে ন-কইনাৰ ভাবনা — 1:1-3:5

2. ন-কইনাৰ বিবাহৰ বাবে বাগদানৰ স্বীকৃতি আৰু বিবাহৰ প্রতি অপেক্ষাৰত হোৱা — 3:6-5:1

3. ন-কইনাৰ দৰাক হেৰুওৱাৰ সপোন — 5:2-6:3

4. দৰা আৰু ন-কইনাৰ প্রশংসা — 6:4-8:14

1

চলোমনৰ পৰমগীত

1ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-

কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা:

প্রিয়াৰ কথা

2তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক1:2 তেওঁ তেওঁৰ ওঁঠ ভৰাই দিয়া,

কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।

3তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে;

বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম;

সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।

4(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম।

ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে;

প্রিয়ৰ প্রতি কইনাৰ কথা:

মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ;

মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।

আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।

আন ৰমণীসকলৰ প্রতি:

5হে যিৰূচালেমৰ

ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী;

মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।

6মই ক’লা বাবেই মোলৈ

চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে।

মোৰ ভাই-ককাইসকলে

মোৰ ওপৰত খং কৰি মোক

দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল;

সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰী1:6 নিজৰ সৌন্দর্য ৰ যত্ন ল’ব পৰা নাই।

প্রিয়ৰ প্রতি যুৱতীৰ কথা:

7হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়!

মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা?

তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা?

তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত,

মই কিয় ওৰণি লোৱা1:7 ঘূৰি ফুৰা জনীৰ নিচিনা ঘূৰি ফুৰিম?

চলোমন আৰু তেওঁৰ কন্যা দুয়ো দুয়োতে সুখী

প্রিয়ৰ কথা:

8তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী,

মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ

চিনবোৰৰ পাছে পাছে আহাঁ আৰু

তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।

9হে মোৰ প্ৰিয়তমা,

ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে,

মই তোমাক তুলনা কৰিছোঁ।

10গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে,

আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।

11মই তোমাৰ কাৰণে ঠায়ে

ঠায়ে ৰূপ খচিত

সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।

প্রিয়াৰ কথা:

12ৰজাই যেতিয়া তেওঁৰ বিচনাত1:12 বা, মহাভোজত বহিছিল শুইছিল,

তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।

13মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে,

যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।

14মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল,

যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।

প্রিয়ৰ কথা:

15চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া;

তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।

প্রিয়াৰ কথা:

16চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়;

তুমি কিমান যে সুন্দৰ!

আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।

17এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।

2

প্রিয়াৰ কথা:

1মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল।

প্রিয়ৰ কথা:

2কাঁইটবোৰৰ মাজত লিলি2:2 লিলি কনাৰি ফুল এটি যেনে

ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে।

প্রিয়াৰ কথা:

3বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে,

যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে।

মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ,

মোৰ মুখত তাৰ ফল মিঠা লাগে।

4তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল,

আৰু প্রেমেই হ’ল মোৰ

ওপৰত তেওঁৰ নিচান।

5কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা,

আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা;

কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।

6মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে,

আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।

7হে যিৰূচালেমৰ যুৱতীসকল,

কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

কইনাই নিজৰ প্রিয়তমৰ প্রশংসা কৰা

8সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ!

সেয়া চোৱা, তেওঁ আহিছে,

তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি

ডেও দি জপিয়াই আহিছে।

9মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ;

সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে,

তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে,

চিলিঙৰ মাজেদি উকি মাৰিছে,

10মোৰ প্ৰিয়ই মোক ক’লে,

“হে মোৰ প্ৰিয়া, উঠা;

হে মোৰ সুন্দৰী, আহাঁ।

11চোৱা, শীতকাল গ’ল,

বর্ষাও শেষ হৈ গুছি গ’ল।

12ভূমিত ফুলবোৰ ফুলি উঠিছে;

পক্ষীবোৰে গান গোৱাৰ সময় আহিছে;

আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।

13ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে,

দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে।

হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।

14হে মোৰ কপৌ, তুমি শিলৰ ফাটত,

পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা।

মোক তোমাৰ মুখ চাবলৈ দিয়া;

তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া;

কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।”

ৰমণীসকলৰ প্রতি উক্তি:

15তোমালোকে সেই শিয়ালবোৰক,

সৰু সৰু শিয়ালবোৰক ধৰা,

কাৰণ সিহঁতে আমাৰ

দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে।

আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।

প্রিয়াৰ কথা:

16মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই;

তেওঁ লিলি ফুলৰ মাজত চৰে।

17হে মোৰ প্ৰিয়, তুমি গুছি যোৱা,

অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু

পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে

তুমি গুছি যোৱা।

তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।

3

কইনাৰ সপোন:

1ৰাতি মোৰ শয্যাত

মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো;

মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ;

2মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম;

ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম;

তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।”

মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ।

3প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত,

মোক দেখা পালে।

মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?”

4তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই,

মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ।

তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে,

মই তেওঁক এৰি নিদিলোঁ;

যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল,

মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো।

ৰমণীসকলৰ প্রতি উক্তি:

5হে যিৰূচালেমৰ যুৱতীসকল,

কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

বিবাহৰ বাবে চলোমনৰ আগমণ

6মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে?

তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ,

গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।

7চোৱা, সৌৱা চলোমনৰ দোলা;

ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে;

তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য।

8তেওঁলোক সকলোৰে লগত আছে তৰোৱাল;

যুদ্ধত তেওঁলোক সুদক্ষ;

তৰোৱাল ককালত বান্ধি লৈ

তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে।

9ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে,

এটি দোলা নির্মাণ কৰিলে।

10দোলাৰ খুটাবোৰ ৰূপেৰে

পিছৰ ভাগ সোণেৰে,

আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী;

যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে

তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল

11হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ,

চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে;

তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা,

তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।

4

চলোমনে কইনাৰ সৌন্দর্যৰ প্রশংসা কৰা

প্রিয়ৰ কথা:

1প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি!

তুমি সুন্দৰী।

ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা;

তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা।

2এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ।

সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে,

আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।

3তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা;

কি যে মৰমলগা তোমাৰ মুখ।

ওৰণিৰ তলত তোমাৰ গাল দুখন

দুফাল কৰা আধা ডালিমৰ নিচিনা।

4তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে,

য’ত ওলমি আছে এহেজাৰ ঢাল;

সেই সকলোবোৰেই সৈন্যসকলৰ।

5তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা

কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা।

6ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে,

হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম।

7মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী;

তোমাত কোনো খুঁত নাই।

8হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ।

লিবানোনৰ পৰা মোৰ লগতেই আহাঁ;

অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা,

সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা

তুমি নামি আহাঁ4:8 নত হোৱা।

9মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা;

তোমাৰ চকুৰ এক চাৱনীৰে,

তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে

তুমি মোৰ মন বন্দী কৰিলা।

10হে মোৰ প্রিয়া, মোৰ কইনাজনী,

তোমাৰ ভালপোৱা কিমান যে মনমোহা!

দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু

সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম।

11হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে;

তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে;

তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা।

12মোৰ প্রিয়া, মোৰ কইনাজনী বন্ধ কৰি থোৱা এক উদ্যান;

এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি।

13এক ডালিম গছেৰে ভৰা উদ্যান; ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা;

তাত জেতুকা আৰু সুগন্ধি লতা আছে।

14জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি,

আৰু সকলো ধৰণৰ মছলাৰ গছ আছে।

তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে।

15তুমি যেন উদ্যানৰ জুৰি,

যেন নির্মল পানীৰ এটি কুৱাঁ,

যেন লিবানোনৰ পৰা বৈ নামি অহা জলস্রোত।

প্রিয়াৰ কথা:

16হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ;

মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে।

মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।

5

প্রিয়ৰ কথা:

1মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ;

মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ;

মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ;

মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ।

ভোজন কৰা, বন্ধু।

হে বন্ধু, খোৱা;

হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।

প্রিয়াৰ কথা:

2মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল,

তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে,

“হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী,

দুৱাৰখন খুলি দিয়া।

মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে,

ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”

3“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে?

মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”

4মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে,

মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।

5মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ;

মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল,

তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি

দুৱাৰৰ শলখাডালো ভিজি গ’ল।

6মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ;

কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল;

মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো।

মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ;

মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।

7প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত,

মোক দেখা পালে;

তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে;

নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।

8হে যিৰূচালেমৰ ৰমণীসকল,

মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ,

তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা,

তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ।

যিৰূচালেমৰ ৰমণীসকলৰ কথা:

9নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী,

তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম?

তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম,

যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?

প্রিয়াৰ কথা:

10মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ

আৰু শক্তিশালী;

তেওঁৰ লগত কাৰো তুলনা নহয়।5:10 মোৰ প্ৰিয়ৰ চেহেৰা উজ্জ্বল, গাৰ বৰণ ৰঙচুৱা; তেওঁ দহ হাজাৰ জনৰ মাজত বিশেষ এজন।

11তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা;

তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।

12তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা;

তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।

13তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা,

য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়।

তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।

14তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড;

তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।

15তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা।

তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।

16তেওঁৰ মুখখন অতি মধুৰ;

সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ।

হে যিৰূচালেমৰ ৰমণীসকল,

তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।

6

যিৰূচালেমৰ ৰমণীসকলৰ কথা:

1হে নাৰীসকলৰ মাজত পৰম সুন্দৰী,

তোমাৰ প্ৰিয় ক’লৈ গ’ল?

তোমাৰ প্রিয়তম কোন দিশে গ’ল?

আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ।

প্রিয়াৰ কথা:

2মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে,

সুগন্ধি মছলাৰ দলিচাখনলৈ;

তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।

3মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই;

তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে।

চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা

প্রিয়ৰ কথা:

4হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী,

যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।

5তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা;

কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে।

তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।

6এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ।

সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে,

আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।

7ওৰণিৰ তলত তোমাৰ গাল দুখন

দুফাল কৰা আধা ডালিমৰ নিচিনা।

8ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;

9কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া;

তেওঁ নিজ মাতৃৰ বিশেষ জী,

তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী।

মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে;

ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।

10“পুৱাৰ অৰুণৰ দৰে দেখা দিয়া,

কোন এইগৰাকী যুৱতী,

যি চন্দ্ৰৰ নিচিনা সুন্দৰী,

সূৰ্যৰ দৰে উজ্জ্বল আৰু

সম্পূর্ণ মোহময়ী?”

প্রিয়াৰ কথা:

11মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ,

দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু

ডালিম ফুলিছে নে নাই, তাক চাবলৈ

মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।

12মই আনন্দত উত্রাৱল হ’লো,

মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন,

যুৱৰাজৰ এখন ৰথত বহালে

আৰু মই গৈ আছিলোঁ।

আন ৰমণীসকলৰ কথা:

13হে চূলম্মীৎ6:13 চূলম্মীৎ নিখুঁত যুৱতী, উলটি আহাঁ, উলটি আহাঁ;

আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ।

প্রিয়ৰ কথা:

মহনয়িমৰ6:13 মহনয়িম - অর্থাৎ সৈন্য সমূহ (আদি 32:2, 2 চমূৱেল 17:24, যিহোচূৱা 13:26) নৃত্য চোৱাৰ দৰে,

নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?

7

প্রিয়ৰ কথা:

1হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন

দেখাত কিমান যে ধুনীয়া!

তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে,

সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য।

2তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা;

তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়।

তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা,

যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা।

3তোমাৰ স্তন দুটা যেন

হৰিণীৰ দুটি পোৱালি,

এটি কৃষ্ণসাৰৰ যমজ পোৱালি।

4হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা

তোমাৰ ডিঙিৰ গঠণ;

তোমাৰ নয়ন দুটি, হিচবোনত

বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা;

তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ

যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ।

5তোমাৰ ওপৰত থকা মূৰটো

কৰ্মিল পাহাৰৰ নিচিনা, আৰু

তোমাৰ মূৰৰ চুলিকোছা

ঘন বেঙেনা বৰণীয়া;

সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।

6হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!

7তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা,

বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।

8মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।”

তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক,

তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;

9তোমাৰ মূখৰ চুমা মোৰ বাবে

সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা7:9 তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক।

সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।

প্রিয়াৰ কথা:

10মই মোৰ প্ৰিয়ৰ,

আৰু তেওঁৰ বাঞ্ছা মোলৈ;

11হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ,

আৰু ৰাতি গাৱঁ7:11 উত্তম বনৰীয়া ফুলতবোৰত গৈ থাকোঁগৈ।

12ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ;

দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই,

তাৰ ফুল ফুলিছে নে নাই,

আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ;

তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম।

13দুদা 7:13 ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে।ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে;

ন-পুৰণি সকলো ধৰণৰ ফল

আমি থকা ঠাইৰ দুৱাৰতে আছে।

হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।

8

প্রিয়াৰ কথা:

1অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে,

যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে!

তেতিয়া মই তোমাক বাহিৰত দেখা পালেও,

তোমাক চুমা খাব পাৰিলোহেঁতেন;

কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।

2মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন,

আৰু তেওঁ মোক শিক্ষা দিব8:2 তুমি মোক শিক্ষা দিবা।

আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস,

আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।

3তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে,

আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।

4হে যিৰূচালেমৰ যুৱতীসকল,

মোৰ ওচৰত প্রতিশ্রুতি দিয়া,

আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে

তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।

যিৰূচালেমৰ ৰমণীসকলৰ কথা:

5নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি

মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে?

প্রিয়াৰ কথা:

যি ঠাইত তোমাৰ মাতৃয়ে

গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে,

যি ঠাইত তোমাক প্রসৱ কৰিলে,

সেই সুমথিৰা8:5 খুবানি, সুমথিৰা ৰঙৰ এবিধ টেঙা ফল টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।

6মোহৰ মাৰাৰ দৰে তুমি

মোক তোমাৰ হৃদয়ত, আৰু

তোমাৰ বাহুত ৰাখা;

কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী,

কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ;

এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়,

ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।

7জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে,

আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে;

যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে,

সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।

যুৱতীৰ ককায়েকসকলৰ কথা;

8আমাৰ এজনী সৰু ভনী আছে,

তাইৰ আজিলৈকে বুকু উঠা নাই;

যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব,

আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?

9তাইৰ বুকু যদি এক প্রাচীৰ হয়,

তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম।

তাই যদি এক দুৱাৰ হয়,

তেন্তে আমি এৰচ কাঠৰ তক্তাৰে

তাক অলঙ্কৃত কৰি ৰাখিম।

ককায়েকসকললৈ যুৱতীৰ কথা:

10মই মোৰ প্রিয় দৃষ্টিত

মই সম্পূর্ণ পৰিপক্ক,

সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত8:10 মই এক প্রাচীৰ আছিলোঁ, কিন্তু এতিয়া মোৰ বক্ষযুগল মিনাৰৰ কোঁঠৰ নিচিনা, সেয়ে, মই সম্পূর্ণকৈ তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছো।

11বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে;

তেওঁ তাক চোৱা-চিতা কৰিবলৈ

কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল।

তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে

এক এক হাজাৰ চেকল8:11 এক চেকল হ’ল, সেই সময়ত এজন গাৱঁলীয়া কর্মীৰ এদিনৰ হাজিৰা। ৰূপ দিবলগীয়া হৈছিল।

12মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে,

হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই

আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে,

যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।

প্রিয়ৰ কথা:

13হে উদ্যানবাসিনী,

তোমাৰ লগৰীয়া কেইজনে

তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে;

তাক মোকো শুনিবলৈ দিয়া।

প্রিয়াৰ কথা:

14হে মোৰ প্ৰিয়,

শীঘ্ৰে আহা,

সুগন্ধময় পাহাৰৰ ওপৰত

তুমি কৃষ্ণসাৰৰ দৰে হোৱা;

অথবা যুবা হৰিণৰ সদৃশ হোৱা।