ৰোমীয়াসকলৰ প্ৰতি পত্ৰ
গ্রন্থ ৰচয়িতা
ৰোমীয় 1:1 নির্দেশ কৰে যে, পৌলে ৰোমীয়সকলৰ ওচৰলৈ যিখন চিঠি লিখিছিল, সেইখন চিঠি তেওঁ নিৰো ৰোমৰ সম্রাট হোৱাৰ তিনি বছৰ পাছত কৰিন্থ আৰু গ্ৰীক চহৰত থকাৰ পাছত তাৰ পৰা ৰোমীয়সকললৈ লিখিছিল। তেতিয়া 16 বছৰ বয়সীয়া নিৰোৱে ৰোমৰ সম্রাট হিচাপে সিংহাসনত আৰোহণ কৰিছিল। প্রখ্যাত গ্রীক নগৰীও আছিল যৌন অনৈতিকতা আৰু মূর্তি পূজাৰ এক উর্বৰ ভুমি। গতিকে যেতিয়া পৌলে ৰোমীয়সকললৈ মানৱতাৰ পাপৰ কথা লিখিছিল অথবা অলৌকিকভাবে জীয়াই থকা আৰু সম্পূর্ণৰূপে পৰিৱর্তন কৰাৰ কাৰণে ঈশ্বৰৰ অনুগ্রহৰ শক্তিক তেওঁ যে কৈছিল, সেই কথা তেওঁ জানিছিল। পৌলৰ মূল প্রান্তৰেখাবোৰে প্রাথমিক খ্রীষ্টিয়ান শুভবার্তাৰ সমূহৰ মূল বিষয়বোৰক স্পর্শ কৰে: ঈশ্বৰৰ পবিত্রতা, মানুহৰ পাপ, আৰু যীচু খ্রীষ্টৰ দ্বাৰা সঞ্চিত অনুগ্রহৰ দান।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 57 খ্রীষ্টাব্দত কৰিন্থৰ পৰা।
লিখাৰ বাবে মূল স্থান হয়তো ৰোম হ’ব পাৰে।
প্রাপক
সমগ্র ৰোমত যিসকলে ঈশ্বৰক ভাল পায় আৰু সেই লিখকসকলকে পবিত্র লোক বুলি কোৱা হয়, অর্থাৎ এই লোকসকল ৰোম নগৰৰ মণ্ডলীৰ সদস্য আছিল (ৰোমীয় 1:7), ই আছিল ৰোমান সাম্রাজ্যৰ ৰাজধানী।
উদ্দেশ্য
ৰোমীয়সকললৈ লিখা এই চিঠিখন এক পৰিষ্কাৰ মতবাদ আৰু সকলোতকৈ পদ্ধতিগতভাবে ইয়াত খ্রীষ্টিয়ান বিধান উপস্থাপন কৰা হৈছে। পৌলৰ দ্বাৰা আৰম্ভণিতে ইয়াত সমস্ত মানৱজাতিৰ পাপৰ কথা আলোচনা কৰা হৈছে। ঈশ্বৰৰ বিৰুদ্ধে কৰা বিদ্রোহে আমাক দণ্ডিত কৰিছে। যি হওক, ঈশ্বৰে তেওঁৰ অনুগ্রহ তেওঁৰ পুত্র যীচুত বিশ্বাস কৰাৰ দ্বাৰা আমালৈ প্রকাশ কৰে। যেতিয়া আমি ঈশ্বৰৰ দ্বাৰা সমর্থনযোগ্য হওঁ, তেতিয়া আমি উদ্ধাৰ, অথবা মুক্তি পাওঁ, কাৰণ খ্রীষ্টৰ তেজে আমাৰ পাপ ঢাকে। এই বিষয় সমূহৰ ভিতৰত পৌলৰ উপস্থাপন এক যুক্তিগত উপস্থাপন আৰু ই হ’ল কিদৰে এজন ব্যক্তিয়ে শাস্তিৰ পৰা আৰু তেওঁৰ পাপৰ শক্তিৰ পৰা ৰক্ষা পায়, সেই সম্পর্কে এক সম্পূর্ণ উপস্থাপনা।
মূল বিষয়
ঈশ্বৰৰ ধার্মিকতা।
প্রান্তৰেখা
1. পাপৰ দণ্ড আৰু ধার্মিকতাৰ প্রয়োজনীয়তাৰ দলিল — 1:18-3:20
2. ধার্মিকতাই আৰোপিত কৰে, ন্যায় — 3:21-5:21
3. ধার্মিকতাই প্রদান কৰে শুদ্ধিকৰণ — 6:1-8:39
4. ইস্রায়েলৰ বাবে স্বর্গীয় ব্যৱস্থা — 9:1-11:36
5. পবিত্রতা সম্পাদনৰ অনুশীলন — 12:1-15:13
6. উপসংহাৰ: ব্যক্তিগত বার্তা — 15:14-16:27
1মঙ্গলাচৰণ আৰু আভাস
1মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি; 2যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল, 3সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
4তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷ 5তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;1:5 1 কৰি 15:10; ইফি 3:8৷6সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত1:6 ৰো 8:30; প্ৰ 17:14৷ লোক৷
7ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
8প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷ 9কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি, 10মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷ 12আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷ 14গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷ 15এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
16কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।1:16 1 কৰি 1:18৷17কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা1:17 ৰো 10:3, 4; ফিলি 3:9৷ বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”1:17 হব 2:4; গাল 3:11; ইব্ৰী 10:38৷
দেৱপুজক সকলৰ পাপ-অৱস্থা
18যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়; 19কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।
20কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য1:20 গীত 19:1-3৷ হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; 21কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
22নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল; 23আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
24এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে।1:24 গীত 81:12; ইফি 4:18, 19৷25তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
26এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে; 27সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।1:27 1 কৰি 6:9, 10; যিহূ 7 পদ৷
28তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
29তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ; 30তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ 31তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷
32আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
2ইহুদী আদি কৰি মনুষ্য মাত্ৰেই পাপ-অৱস্থা
1হে লোকৰ সোধ-বিচাৰ কৰা মানুহ, এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব, কিয়নো যি কথাত আপোনালোকে লোকৰ সোধ-বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে; কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক, আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে। 2আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।
3কিন্তু বিবেচনা কৰকচোন, আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি, ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে? 4নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
5কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ2:5 2 থি 1:6-8৷ নিজৰ বাবে ক্ৰোধ সাঁচিছে। 6তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব;2:6 গীত 62:12; যিৰি 17:10; মথি 16:27; 2 কৰি 5:10; প্ৰ 22:12৷7যি সকলে সৎকৰ্মত ধৈৰ্য ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
8কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব; 9তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷
10কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব; 11কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷ 12সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব2:12 লূক 12:47, 48৷ আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।
13কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয়, কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হ’ব; 14কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।
15এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে, 16আৰু যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধ-বিচাৰ কৰিব, 2:16 মথি 25:31; যো 5:12; পাঁ 10:42; 2 তী 4:1৷ সেইদিনা এনে ঘটিব৷
17আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক, 18আৰু বিধানৰ পৰা শিক্ষা পোৱাত, তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হ’লে সেইবোৰক পৰীক্ষা কৰক; 19নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক, 20অজ্ঞানক জ্ঞান দিওঁতা, শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷
21তেনেহলে হে লোকক শিক্ষা দিওঁতা, অাপুনি নিজকে শিক্ষা নিদিয়ে নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, আপুনি চুৰ নকৰে নে? 22হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, আপুনি ব্যভিচাৰ নকৰে নে? হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন, মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে?
23হে বিধানত গৌৰৱ কৰা জন, আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে? 24কিয়নো “ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনা-ইহুদী সকলৰ মাজত নিন্দিত হৈছে,” ঠিক এনেদৰে লিখাও আছে৷2:24 যিহি 36:23৷
25কাৰণ আপুনি যদি বিধান পালন কৰে, তেনেহলে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয়; কিন্তু আপুনি যদি বিধান-উলঙ্ঘনকাৰী হয়, তেনেহলে আপুনি চুন্নৎ নোহোৱাৰ সমান হ’ল। 26এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে, তেনেহলে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহ’ব নে? 27আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
28কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;2:28 মথি 3:9; যো 8:39; ৰো 9:6, 7; গাল 6:15৷29কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ;2:29 দ্ৱি বি 30:6; ফিলি 3:3; কল 2:11৷ তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
31তেনেহ’লে ইহুদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি? 2সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷
3কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে? 4কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, 3:4 গীত 51:4৷
“তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা,
আৰু সকলো বিচাৰত জয়ী হ’বা।”
5কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷ 6এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধ-বিচাৰ কৰিব?
7কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়? 8“ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।
9তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধীন৷ 10এই বিষয়ে লিখাও আছে, 3:10 গীত 14:1-3৷
“ধাৰ্মিক কোনো নাই; এজনো নাই৷
11বিবেচক কোনো নাই৷
ঈশ্বৰক বিচৰাও কোনো নাই৷
12সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল;
সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা3:13 গীত 5:9৷৷
সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷
সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে3:13 গীত 140:3৷৷
14সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ3:14 গীত 10:7৷৷
15সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী3:15 যিচ 59:7, 8৷৷
16সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17সিহঁতে শান্তিৰ পথ নাজানিলে৷
18সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই3:18 গীত 36:1৷৷”
19আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷ 20কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব;3:20 গীত 143:2; গাল 2:16; 3:11; ইফি 2:8, 9; তীত 3:5৷ কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।3:20 ৰো 7:7৷
যীচু খ্ৰীষ্টত বিশ্বাস কৰা সকলৰ ধাৰ্মিকতা লাভ
21কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে; 22ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷3:22 ৰো 10:12; কল 3:11৷
23কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল, 24কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।3:24 ইফি 2:8; তীত 3:5-7৷
25কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷ 26তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷
27তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে। 28এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে, বিধানৰ কৰ্মৰ দ্বাৰা নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়3:28 পাঁ 13:39; ৰো 8:3, 4; গাল 2:16৷৷
29ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷ 30প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব।
31তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।
4অব্ৰাহামৰ বৃত্তান্ত
1তেনেহলে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম? 2কিয়নো অব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল, তেনেহলে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল; কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল। 3কাৰণ ধৰ্মশাস্ত্ৰই কি কৈছে?4:3 আ 15:5, 6; যাক 2:23৷ অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।
4কৰ্মকাৰীৰ বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয়, কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয়। 5কিন্তু যি জন কৰ্মকাৰী নহয় কিন্তু অধাৰ্মিক সকলক ধাৰ্মিক বুলি গণিত কৰা জনক বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয়।
6এইদৰে দায়ুদেও কৈছিল, ‘সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয়’, 7এই বিষয়ে কোৱা আছে, 4:7 গীত 32:1, 2৷ বোলে-
“যি সকলৰ অধৰ্ম ক্ষমা কৰা হ’ল,
আৰু যি সকলৰ পাপ ঢকা হ’ল, তেওঁলোক ধন্য;
8যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য।”
9তেনেহলে সেই ধন্যবাদ কেৱল চুন্নৎ হোৱা সকললৈ নে, নে কেৱল অচুন্নৎ সকললৈ হয়? কিয়নো আমি কওঁ, “অব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল;” 10তেনেহলে কি ধৰণে গণিত হ’ল? তেওঁ চুন্নৎ হোৱা অৱস্থাত, নে চুন্নৎ নোহোৱা অৱস্থাত? চুন্নৎ হোৱা অৱস্থাত নহয় কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হ’ল।
11চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল, তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল, যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয়4:11 গাল 3:7৷ আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয়; 12আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয় কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল, সেই লোক সকলেও যদি অব্ৰাহামৰ বিশ্বাসৰ পথত চলে তেনেহলে তেওঁলোকো অব্ৰাহামৰ সন্তান৷
13কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হ’ব, সেয়ে বিধানৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷ 14কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয়, তেনেহলে বিশ্বাস ব্যৰ্থ হ’ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ’ল; 15কিয়নো বিধানে ক্ৰোধ সাধন কৰায়;4:15 ৰো 3:20; 5:20; গাল 3:10৷ কিন্তু য’ত বিধান নাই, তাত উলঙ্ঘনো নাই।
16এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হবলৈ তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হব লাগিব; আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয় কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হব; যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ 17আৰু যি দৰে লিখা আছে, 4:17 আ 17:5৷ মই তোমাক অনেক জাতিৰ আদিপিতৃ পাতিলো ৷ আব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি, তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰে আৰু জড়ক জীৱলৈ সম্বোধন কৰে৷
18“আৰু তোমাৰ বংশ এইদৰে হ’ব,”4:18 আ 15:5৷ এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হ’বলৈ, আশা নোহোৱাতো, তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে; 19আৰু বিশ্বাসত দূৰ্বল নহৈ, নিজৰ প্ৰায় এশ বছৰ বয়সৰ শৰীৰক আৰু চাৰাৰ গর্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও, 20ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ’ল।
21ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷ 22এই কাৰণে সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল।
23তেওঁলৈ গণিত হ’ল বুলি যে, কেৱল তেওঁৰ উপকাৰৰ বিষয়ে লিখা হ’ল, এনে নহয়; 24কিন্তু আমাৰ বাবেও লিখা হ’ল আৰু আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনক বিশ্বাস কৰা যি আমি, আমালৈকো গণিত হ’ব। 25সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল;4:25 যিচ 53:5, 6; 2 কৰি 5:21; ইব্ৰী 9:28; 1 পি 2:24৷ আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল।4:25 1 পি 1:21৷
51এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। 2তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ5:2 যো 14:6; ইফি 2:18; 3:12; ইব্ৰী 10:19, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
3অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ5:3 যাক 1:2, 3, 12; 1 পি 3:14৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ 4ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ 5সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
6কিয়নো ইতিপূৰ্বে যেতিয়া আমি দূৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে। 7ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে; সৎলোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনো জনৰ সাহস থাকিব পাৰে।
8কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ5:8 1 যো 4:9, 10; প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। 9এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম5:9 ৰো 8:32।
10কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম; 11অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।
আদমৰ লগত খ্ৰীষ্টৰ তুলনা
12এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ’ল৷ 13কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু য’ত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়।
14তথাপি যি সকলে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল; সেই আদম আহিবলগীয়া জনৰ5:14 1 কৰি 15:22, 45 প্ৰতিৰূপ আছিল।
15কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ’ল, তেনেহলে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান, সেয়ে যীচু খ্ৰীষ্টত অনেকলৈ উপচি পৰিল5:15 যিচ 53:11; মথি 26:28।
16পাপ কৰা এজনৰ দ্বাৰাই যেনে হ’ল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ’ল; কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 17কাৰণ এজনৰ অপৰাধত যদি, এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেই জন যীচু খ্ৰীষ্ট।
18এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ’ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 19কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
20ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল5:20 তীত 3:3-7। 21সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷
6বিশ্বাসৰ ফল ধৰ্মাচৰণ
1তেনেহলে আমি কি ক’ম? অনুগ্ৰহ অধিক হ’বলৈ পাপ কৰি থাকিম নে? 2এনে নহওক। পাপৰ সম্বন্ধে মৰা যি আমি, আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম? 3নতুবা, আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হ’লো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ’লো, ইয়াক আপোনালোকে নাজানা নে কি?
4এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁ6:4 কল 2:12। 5কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷
6আমি যেন পুণৰ পাপৰ সেৱক নহওঁ, এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হ’বৰ বাবে, আমাৰ পুৰণি পুৰুষক6:6 ইফি 4:22-24; কল 3:5-9 তেওঁৰ সৈতে ক্ৰুচত দিয়া হ’ল, ইয়াক আমি জানো; 7কিয়নো যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ’ল।
8কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ, তেনেহলে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ’ম6:8 যো 14:19; 2 তীম 2:11, সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷ 9কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো।
10কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। 11সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক6:11 গালা 2:19।
12এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷ 13নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক। 14কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব6:14 গালা 5:18; 1 যো 3:8, 9; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
15তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক। 16মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
17কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক। 18আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস।
19আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক। 20কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল। 21তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।
22কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। 23কিয়নো পাপৰ বেচ মৃত্যু6:23 আদি 2:17; ৰো 5:12; যাক 1:15; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।
7যীচুৰ যোগে ব্যৱস্থাৰ পৰা মুক্তি পোৱা যায়৷
1হে ভাই সকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছোঁ
2কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। 3এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।
4সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ7:4 গালা 5:22, 23; ফিলি 1:11, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল। 5কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ7:5 গালা 5:16, 19-26; যাক 1:15, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
6কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।
ব্যৱস্থাৱলম্বী লোকৰ দুৰ্ভাগ্য
7তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷ 8কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
9পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ। 10দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷
11কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে। 12এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
13তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল। 14কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।
15কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ7:15 গালা 5:17। 16কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।
17কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। 18কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷7:18 হিতো 20:9; যিচ 64:6; যিৰি 17:9 ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
19কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ। 20কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। 21এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
22কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; 23কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
24হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? 25আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
8ঐশ্বৰিক অনুগ্ৰহ পোৱা লোকৰ সৌভাগ্য
1এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। 2কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
3বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হ’বলৈ, পাপময় মাংসৰ সাদৃশ্যেৰে8:3 গালা 4:4, 5; ফিলি 2:6-8 পঠিয়ালে, আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷ 4তেওঁ সেইটোৱে কৰিলে, যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়; সেয়েহে আমি মাংসিকৰ দৰে নহয়, কিন্তু আত্মা অনুসাৰে চলোঁ8:4 গালা 5:16-25 আহক৷ 5কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে; কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে।
6কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, 7কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা;8:7 কল 1:21; যাক 4:4 কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ’বও নোৱাৰে৷ 8যি সকলে মাংসৰ বশত আছে, তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে।
9যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়। 10যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
11যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।
12এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। 13কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা8:13 কল 3:5-10 হয়, তেনেহলে আপোনালোক জীৱ।
14কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। 15সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।
16আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। 17আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।8:17 গালা 4:7; ইফি 1:11; 2 তীম 2:11, 12; 1 পি 1:3, 4
18কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। 19কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে।
20কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, 8:20 আদি 3:17, 18; যিৰি 12:4 এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে, 21সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব। 22কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো।
23অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ। 24কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে? 25কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
26সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷8:26 ইফি 2:18; 6:18 কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে। 27আত্মাৰ ভাব কি, সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে।
28আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, 8:28 2 তীম 1:9; 1 পি 5:10 তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। 29কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, 8:29 ৰো 6:4-8; ফিলি 3:10, 21; 1 যো 3:2 আগেয়ে নিৰূপণো কৰিলে; 30আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে; আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিতো কৰিলে।
31তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে? 32যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
33ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা। 34দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।8:34 ইব্ৰী 7:25; 1 যো 2:1, 2
35খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে?8:35 যো 10:27, 28 ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? 36এই বিষয়ে লিখাও আছে, 8:36 গীত 44:29
“আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷
কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”
37তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।8:37 1 কৰি 15:57; 1 যো 5:4, 538কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, 39ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
9ইস্ৰায়েলৰ পতনত ঈশ্বৰৰ দোষ নাই
1মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে, 2মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।
3কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।9:3 যা 32:324তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, 9:4 যা 4:22 ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷ 5ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন।
6কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷ 7তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷”9:7 আ 21:12
8এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷ 9কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই9:9 আ 18:14; গালা 4:23, 28: এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব।
10অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত, 11সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে9:11 ৰো 11:5-7; 2 তী 1:9; তীত 3:5 হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ, 12তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।” 13এই বিষয়ে লিখাও আছে:9:13 মলা 1:2, 3 “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
14তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক। 15কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।”9:15 যা 33:1916এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।
17কিয়নো ধৰ্মশাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ’বৰ বাবে, মই তোমাক তুলিলোঁ।”9:17 যা 9:1618এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
19তেতিয়া আপুনি মোক ক’ব, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?” 20হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে? 21একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?9:21 যিচ 45:9; 64:8; যিৰি 18:6
22ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, 9:22 2 পি 3:923আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে, 24তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। 25সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে:9:25 হো 1:10; 2:23; 1 পি 2:10
“যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি,
আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম।
26আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল,
তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ’ব।”
27কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, 9:27 যিচ 10:22, 23 “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷ 28কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব। 29এই বিষয়ে যিচয়া আগেয়ে কৈছিল, 9:29 যিচ 1:9
“বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে,
আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন
আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।
নিজৰ দোষত ইস্ৰায়েলৰ পতন
30তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে; 31কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধান নাপালে।
32কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে; 33এই বিষয়ে লিখাও আছে, 9:33 যিচ 8:14; 28:16
“চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম।
তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”
101হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।10:1 লূক 19:41, 422ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়। 3কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, 10:3 লূক 18:9-14 ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
4কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷10:4 মথি 5:17; গালা 3:245কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব।
6কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, 10:6 দ্বি বি 30:11-14 “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ 7বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷”
8কিন্তু ই কি কয়?
“সেই বাক্য তোমাৰ ওচৰত,
তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷”
সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷ 9কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে10:9 মথি 10:32, 33 আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব। 10কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
11কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, 10:11 যিচ 28:16; 49:23 “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” 12কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ 13কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।10:13 যোৱে 2:32
14এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? 15আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, 10:15যিচ 52:7 “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
16কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, 10:16 যিচ 53:1; যো 12:37, 38 “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?” 17এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়।
18কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷
তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ,
আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”10:18 গীত 19:4
19তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, 10:19 দ্বি বি 32:21
“নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷
নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷”
20আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, 10:20 যিচ 65:1, 2
“যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷
যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷”
21কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”
11পতিত ইস্ৰায়েলে শেষত পৰিত্ৰাণ পাব
1তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া। 2ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল?11:2 1 ৰা 19:10-18 তেওঁ কৈছিল, 3“হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
4কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।” 5এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
6কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে। 7তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল। 8এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
9আৰু দায়ুদেও কৈছে, 11:9 গীত 69:22, 23
“সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ
আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
10সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷”
আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
11তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল। 12পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
13এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ; 14কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
15কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে? 16যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
17কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল, 18তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
19ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।” 20সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷11:20 ফিলি 2:12; 1 পি 5:521কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
22এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
23যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম। 24কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
25কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
26এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে:11:26 যিচ 45:17; 54:7, 8; 59:20, 21; যিৰি 31:31-34; হো 3:5
চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব;
তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব,
তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
28এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ। 29কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
30কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে, 31তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল; 32কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে।
33ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
34“কিয়নো প্ৰভুৰ মন কোনে জানিলে?
আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
35নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে
যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
36কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
12ধৰ্মাচৰণ কৰাৰ বিষয়ে নানা বিধান
1এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। 2আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
3কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
4কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, 5তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।12:5 1 কৰি 12:12-18;
6কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷12:6 1 পি 4:10-12 সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ 7যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷ 8উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।12:8 2 কৰি 9:7
9প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷ 10ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷12:10 ফিলি 2:3
11যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷ 12আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক;12:12 ৰো 5:3-5; ইব্ৰী 12:1, 2; যাক 1:2-4; 1ম পি 2:19, 20 প্ৰাৰ্থনাত লাগি থাকক;12:12 লূক 18:1; কল 4:213পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
14যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।12:14 লূক 6:28; 1 কৰি 4:12; 1 পি 2:23; 3:915যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক। 16আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক12:16 ফিলি 2:3-7৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
17অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷ 18যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
19হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, 12:19 দ্বি বি 32:45 প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা;
যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা;
তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।12:20 হিতো 25:21, 22
21কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।12:21 হিতো 16:32; লূক 6:35, 36
13ৰজা আৰু মনুষ্য-সমাজৰ প্ৰতি কৰ্ত্তব্য
1প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তা সকলৰ13:1 মথি 22:21; তীত 3:1৷ বশীভূত হওক; কিয়নো ঈশ্বৰৰ পৰা নাহিলে, কোনোৱে কতৃত্ব নাপায়; আৰু যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। 2এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
3কিয়নো শাসনকৰ্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? তেনেহলে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব; 4কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। 5এই কাৰণে বশীভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয়; বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হ’ব লাগে।
6আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক; কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ, সেই কৰ্মতেই লাগি থাকে। 7যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
8পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।13:8 গাল 5:14; যাক 2:8৷9কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷” 10প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে; এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়।
11এই কাৰণে আপোনালোকে এই কাল জানে যে, এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ’ল;13:11 1 থি 5:4-8; 1 পি 4:7, 8৷ কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ, তেতিয়াতকৈ এতিয়া পৰিত্রাণ আমাৰ ওচৰ হ’ল। 12ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।13:12 ইফি 5:11; 6:13-18৷
13ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।13:13 গাল 6:8; 1 পি 2:11৷14কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।
14বিশ্বাসত দূৰ্বল ভাই সকলৰ প্ৰতি কৰ্ত্তব্য
1যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়। 2কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
3যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। 4অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
5কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক। 6যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
7কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো। 8কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।14:8 ফিলি 1:20-23৷9কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
10কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।14:10 পাঁ 17:31৷11কাৰণ এনেকৈ লিখা আছে, 14:11 যিচ 45:23৷ প্ৰভুৱে কৈছে,
“মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব,
আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”
12এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
13এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।14:13 1 কৰি 8:8-13; 10:32; যাক 4:11, 12৷
14স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়। 15কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।14:15 1 কৰি 8:10, 11৷
16এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব; 17কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়;14:17 1 কৰি 8:8; ইব্ৰী 13:9৷ কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
18কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ। 19এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
20খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। 21মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।14:21 1 কৰি 8:8-13৷
22আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য। 23কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।
151কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত। 2আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।15:2 1 কৰি 10:24; ফিলি 2:4, 5৷
3কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেদৰে লিখা আছে, বোলে, “তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল”, ঠিক সেইদৰে হ’ল; 4কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, 15:4 গীত 69:9৷ সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
5এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক; 6এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
ইহুদী আৰু অনা-ইহুদী সকলৰ প্ৰতি যীচুৰ প্ৰেম
7এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে, যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে, তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক।
8কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল। 9আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, 15:9 গীত 18:49৷
“এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম;
আৰু তোমাৰ নামেৰে গীতো গাম।”
10আকৌ কৈছে, 15:10 দ্ৱি বি 32:43৷
“হে অনা-ইহুদী সকল, তেওঁলোকৰ সৈতে আনন্দ কৰা।”
11আকৌ, 15:11 গীত 117:1৷
“প্ৰভুৰ প্ৰশংসা কৰা, হে সকলো অনা-ইহুদী
আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰক।”
12আকৌ যিচয়ায়ো কৈছে, 15:12 যিচ 11:1, 10৷
“যিচয়ৰ পৰা এনে এটি গজালি 15:12 গজালি যিচয়ৰ বংশৰ কোনো এজন লোক৷ওলাব,
যি জনে অনা-ইহুদী সকলৰ ওপৰত শাসন কৰিবলৈ উঠিব,
আৰু তেওঁত অনা-ইহুদী লোক সকলে ভাৰসা কৰিব।”
13এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
নিজৰ বিষয়ে পৌলৰ নানা কথা আৰু মঙ্গলবাদ
14হে মোৰ ভাই সকল, আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে, আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে।
15কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে, আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছুমান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷ 16অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
17এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে, খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে। 18কিয়নো মই যে কোনো কাম কৰিছোঁ, এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনা-ইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে, ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰোঁ৷ 19তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
20এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ৷ 21যেনেকৈ লিখা আছে, 15:21 যিচ 52:15৷ বোলে,
“যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই, তেওঁলোকে দেখিব,
আৰু যি সকলে শুনা নাই, তেওঁলোকে বুজিব৷”
22এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেকবাৰ বাধা পালোঁ; 23কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই, আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷
24যেতিয়া মই স্পেইন দেশলৈ যাত্ৰা কৰিম, মই আশা কৰোঁ যে, মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ, পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হ’ম৷ 25কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ।
26কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে, কিছু দান কৰিবলৈ ভাল দেখিলে।15:26 2 কৰি 8:1-4৷27হয়, তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনা-ইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হ’ল, তেনেহলে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হ’ল।15:27 1 কৰি 9:11; গাল 6;6৷
28এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম, অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত, মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম। 29আৰু মই জানো যে, আপোনালোকৰ ওচৰলৈ যাওঁতে, খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম।
30হে ভাই সকল, মই অনুৰোধ কৰোঁ, প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক; 31যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা, সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷ 32আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ, আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷
33শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক। আমেন।
161মই আপোনালোকক নিবেদন কৰিছোঁ যে, কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক, 2আপোনালোকে পবিত্ৰ লোক সকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে, তেনেহলে সাহায্য কৰিব; কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল।
3খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিব; 4তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল; মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয়, অনা-ইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে; 5আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিব।
6যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব। 7মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব। 8প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব।
9খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব। 10খ্ৰীষ্টত পৰীক্ষাসিদ্ধ, আপিল্লিক মঙ্গলবাদ দিব। আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিব। 11মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিব। নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে, তেওঁলোকক মঙ্গলবাদ দিব। 12প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব। যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে, তেওঁক মঙ্গলবাদ দিব। 13প্ৰভুত মনোনীত ৰূফক, আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিব। 14অচুঙ্কৃত, ফ্লিগোন, হৰ্ম্মা, পাত্ৰোবা, হৰ্ম্মি, আৰু এওঁলোকৰ লগৰ ভাই সকলক মঙ্গলবাদ দিব।
15ফিললগ, যুলিয়া, নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প, এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিব। 16আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব। খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে।
17হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷16:17 2 থি 3:6, 14৷18কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
19কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা। 20আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব।16:20 আ 3:15; প্ৰ 12:9, 10৷ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
21মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া, যাচোন আৰু চোচিপাত্ৰ, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে। 22আৰু এই পত্ৰ লিখক যি মই, তৰ্ত্তিয়ই, প্ৰভুত আপোনালোকক মঙ্গলবাদ কৰিছোঁ।
23মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মঙ্গলবাদ কৰিছে। এই নগৰৰ ভঁৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে আপোনালোকক মঙ্গলবাদ কৰিছে। 2416:24 কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকললৈ হওক৷
25এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্রচাৰ কৰিলোঁ, সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷ 26সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হ’ল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনা-ইহুদী লোকৰ আগত জনোৱা হ’ল৷ 27যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ, যীচু খ্ৰীষ্টৰ দ্বাৰাই, তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।