গীতমালা

গ্রন্থ ৰচয়িতা

গীতমালা, গীতৰ কথাৰ সংকলন, এইখন পুৰণি নিয়মৰ এখন পুস্তক হিচাপে পৰিচিত, এই পুস্তক খনে নিজৰ পৰিচয় দিওঁতে বিভন্ন লিখকৰ ৰচনাৰ এক সংকলন বুলি কয়; এই পুস্তক খন একাধিক লিখকৰ দ্বাৰা ৰচনা। ইয়াৰে দায়ুদে লিখিছে 73 টা গীত, আচাফে লিখিছে 12 টা গীত, কোৰহ আৰু তেওঁৰ সন্তানসকলে লিখা 9 টা গীত, চলোমনে লিখা 3 টা গীত, এইখন আৰু মোচিয়ে লিখিছে একোটাকৈ গীত (গীত 90), আৰু ইয়াৰে 51 ৰ গীতৰ ৰচক অজ্ঞাত। চলোমন আৰু মোচিৰ ব্যতিক্রম সহ, এই অতিৰিক্ত লিখকসকল আছিল পুৰোহিত বা লেবীয়াসকল, যিসকলে দায়ুদৰ শাসনকালত উপাসনাৰ সময়ত সঙ্গীত সংগত কৰাৰ বাবে দায়িত্বত লৈছিল।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 1440-430 খ্রীষ্টপূর্বৰ মাজভাগত।

ইতিহাসৰ বহু ভিন্ন সময়ত ব্যক্তিগত গীতমালাৰ গীত সমূহ লিখা, যেনে মোচিৰ সময়ত লিখা; দায়ুদৰ যোগেদি, আচাফ, আৰু চলোমনৰ যোগেদি লিখা, সম্ভব্য বেবিলনৰ নির্বাসনৰ পাছত ইজ্রাৰ সময়ত লিখা, অর্থাৎ এই পুস্তকৰ গীত সমূহ প্রায় এক হাজাৰ বছৰ বিয়পি থকা এটা বৃহৎ সময়ত লিখা।

প্রাপক

ইস্রায়েলৰ জাতি, তেওঁলোকৰ কাৰণে ঈশ্বৰৰ পক্ষৰ পৰা যি কৰিছিল, সেয়া স্মৰণ কৰি দিয়াৰ দৰে, আৰু ইতিহাসজুৰি বিশ্বাসীসকলৰ বাবে উপদেশ।

উদ্দেশ্য

গীতমালাই এনে কিছুমান বিষয়ৰ সৈতে সংযোগ কৰে, যেনে ঈশ্বৰ আৰু তেওঁৰ সৃষ্টি, যুদ্ধ, আৰাধনা, প্রজ্ঞা, পাপ আৰু চয়তান, ন্যায় বিচাৰ, ন্যায়, আৰু আহিবলগীয়া মছীহৰ বিষয়ে। বহু পৃষ্ঠাজুৰি গীতমালাই ইয়াৰ পাঠকসকলক ঈশ্বৰক প্রশংসা কৰিবৰ বাবে উৎসাহ প্রদান কৰে, কিয়নো তেওঁ যি হয় আৰু তেওঁ তাকে কৰে। “গীতমালা” ই আমাৰ ঈশ্বৰৰ মহত্বক উদ্ভাসিত কৰি দিয়ে, আমাৰ সমস্যাৰ সময়ত তেওঁৰ বিশ্বাসযোগ্যতাক নিশ্চিতকৰি দিয়ে, আৰু তেওঁৰ বাক্যৰ কেন্দ্রীয় কথাক স্মৰণ কৰাই দিয়ে।

মূল বিষয়

প্রশংসা।

প্রান্তৰেখা

1. মছীহৰ পুস্তক — 1:1-41:13

2. বাসনাৰ পুস্তক — 42:1-72:20

3. ইস্রায়েলৰ পুস্তক — 73:1-89:52

4. ঈশ্বৰৰ নিয়ম-নীতিৰ পুস্তক — 90:1-106:48

5. প্রশংসাৰ পুস্তক — 107:1-150:6

1

1ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,

পাপীবিলাকৰ পথত থিয় নহয়,

নিন্দকবোৰৰ সমাবেশত নবহে;

2কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,

আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।

3সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,

যি গছে বতৰত ফল দিয়ে,

আৰু যাৰ পাত জঁয় নপৰে;

সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।

4দুষ্টবোৰ তেনেকুৱা নহয়;

সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।

5এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,

আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।

6কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,

কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।

2

1কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে?

কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?

2যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে,

শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;

3তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ,

আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”

4যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে;

যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে।

5তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব,

তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব।

6যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন2:6 ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”

7ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম;

যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।

8তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম,

পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।

9লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা;

কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”

10গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা;

হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।

11ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন2:11 কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। কৰা।

12তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা2:12 কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব,

তোমালোক নিজৰ পথতে বিনষ্ট হবা;

কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে।

ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।

3

পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে!

মোৰ বিৰুদ্ধে অনেকেই উঠিছে!

2অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায়3:2 উদ্ধাৰ নকৰে।” (চেলা3:2 ‘চেলা’ শব্দটো গীতমালাৰ 71 ঠাইত উল্লেখ আছে, ই গীতৰ মাজৰ বিৰতিক নির্দেশ কৰে।)

3কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা;

তুমিয়েই মোৰ গৌৰৱ;

তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।

4মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো;

তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)

5মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ;

কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।

6মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে,

কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।

7হে যিহোৱা উঠি আহাঁ!

হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা;

তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা;

দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।

8পৰিত্ৰাণ3:8 বিজয় যিহোৱাতে আছে;

তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)

4

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।

1হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো,

তেতিয়া তুমি মোক উত্তৰ দিয়া।

বিপদে যেতিয়া মোক হেঁচি ধৰিলে,

কিন্তু তুমিয়ে মোক বহল ঠাই দিলা;

মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।

2হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা?

কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি

অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।

3কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক

তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে।

মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।

4তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা;

নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।

5তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।

6অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!”

হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।

7প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,

তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।

8মই শান্তিৰে শুই টোপনি যাম।

কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।

5

প্ৰধান বাদ্যকৰৰ নিমিত্তে: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।

2হে মোৰ ৰজা, মোৰ ঈশ্বৰ,

তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা;

কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।

3হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা;

ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন5:3 বলিদান উৎসর্গ কৰি উৎসৰ্গ কৰি বাট চাই থাকো।

4তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা;

দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।

5যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব;

সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।

6যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা;

যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।

7কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি

তোমাৰ গৃহত সোমাম,

মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই

মোৰ মূৰ নত কৰিম।

8হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে

তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া;

তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।

9মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই।

সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে।

সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম,

সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।

10হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া;

সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক।

সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া;

কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।

11কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক;

তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক,

তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা

যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।

12কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা;

তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।

6

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা;

তোমাৰ ক্রোধত মোক শাসন নকৰিবা।

2হে যিহোৱা, মোক কৃপা কৰা,

কিয়নো মই দুর্বল;

হে যিহোৱা মোক সুস্থ কৰা,

কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।

3মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে;

হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?

4হে যিহোৱা, মোলৈ ঘূৰি চোৱা,

মোৰ প্ৰাণ ৰক্ষা কৰা;

তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।

5মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;

চিয়োলত6:5 চিয়োলত মৈদাম কোনে তোমাৰ প্ৰশংসা কৰিব?

6মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;

গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও;

মোৰ বিচনা তিতি যায়।

7দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;

শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।

8হে দুষ্ট কার্য কৰা লোকবিলাক,

তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;

কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।

9যিহোৱাই মোৰ নিবেদন শুনিলে;

তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।

10মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;

সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।

7

বিন্যামীনীয়া কুচৰ নিমিত্তে: যিহোৱাৰ উদ্দেশ্যে দায়ুদে গোৱা চিগগায়োন নামৰ গীত।

1হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ!

মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।

2নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব,

সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।

3হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ,

যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,

4যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ,

বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,

5তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক,

সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক,

মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)

6হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা,

মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা,

মোৰ অৰ্থে তুমি সাৰ পোৱা;

হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।

7সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক;

তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।

8যিহোৱাই লোকসকলৰ বিচাৰ কৰে;

হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে

তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।

9হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা;

তুমি দুষ্টৰ দুষ্টতা শেষ কৰা,

কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।

10ঈশ্বৰ মোৰ ঢাল;

যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।

11ঈশ্বৰ এজন ন্যায়বিচাৰক,

তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।

12কোনোৱে যদি মন পালটন নকৰে,

তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব;

তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।

13তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে;

নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।

14ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে;

সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে

আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।

15তেওঁলোকে মাটি খান্দি দ গাত কৰে,

আৰু নিজেই খন্দা গাতত নিজে পৰে।

16তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে,

তেওঁলোকে যি অনিষ্ট কৰে,

সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।

17সেয়ে মই যিহোৱাৰ ধার্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে;

মই সৰ্ব্বোপৰি যিহোৱাৰ প্ৰশংসাৰ গান কৰিম।

8

প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।

1হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!

তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।

2শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে

তোমাৰ শত্রুবোৰৰ কাৰণে

তুমি এক কোঁঠ স্থাপন কৰিলা,

যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।

3যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু

তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,

4তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা?

মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?

5কিয়নো তুমি তেওঁলোকক তোমাতকৈ8:5 স্বর্গদূতসকলতকৈ অলপহে সৰু কৰি স্রজন কৰিলা8:5 ইব্রী 2:7,

গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।

6তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা;

সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা8:6 ইব্রী 2:9; সেইবোৰ -

7মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,

8আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ

আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।

9হে যিহোৱা, আমাৰ প্ৰভু,

গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!

9

প্ৰধান বাদ্যকৰৰ নিমিত্তে: মূৎ-লব্বেন সুৰত গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম,

আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।

2মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম;

হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!

3মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল,

তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।

4তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা।

কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।

5তুমি আন জাতিবোৰক ধমকি দিছা,

দুষ্টবোৰক বিনষ্ট কৰিছা;

তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।

6শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল;

তাৰ নগৰবোৰ তুমি উভালি পেলালা,

সেইবোৰৰ নাম তুমি মচি পেলালা।

7কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে;

তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।

8তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে,

তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।

9উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব;

তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।

10যিসকলে তোমাক জানে,

তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে,

কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে,

তেওঁলোকক তুমি পৰিত্যাগ নকৰা।

11যিহোৱা চিয়োনত আছে।

তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা;

জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।

12কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়,

ঈশ্বৰে তেওঁক পাহৰি নাযায়;

পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।

13হে যিহোৱা, মোক কৃপা কৰা;

চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো।

মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।

14মই তোমাৰ প্রশংসা প্রচাৰ কৰিম;

চিয়োন জীয়াৰীৰ দুৱাৰত

তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!

15আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল;

তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।

16ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে;

তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।

17যি জাতিয়ে ঈশ্বৰক পাহৰি যায়,

তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;

18অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব,

অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।

19হে যিহোৱা, তুমি উঠা;

মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা;

তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।

20হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক;

আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।

10

1হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?

সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?

2অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;

তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;

3দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;

লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে10:3 তেওঁ লুভীয়া লোকক আশীর্বাদ দিয়ে।

4দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;

“ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”

তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”

5সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;

তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে,

সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;

তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।

6তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।

আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”

7তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;

তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।

8গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;

সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে;

কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।

9তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;

তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;

তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।

10তেওঁলোকে চাপৰি কুঁজা হৈ

অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।

11তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;

তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”

12হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;

নির্যাতিত সকলক পাহৰি নাযাবা।

13দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?

তেওঁলোকে কিয় মনে মনে ভাৱে যে,

“তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”

14কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;

অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,

তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;

অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;

তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা

15দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;

তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।

16যিহোৱা চিৰকালৰ ৰজা;

তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।

17হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;

তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,

তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;

18এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;

তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।

11

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1মই যিহোৱাতে আশ্ৰয় লৈছোঁ।

তোমালোকে কেনেকৈ মোক ক’ব পাৰা,

“পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”

2কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে

দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে,

তেওঁলোকে তাত কাঁড় লগাইছে।

3যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়,

তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?

4কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;

তেওঁৰ সিংহাসন স্বর্গতে আছে।

তেওঁ মানুহলৈ চাই থাকে,

তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।

5যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;

কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।

6তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;

তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।

7যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;

সৎ লোকে তেওঁৰ মুখ দেখা পাব।

12

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;

বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।

2মানুহে মানুহৰ ওচৰত মিছা কথা কয়;

তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।

3তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;

4সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;

আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই,

কোন আমাৰ ওপৰত প্ৰভু হ’ব?”

5যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে

মই এতিয়া জাগি উঠিম।

নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”

6যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।

সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ;

সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।

7হে যিহোৱা, তুমিয়েই আমাক12:7 তেওঁলোকক নিৰাপদে ৰাখিবা।

এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক12:7 তেওঁলোকক ৰক্ষা কৰিবা।

8লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়,

দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।

13

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, আৰু কিমান কাল?

তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?

মোৰ পৰা কিমান দিনলৈ

তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?

2কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?

কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?

3হে মোৰ ঈশ্বৰ যিহোৱা,

মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!

মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।

4মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;”

মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।

5কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;

তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।

6মই যিহোৱাৰ উদেশ্যে গান গাম,

কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

14

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।”

তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে;

তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;

2যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে;

তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই;

তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।

3তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল;

সকলো উচ্ছৃঙ্খল হ’ল;

সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।

4যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে,

মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু

তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”

5ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে।

সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।

6দুষ্টতাৰ কার্য কৰা যি তোমালোক,

তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা,

কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।

7অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক!

যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব,

তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব;

ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।

15

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন?

তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?

2সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়,

ন্যায় কৰ্ম কৰে,

সত্য ভৰা অন্তৰেৰে কথা কয়;

3যিসকলৰ জিভাই পৰচর্চ্চা নকৰে,

বন্ধুৰ ক্ষতি নকৰে,

চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,

4যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়,

কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়,

যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,

5যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে,

আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে।

যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।

16

মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।

1হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,

কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।

2মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;

তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”

3পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;

তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।

4যিসকলে আন দেৱতাক মনোনীত কৰে,

তেওঁলোকৰ অধিক যাতনা হ’ব,

তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;

দেৱতাৰ নামো মোৰ ওঁঠত নলম।

5যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;

মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।

6মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,

অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।

7যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;

ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।

8মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;

তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।

9এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,

মোৰ হৃদয়ে উল্লাস কৰে;

মোৰ শৰীৰ নিৰাপদে থাকিব।

10কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,

তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।

11তুমি মোক জীৱনৰ পথ শিকাইছা;

তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;

তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

17

দায়ুদৰ প্ৰাৰ্থনা।

1হে যিহোৱা, তুমি ন্যায় কথা শুনা;

মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া;

ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।

2মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়;

যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।

3যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা;

ৰাতি মোৰ কাষলৈ আহাঁ;

যদি মোক খপি পুৰি পৰীক্ষাও কৰা,

তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা;

মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ17:3 মই কেতিয়াও আন লোকৰ দৰে দুষ্টতা নকৰোঁ। নকৰে।

4মানুহে যিবোৰ কার্য কৰে, সেয়া নকৰি,

মই তোমাৰ ওঁঠৰ বাক্যৰ সহায়ত উচ্ছৃঙ্খল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছোঁ।

5তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো;

মোৰ ভৰি পিছল খোৱা নাই।

6হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ,

কিয়নো তুমি মোক উত্তৰ দিবা;

মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।

7তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা;

হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়,

তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।

8চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা;

তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;

9যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে,

সেই দুষ্ট লোকসকলৰ পৰা,

যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে,

সেই শত্রুবোৰৰ পৰা,

তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।

10তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে,

তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;

11তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে;

তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে,

যাতে মোক মাটিত পেলাব পাৰে।

12তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা;

গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।

13হে যিহোৱা, তুমি উঠা,

তেওঁলোকক আক্ৰমণ কৰা,

তেওঁলোকক দলিয়াই পেলোৱা;

তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।

14হে যিহোৱা,

মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা;

সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে।

তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক,

তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক,

শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।

15কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম;

মই যেতিয়া সাৰ পাম,

তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।

18

প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত। যিহোৱাই যেতিয়া দায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্রুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ যিহোৱাৰ উদ্দেশ্যে এই গীত গাইছিল।

1হে যিহোৱা, তুমিয়েই মোৰ বল;

মই তোমাক অতি প্ৰীতি কৰোঁ।

2যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা;

তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ,

মই তেওঁতে আশ্ৰয় লৈছোঁ;

তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং,

মোৰ উচ্চ আশ্রয়স্থান।

3যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ;

তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।

4মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ,

পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।

5চিয়োল18:5 পাতাল বা পৃথিৱীৰ মৃতলোকৰ ঠাই। ৰ জৰীয়ে মোক মেৰাই ধৰিছিল,

মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল।

6সঙ্কটৰ কালত মই যিহোৱাক মাতিলো,

সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ;

তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে,

মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।

7তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে;

পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল;

কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।

8তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল,

তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল;

তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।

9তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল;

তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।

10তেওঁ কৰূবত উঠি উড়ি আহিল,

বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।

11তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে;

চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।

12তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি,

শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।

13যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে;

সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল18:13 কিছুমান অনুলিপিত লিখা আছে “শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠাৰ মাজেদি সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল”

14তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে,

আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।

15হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল;

পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।

16তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে,

মহাজল সমূহৰ পৰা মোক তুলি আনিলে।

17মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে,

যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে;

তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।

18বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল,

কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।

19তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে;

তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।

20যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে,

মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।

21কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ,

কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।

22তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে,

মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।

23তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ,

পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।

24এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে,

তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।

25হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা;

নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।

26তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা,

কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।

27কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা,

কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।

28কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা;

হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।

29তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ,

মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ18:29 মই কম্পমান গড় পাৰ হ’ব পাৰোঁ,

30ঈশ্বৰৰ পথ হলে সিদ্ধ;

যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত;

তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।

31যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে?

আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?

32ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে;

তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।

33মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে;

ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।

34তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়;

তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।

35তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা;

তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে;

তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।

36তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা;

তাতে মোৰ ভৰি পিছলি নগল।

37মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ;

তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।

38মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ,

যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে।

তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।

39তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা;

তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।

40তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা;

যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।

41তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে,

কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল;

তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।

42মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ,

বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ।

বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।

43লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা;

তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা।

মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।

44মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে;

বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।

45বিদেশীসকল নিৰাশ হ’ল;

তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।

46যিহোৱা জীৱিত!

মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক,

মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।

47তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে,

তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।

48মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ!

অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা!

উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।

49হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম,

তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

50যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে;

নিজৰ অভিষিক্তজনৰ প্রতি,

দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ,

তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।

19

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে;

আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।

2দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে;

ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।

3কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই;

তাৰ শব্দও শুনা নাযায়।

4তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়;

সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়;

আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।

5সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে;

নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।

6সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ;

তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে

7যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে;

যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।

8যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে;

যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।

9যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী;

যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।

10সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়;

সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।

11তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে;

সেইবোৰ পালন কৰিলে পৰম লাভ হয়।

12কোনে নিজৰ ভুলবোৰ গমিব পাৰে?

মোক গুপুত পাপৰ পৰা শুচি কৰা।

13গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা;

সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে;

তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।

14হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা,

মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।

20

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক,

যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,

2তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক;

তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।

3তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক;

তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)

4তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক।

তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।

5তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম;

আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম;

যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।

6এতিয়া মই জানো,

যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব,

তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে,

তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।

7অনেকে তেওঁলোকৰ ৰথত,

অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে;

কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।

8তেওঁলোক পৰিব আৰু পতন হ’ব।

কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।

9হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা;

আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।

21

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে!

তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!

2তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা,

তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)

3তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা,

তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।

4তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে;

তাতে তুমি তেওঁক তাক দিলা;

তুমি তেওঁক অনেক আয়ুস দিলা।

5তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়;

তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;

6তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা;

তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।

7কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে;

সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।

8তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব;

তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।

9তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা;

যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব;

অগ্নিয়ে তেওঁলোকক দহন কৰিব।

10পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা;

মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।

11যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে,

যদি অপকর্মৰ পৰিকল্পনা কৰে,

তেওঁলোক সফল হ’ব নোৱাৰিব।

12কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা,

তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।

13হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা!

আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।

22

প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ - “ৰাতিপুৱাৰ হৰিণী।” দায়ুদৰ ৰচিত গীত।

1হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা?

মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?

2হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া,

ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!

3কিন্তু তুমি হলে পবিত্ৰ,

ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।

4তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল;

তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।

5তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে;

তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।

6কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ;

মানুহে মোক নিন্দা কৰে,

লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।

7যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে;

তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,

8“তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক;

যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক,

কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”

9কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই;

মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।

10জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল;

মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।

11তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা;

কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে;

মোৰ সহায়কাৰী কোনো নাই।

12মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে;

বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।

13ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে,

তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।

14মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল,

মোৰ গোটেই হাড়ৰ জোৰা লৰিল;

মোৰ অন্তৰ মমৰ নিচিনা হৈ

মোৰ বুকুতে গলি গলি গৈছে;

15মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে

মোৰ শক্তি22:15 মোৰ কণ্ঠ শুকাই আহিছে শুকাই আহিছে;

মোৰ জিভা তালুত লাগি ধৰিছে;

তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।

16কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে,

দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে;

মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।

17মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ;

সেই লোকসকলে মোলৈ একেথৰে চাইছে;

উল্লাসৰ দৃষ্টিৰে চাইছে।

18নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে;

মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।

19কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা!

হে মোৰ শক্তি,

মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।

20তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা;

সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!

21সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা!

তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা22:21 তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা উত্তৰ দিলা

22ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম;

সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।

23তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা,

হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা;

ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।

24তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে,

ঘৃণাৰ চকুৰে নাচালে;

যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে,

বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।

25মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে;

তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।

26দুখী লোকসকলে খাই তৃপ্ত হব;

যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব।

তেওঁলোকৰ22:26 তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!

27পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব;

আন জাতিবোৰৰ সকলো ফৈদে তেওঁ22:27 তোমাকক প্ৰণিপাত কৰিব।

28কিয়নো ৰাজ্য যিহোৱাৰেই,

সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।

29পৃথিবীৰ অহংকাৰী22:29 ধনী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব;

নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব।

মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।

30ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব;

ভাবীবংশৰ লোকসকলৰ ওচৰত

যিহোৱাৰ বিষয়ে কোৱা হ’ব।

31যিসকলৰ এতিয়াও জন্ম হোৱা নাই,

তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব;

ক’ব যে তেৱেঁই এই কার্য কৰিলে।

23

দায়ুদৰ ৰচিত গীত

1যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।

2তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়;

আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।

3তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে;

নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।

4এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ,

কিয়নো তুমি মোৰ সঙ্গত আছা;

তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।

5তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;

তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;

মোৰ পান-পাত্ৰ উপচি পৰিছে23:5 লুক 7:46: ই হ’ল আলহীক আদৰি লোৱাৰ এক চিন।

6অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,

আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।

24

দায়ুদৰ ৰচিত গীত:

1পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ,

জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।

2কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে,

পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।

3যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?

তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয়24:3 কোনে প্রৱেশ কৰিব পাৰে? হ’ব পাৰে?

4কেৱল সেই জনেই পাৰে,

যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল;

যিজনে মিছা কথালৈ নিজৰ মন নেমেলে,

আৰু ছল কৰি মিছা শপত নাখায়।

5তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব;

তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।

6এই লোকসকলেই যিহোৱাক বিচাৰে,

যাকোবৰ24:6 যাকোবৰ ইস্রায়েলৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে24:6 ‘অহ! যকোবৰ ঈশ্বৰ’, তেওঁলোকে এইদৰে তোমাৰ মূখ চাব বিচাৰিব।;

তেওঁলোকেই যাকোবৰ বংশ। (চেলা)

7হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,

হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,

প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

8সেই প্ৰতাপী ৰজা কোন?

তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান,

তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।

9হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা,

হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা,

প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

10সেই প্ৰতাপী ৰজা কোন?

তেওঁ বাহিনীসকলৰ যিহোৱা,

তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

25

দায়ুদৰ ৰচিত গীত:

1হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!

2হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ;

তুমি মোক লাজত পৰিবলৈ নিদিবা;

মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।

3তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা;

কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।

4হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা;

তোমাৰ পথত চলিবলৈ মোক শিকোৱা।

5তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া;

কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ;

ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।

6হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা,

কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।

7মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা;

হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।

8যিহোৱা মঙ্গলময় আৰু সৎ;

সেয়ে তেওঁ পাপী লোকক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।

9তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়,

তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।

10যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে,

তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।

11হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ;

তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।

12কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে?

তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব।

13তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব;

তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব।

14যি সকলে যিহোৱালৈ ভয় ৰাখে,

যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে;

আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।

15মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ;

কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব।

16মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা;

কিয়নো মই অকলশৰীয়া আৰু দুঃখিত।

17মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা;

মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা।

18মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা,

মোৰ সকলো পাপ ক্ষমা কৰা।

19মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক;

তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে।

20মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা;

মোক লাজত পৰিবলৈ নিদিবা,

কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।

21মোৰ সততা আৰু ন্যায় কার্যই মোক ৰক্ষা কৰক;

কাৰণ মই তোমালৈকো অপেক্ষা কৰিছোঁ।

22হে ঈশ্বৰ, ইস্ৰায়েলক তেওঁলোকৰ সকলো দুখ-কষ্টৰ পৰা মুক্ত কৰা।

26

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ বিচাৰ কৰা,

কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ,

অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।

2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা;

মোৰ হৃদয় আৰু মনক খপি চোৱা।

3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে,

মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।

4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই।

অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।

5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ;

দুষ্ট লোকৰ লগত নবহো।

6হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ,

আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,

7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ;

তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।

8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা,

তোমাৰ গৌৰৱ সেই ঠাইত থাকে,

মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা;

ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।

10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে;

তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।

11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ;

মোক মুক্ত কৰা; মোক কৃপা কৰা।

12মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে;

মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।

27

দায়ুদৰ ৰচিত গীত

1যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ;

মই কাক ভয় কৰিম?

যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ,

মই কাৰ বাবে ত্ৰাসযুক্ত হম?

2দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে,

তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।

3সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে,

মোৰ হৃদয়ে ভয় নকৰিব;

মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়,

তেতিয়াও মই সাহসেৰে থাকিম।

4যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ,

মই তাকেই অন্বেষণ কৰিম:

মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ,

আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ

মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।

5আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব,

নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব;

তেওঁ মোক শিলৰ ওপৰত তুলি থব।

6যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে,

তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব;

মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম।

মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!

7হে যিহোৱা, মই মাতিলে, তুমি শুনা।

মোক কৃপা কৰা, মোক উত্তৰ দিয়া!

8মোৰ হৃদয়ে27:8 মোৰ হৃদয়ে তুমি কোৱা তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।”

হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।

9তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;

ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা।

তুমিয়েই মোৰ সহায় হৈ আহিছা;

হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!

10মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।

11হে যিহোৱা,

মোৰ শত্রুবোৰৰ কাৰণে,

তুমি মোক তোমাৰ পথ শিকোৱা;

তুমি মোক সমান পথত চলোৱা।

12মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা;

কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে;

তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।

13মই বিশ্বাস কৰোঁ যে,

জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম27:13 যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ। !

14তুমি যিহোৱালৈ অপেক্ষা কৰা;

সবল হোৱা;

তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক;

পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।

28

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ;

হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা।

কাৰণ, তুমি যদি মনে মনে থাকা,

তেন্তে মৈদামৰ গাতলৈ নামি যোৱাবোৰৰ দৰে মোৰ দশা হ’ব।

2সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ,

তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো,

তেতিয়া তুমি মোৰ নিবেদন শুনা।

3যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে,

যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়,

অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে,

সেইসকলৰ লগত তুমি মোক টানি নিনিবা।

4তেওঁলোকৰ কাৰ্য আৰু কৰ্মৰ দুষ্টতা অনুসাৰে,

তুমি তেওঁলোকক প্ৰতিফল দিয়া;

তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া।

তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া।

5কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে;

সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব,

আৰু পুনৰায় গঢ় নিদিব।

6সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।

7যিহোৱাই মোৰ বল আৰু মোৰ ঢাল;

মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে।

সেইবাবেই মই সহায় পাইছোঁ।

সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে;

মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

8যিহোৱা তেওঁৰ লোকসকলৰ বল;

তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।

9হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা,

তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা;

তুমি তেওঁলোকৰ ৰখীয়া হোৱা

আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

29

দায়ুদৰ ৰচিত গীত

1হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,

যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,

2যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;

পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।

3জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়;

গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে,

যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।

4যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ;

যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।

5যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে;

যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।

6তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়;

চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।

7যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।

8যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে;

কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।

9যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে,

ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে,

কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”

10যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল,

যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।

11যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক!

যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!

30

মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ৰ গান; দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা।

মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।

2হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা।

3হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা,

তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা।

4হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

5কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে;

ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে,

কিন্তু ৰাতিপুৱাতে আনন্দ আহে।

6সুখৰ দিনত মই কৈছিলোঁ,

“মোক কোনেও লৰাব নোৱাৰিব।”

7হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা;

কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।

8হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ,

মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:

9“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে?

ধুলিয়ে জানো তোমাৰ প্ৰশংসা

নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?

10হে যিহোৱা, শুনা, মোক কৃপা কৰা,

হে যিহোৱা, মোৰ সহায় হোৱা।”

11শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা;

শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা,

12যাতে মোৰ অন্তৰ নীৰৱে নাথাকে

বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়;

হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।

31

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।

2মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা;

মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা,

মোৰ দৃঢ় কোঁঠ হোৱা।

3তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।

4মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা;

কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।

5হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;

6যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ;

কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।

7তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম;

কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা;

মোৰ দুর্দশাত তুমি চিন্তিত থ’লো

8তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা;

বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।

9হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ;

দুখত মোৰ চকু সোমাই গৈছে;

মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।

10মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ,

হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে;

মোৰ দূখ31:10 অপৰাধৰৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।

11মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র,

চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়,

মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ;

বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।

12মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে;

মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।

13মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে।

তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে,

মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।

14কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ;

মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”

15তোমাৰ হাততেই মোৰ সকলো সময় আছে,

মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

16তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।

17হে যিহোৱা, মই তোমাক মাতিছো,

তুমি মোক লাজত পৰিবলৈ নিদিবা;

দুষ্ট লোক বৰং লাজত পৰক,

চিয়োলত নীৰৱে থাকক।

18অহংকাৰ আৰু তুচ্ছ ভাব লৈ

যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়,

সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।

19অহ! তোমাৰ মঙ্গল কিমান যে মহান!

যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা;

তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।

20তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি,

মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা;

বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।

21যিহোৱা ধন্য হওঁক;

যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ,

তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।

22মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”;

তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।

23হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা;

যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে,

কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।

24তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা,

তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।

32

মচকীল নামেৰে দায়ুদৰ ৰচিত গীত

1ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়;

যি লোকৰ পাপ ঢকা হয়।

2ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে,

আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।

3মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।

4কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,

মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)

5তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;

মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ;

মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”;

তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)

6সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক32:6 সেইবাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক;

বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।

7তুমি মোৰ গুপ্তস্থান;

তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;

মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)

8মই তোমাক বুদ্ধি দিম;

তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।

9তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা,

সিহঁতৰ বুজন শক্তি নাই;

মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়,

নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।

10দুষ্টলোকৰ যাতনা অধিক;

কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।

11হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা;

যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।

33

1হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা,

তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।

2বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।

3তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা।

4যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য।

5তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়;

সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।

6যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল,

তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।

7তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে;

মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।

8গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক;

জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।

9কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল,

তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।

10যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে,

তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।

11যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে;

তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।

12ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা;

সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।

13যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে;

তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।

14পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।

15তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।

16বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়;

মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।

17জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা;

মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।

18যিসকলে যিহোৱালৈ ভয় ৰাখে,

যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে,

যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,

19যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে;

আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;

20আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে;

তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।

21আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।

22হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক,

কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।

34

দায়ুদৰ ৰচিত গীত। ৰজা অবীমেলকৰ আগত দায়ুদে পগলাৰ ভাও ধৰিছিল যাতে অবীমেলকে তেওঁক খেদাই দিয়ে। দায়ুদে সেই সময়ত এই গীতটো লিখিছিল।

1মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।

2মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।

3তোমালোকে মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা;

আহাঁ, আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহক।

4মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে;

মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে।

5তেওঁৰ ফালে যেতিয়া লোকসকলে চায়, তেওঁলোক তেতিয়া জ্যোতিষ্মান হৈ উঠে।

তেওঁলোকৰ মুখ লাজত কেতিয়াও বিবৰ্ণ নহব।

6এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে,

সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।

7যিহোৱালৈ ভয় ৰাখোঁতাসকলৰ চাৰিওফালে যিহোৱাৰ দূতে ছাউনি পাতে আৰু তেওঁলোকক উদ্ধাৰ কৰে।

8যিহোৱা যে মঙ্গলময় তাক তোমালোকে আস্বাদন কৰি চোৱা; তেওঁত আশ্ৰয় লোৱা লোক ধন্য।

9হে যিহোৱাৰ পবিত্ৰ লোকসকল, তোমালোকে তেওঁলৈ ভয় ৰাখা;

কিয়নো যিসকলে তেওঁলৈ ভয় ৰাখে, তেওঁলোকৰ একোৰে অভাৱ নহয়।

10ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়:

কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।

11হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।

12তোমালোকৰ মাজত কোনে এই জীৱন ভোগ কৰিব বিচাৰে?

সুখ ভোগ কৰিবৰ কাৰণে কোনে দীর্ঘায়ু বিচাৰে?

13তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা।

14তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,;

তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।

15যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।

16যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে,

তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।

17ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে;

যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।

18যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।

19ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।

20যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।

21দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।

22যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।

35

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা;

যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।

2তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।

3মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা;

তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”

4যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;

যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।

5তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।

6তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।

7কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।

8হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক;

তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক;

সেই বিনাশত তেওঁলোক পতিত হওঁক।

9তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।

10মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?”

তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা,

দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।

11অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে;

মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।

12তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।

13কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা35:13 মই শিৰনত কৰি প্ৰাৰ্থনা কৰিলোঁ মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।

14মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ;

মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।

15কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল;

তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল;

মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।

16তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।

17হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা?

তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা;

সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।

18মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।

19মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা;

অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।

20কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়,

কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।

21মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”

22হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!

23হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।

24হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা;

তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।

25তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।”

তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ35:25 গ্ৰাস কৰিলোঁ।”

26মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক;

যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।

27যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক;

তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”

28তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব;

ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।

36

প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত

1পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়;

দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।

2তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।

3তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ;

তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।

4তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে;

অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।

5হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত,

আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।

6তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা;

তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা।

হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।

7হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য!

সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।

8তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়;

তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।

9কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে;

তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।

10যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে,

যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।

11মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা;

দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।

12যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল;

উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।

37

দায়ুদৰ ৰচিত গীত

1তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা;

কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।

2কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব,

সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।

3যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা;

দেশত বাস কৰা আৰু নিৰাপদে থাকা।

4যিহোৱাত আনন্দ কৰা;

তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

5তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা;

তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব।

6তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব;

তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব।

7যিহোৱাৰ আগত শান্ত হোৱা;

ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা।

যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;

8ক্ৰোধ এৰা, কোপ ত্যাগ কৰা;

বেজাৰ নকৰিবা, কেৱল হানিহে হয়।

9কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।

10কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।

11কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব।

12দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে;

তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে।

13প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে;

কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।

14দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ,

দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।

15কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব,

আৰু তেওঁলোকৰ ধনু ভঙা হব।

16দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো,

ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।

17কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব।

কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।

18সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে,

আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব।

19সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব,

আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।

20দুষ্টবোৰ বিনষ্ট হব,

যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব;

তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব।

21দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে;

কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল।

22যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব,

কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।

23যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে;

তেওঁ তেওঁৰ পথত সন্তোষ পায়।

24তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব;

কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে।

25মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো;

কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা,

নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।

26ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে;

তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়।

27তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা;

তুমি চিৰকাল জীয়াই থাকিবা।

28কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়,

তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে;

অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব;

কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।

29ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব;

তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।

30ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে,

তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।

31তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে;

তেওঁলোকৰ ভৰি পিছলি নাযায়।

32দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে,

তেওঁলোকক বধ কৰিবলৈ বিচাৰে।

33কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব,

বিচাৰত তেওঁলোকক দোষী নকৰিব।

34যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা;

তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।

দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।

35মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ,

সেউজ37:35 লেবানোনৰ এৰচ গছ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।

36কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো37:36 যেতিয়া তেওঁ পুনৰ ওচৰেদি পাৰ হৈ গ’ল,, তেওঁলোক নোহোৱা হ’ল;

মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।

37সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা;

কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।

38কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব;

দুষ্টলোকৰ বংশ ধ্বংস হ’ব।

39ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে;

সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।

40যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে;

দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে,

কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।

38

দায়ুদৰ ৰচিত গীত; স্মৰণাৰ্থক উৎসর্গৰ গীত।

1হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা;

তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।

2কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে,

তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।

3তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই;

মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।

4মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে;

সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।

5মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।

6মই দুখ পাই বৰ কুঁজা হৈ পৰিছো,

ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।

7মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে,

মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।

8মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ;

মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।

9হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা;

মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।

10মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে;

এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।

11মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে,

মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।

12যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে,

যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়;

তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।

13মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো;

মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।

14যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।

15হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ;

হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।

16মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”

17মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।

18মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।

19যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী।

যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।

20মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।

21হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।

22হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।

39

প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত।

1মই কৈছিলোঁ, “মই মোৰ পথত সাৱধানে চলিম;

যাতে মোৰ জিভাৰে মই পাপ নকৰোঁ;

যেতিয়ালৈকে দুষ্টতা মোৰ আগত থাকে, তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম।”

2মই মুখ বন্ধ কৰি মনে মনে আছিলোঁ; যি ভাল, তাকো নক’লো। তাতে মোৰ মনৰ বেজাৰ অধিকতৰ বৃদ্ধি পালে।

3মই মোৰ অন্তর্জ্বালাত দহিছো।

মই যেতিয়া মনে মনে এইবোৰ কথা ভাৱি আছিলোঁ, তেতিয়া অন্তৰত যেন জুই জ্বলিবলৈ ধৰিছিল; তাৰ পাছত মই মোৰ জিভাৰে কথা ক’লোঁ,

4“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা;

মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া;

মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।

5চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা;

তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা;

বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)

6বাস্তৱিক প্ৰতিজন মানুহে ছাঁস্বৰূপে অহা যোৱা কৰে;

তেওঁলোকে অনৰ্থক ৰূপে কেৱল হুৰামুৰা কৰে;

তেওঁলোকে ধন দমাই থয়, কিন্তু কোনে তাক ভোগ কৰিব, তাক নাজানে।

7“হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।

8মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা;

বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।

9মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।

10মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা;

তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।

11তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা,

তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া।

বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)

12হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা;

মোৰ চকুলো দেখি নিৰৱে নাথাকিবা!

মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।

13মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”

40

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ;

তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।

2তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে,

পঙ্কিল জলাশয়ৰ পৰা তুলিলে।

শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।

3তেওঁ মোৰ মুখত এটি নতুন গীত দিলে,

আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে;

অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।

4ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে;

যিজনে অহংকাৰী40:4 মূর্তিবোৰৰবোৰৰ ফালে নুঘূৰে,

নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।

5হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা,

আমাক লৈ তোমাৰ পৰিকল্পনা অনেক,

তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি,

মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।

6তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা;

তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা;

হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।

7তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ;

পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।

8হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ;

তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”

9মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ;

হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।

10তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই;

তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ;

তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।

11হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা;

তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।

12কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে;

মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে;

মই অপৰাধবোৰ দেখা নোপোৱা হ’লো;

সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।

13হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা;

হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।

14যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক;

যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।

15যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।

16কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক;

তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।”

17কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে,

হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা;

তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।

41

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।

1ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে;

যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।

2যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব;

তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।

3তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে;

নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।

4মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা,

কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”

5মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”

6তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়;

তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।

7মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়;

তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে41:7 তেওঁলোকে ইজনে সিজনৰ লগত একত্রিত হৈ মোৰ বিৰুদ্ধে চিন্তা কৰে।

8তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।”

9মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল,

মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।

10কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা;

মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।

11ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট,

কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।

12তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা;

তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।

13ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা,

অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত।

আমেন, আৰু আমেন।

42

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।

1হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে,

তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।

2ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে;

মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?

3মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল,

কিয়নো লোকসকলে ওৰে দিনটো মোক কয়,

“তোমাৰ ঈশ্বৰ ক’ত আছে?”

4কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে,

তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ

পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

5হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?

কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?

ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।

তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

6মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে;

সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা

তোমাৰ কথা ভাবিছোঁ।

7তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে;

তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।

8যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়;

মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।

9মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা?

মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”

10মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে”

তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।

11হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা?

কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?

ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।

তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।

43

1হে ঈশ্বৰ, মোৰ বিচাৰ কৰা;

ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা;

ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।

2কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা?

মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?

3তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক;

সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ

আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।

4তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম,

মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম;

হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।

5হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা?

কিয় মোৰ অন্তৰত ব্যাকুল হৈছা?

ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম।

তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

44

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।

1হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ;

পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা,

সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।

2তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা;

সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা।

তুমি সেই সকলো লোকক নাশ কৰিলা,

কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।

3তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল,

নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল;

কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল;

কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।

4তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।

5আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম;

আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।

6মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ,

মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।

7কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।

8ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ;

চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)

9কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা;

আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।

10শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা;

আমাক শত্রুবোৰে আমাক লুট কৰিছে।

11তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা;

জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।

12তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা,

তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।

13ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা;

চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।

14অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা;

লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।

15ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;

16মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে,

শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,

17আমালৈ এই সকলো ঘটিল;

তথাপি আমি তোমাক পাহৰা নাই,

অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।

18তোমাৰ পৰা আমাৰ মন ঘূৰা নাই;

তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।

19তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা,

মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।

20আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ,

নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,

21তেন্তে ঈশ্বৰে জানো তাক নাজানিব?

কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।

22কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ;

আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।

23হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা?

জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!

24তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা?

আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?

25আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে,

আমাৰ শৰীৰ মাটিত লাগি গৈছে। 26উঠি আহা, আমাক সহায় কৰা;

তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

45

প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত।

1মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে;

ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো;

মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।

2মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ;

তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ;

ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।

3হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা;

গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।

4ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা;

তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।

5তোমাৰ ধনুৰ কাঁড়বোৰ চোকা;

ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়;

জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;

6ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী45:6 হে ঈশ্বৰ, তোমাৰ সিংহাসন, ঈশ্বৰৰ সিংহাসন, চাওক ইব্ৰী 1:8-9, অনন্ত কাললৈকে থাকে;

তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।

7তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা;

সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ

অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।

8গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে।

হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।

9তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে;

তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।

10হে কন্যা, মন দি কাণ পাতি শুনা;

তোমাৰ লোকসকলক তুমি পাহৰি যোৱা;

তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।

11তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব;

কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।

12তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব;

ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।

13ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব;

তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।

14নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব;

তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।

15আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব;

তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।

16তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব;

লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।

17মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম;

সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।

46

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।

1ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল,

সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।

2এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,

3যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে,

যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)

4এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে,

আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।

5ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব।

অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।

6জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে;

তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।

7বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;

যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

8আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা,

তেওঁ পৃথিবীত ধ্বংস আনিছে।

9তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে,

তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে,

ৰথবোৰ জুইত পোৰে।

10যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত46:10 যুদ্ধবোৰ বন্ধ কৰা হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা!

সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব,

পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”

11বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে;

যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

47

প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত।

1হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;

আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।

2সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;

সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।

3তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে,

জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।

4তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;

সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)

5ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;

যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।

6তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,

প্ৰশংসাৰ গান কৰা;

তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,

প্রশংসাৰ গান কৰা।

7কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;

তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।

8সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;

তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।

9জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে;

অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;

কিয়নো পৃথিবীৰ ঢালবোৰ47:9 ঢালবোৰ শাসনকর্তা ঈশ্বৰৰ;

তেৱেঁই সবাতোকৈ মহান।

48

এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত।

1আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত,

যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,

2উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত;

ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ;

গোটেই পৃথিবীকে আনন্দ দিয়ে।

3ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত

নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে।

4ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল।

5তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল;

তেওঁলোক বিহ্বল হৈ পলাই গ’ল।

6সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল,

প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল।

7যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়,

তেনেকৈ তেওঁলোকক ভাঙিলে।

8বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত;

আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ;

দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)

9হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।

10হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে।

তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।

11তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক,

যিহূদাৰ নগৰবোৰ 48:11 জীয়ৰীসকল উল্লাসিত হোৱা উল্লাস কৰা।

12তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা,

আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।

13তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা;

তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা

যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।

14এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।

49

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ সন্তান সকলৰ ৰচিত গীত।

1হে সমুদায় জাতি, তোমালোকে এইকথা শুনা;

হে জগত-নিবাসী, কাণ পাতা।

2উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।

3মোৰ মুখে জ্ঞানৰ কথা কব;

মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।

4মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম;

বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।

5মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে,

সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?

6সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।

7কোনেও কাকো কোনো প্রকাৰে নিজক49:7 নিজ ভাইক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে।

নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে,

যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।

8কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক;

মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,

9যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।

10আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়;

নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই

তেওঁলোক বিনষ্ট হয়।

তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।

11তেওঁলোকৰ মৈদাম49:11 মনোভাৱ , তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী,

তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব,

সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।

12কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়;

তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।

13যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে,

আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে,

সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)

14তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ;

মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব;

তেওঁলোক চিয়োললৈ নামি যাব49:14 বা, ঈশ্বৰ-ভক্তসকলে ৰাতিপুৱাই তেওঁলোকৰ ওপৰত কর্তৃত্ব কৰিব;

তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব;

তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।

15কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব;

মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)।

16যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা;

তেওঁৰ পৰিয়ালৰ গৌৰৱ49:16 ধন-সম্পদ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।

17কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব;

তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।

18যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে,

কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;

19তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব,

যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।

20কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়;

তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।

50

আচফৰ ৰচিত গীত।

1পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে,

সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।

2চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা,

ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।

3আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব;

তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব,

তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।

4তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে,

তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।

5“মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা,

যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”

6আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে;

কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)

7হে মোৰ লোকসকল, শুনা, মই কথা ক’ম;

হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম;

মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।

8তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই;

তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।

9তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ;

তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।

10কিয়নো সকলো বনৰীয়া জন্তু মোৰেই,

অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।

11এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো50:11 আকাশৰ সকলো পক্ষীক মই জানো;

পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।

12“মোৰ ভোক লাগিলেও মই তোমাক নক’ম;

কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।

13ভতৰাৰ মাংস মই ভোজন কৰিম নে?

মই ছাগলীবোৰৰ তেজ পান কৰিম নে?

14ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা;

সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।

15সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা;

মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”

16কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে,

“মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?

17কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা;

মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।

18চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা;

তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।

19দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা,

তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।

20তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক;

একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।

21এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ;

তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন।

কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।

22তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা;

নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম;

তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।

23যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে;

যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।

51

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। বৎচেবাৰ লগত ব্যভিচাৰ কৰাৰ পাছত যেতিয়া নাথন ভাববাদী দায়ুদৰ ওচৰলৈ আহিছিল সেই সময়ৰ গীত।

1হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা,

তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।

2মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা;

মোৰ পাপৰ পৰা মোক শুচি কৰা।

3মোৰ পাপবোৰ মই নিজে জানিছোঁ;

মোৰ পাপ সদায় মোৰ আগত আছে।

4তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ;

তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ;

তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।

5চোৱা, অধৰ্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে।

6তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা;

সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।

7এচোব বনেৰে তুমি মোক পবিত্র কৰা51:7 মোৰ পাপ গুচাই দিয়া আৰু মই শুচি হ’ম;

মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।

8মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া;

তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।

9মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা;

মোৰ সকলো অপৰাধ মোচন কৰা।

10হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা;

মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।

11তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা;

তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।

12তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা;

তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।

13তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম,

তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।

14হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ,

ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা;

তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।

15হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা;

মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।

16কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন;

হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।

17ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া51:17 অহ! ঈশ্বৰ মোৰ ভগ্ন মনৰ বলি গ্ৰহণ কৰা ;

হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।

18তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা;

যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা।

19তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ,

হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত

তুমি আনন্দিত হ’বা।

তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।

52

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত।

1হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা?

ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে52:1 হে বীৰ, তুমি ধাৰ্মিকলোকৰ বিৰুদ্ধে কৰা কৰ্মৰ বাবে কিয় গৰ্ব্ব কৰিছা?

2তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা;

হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;

3তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা,

সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।

4হে ছলনাকাৰী জিভা,

যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।

5কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব;

তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব;

জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)

6ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব;

তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,

7“চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে,

কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে,

দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে52:7 তেওঁ নিজৰ দুষ্টকৰ্মত অধিক সম্পত্তি যুগুতালে।।”

8কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা;

মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ।

9হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম;

তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল52:9 চীৰকাল মই তোমাক প্ৰসংশা কৰো, হে ঈশ্বৰ; তুমি যি কৰিলা। মই তোমাৰ নামত ভাৰসা কৰো আৰু তোমাক মই তোমাৰ ভক্তসকলৰ সন্মূখত তোমাৰ প্ৰসংশা কৰো।

53

প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।

1নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।”

তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে;

তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।

2ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে,

তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই;

ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।

3তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল;

সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।

4“যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি?

তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে53:4 লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়

তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।

5আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল;

ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে53:5 কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনি পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব।

সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে53:5 ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে, সেয়ে তুমি তেওঁলোকক লাজত পেলাবা।

6ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক!

যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব,

তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

54

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত।

1হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;

তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

2হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ মুখৰ কথালৈ কাণ দিয়া।

3কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,

হৃদয়হীন54:3 বিদেশী লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;

তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা;

ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে54:4 সেই ঈশ্বৰ, যিসকলক তেওঁ সাবতি ধৰে।

5তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;

তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;

হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

7কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;

মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

55

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।

2মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;

3শত্ৰুৰ কথাৰ কাৰণে,

দুষ্টৰ অত্যাচাৰৰ বাবে,

তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে,

তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।

4মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে,

মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।

5ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে;

আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।

6মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে!

তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,

7চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন;

গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা]

8প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা,

শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।

9হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা;

মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।

10তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে;

অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।

11ইয়াৰ ভিতৰত মন্দতা আছে;

পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।

12কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়;

কৰা হলে, মই তাক সহিলোহেঁতেন;

মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়;

কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।

13কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ;

মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।

14আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ;

লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

15মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক,

জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক;

কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।

16মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম;

তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।

17গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম;

তাতে তেওঁ মোৰ মাত শুনিব।

18কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল;

মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।

19ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে;

তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা]

যি মানুহৰ পৰিবৰ্ত্তন নাই;

তেওঁলোকে ঈশ্বৰক ভয় নকৰে।

20মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে;

তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।

21তেওঁৰ মুখ মাখনৰ নিচিনা কোমল,

কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী;

তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া,

সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।

22যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব;

তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

23কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা;

ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব;

কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

56

প্ৰধান বাদ্যকৰৰ নিমিত্তে যোনৎএলম ৰহোকীম সুৰত গাবলগীয়া মিকতাম নামে দায়ূদৰ ৰচিত গীত। পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত।

1হে ঈশ্বৰ, মোক কৃপা কৰা;

কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।

2মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে;

কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।

3যেতিয়াই মোৰ ভয় লাগে;

তেতিয়াই মই তোমাত ভাৰসা কৰিম।

4মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মাংসই মোক কি কৰিব পাৰে?

5সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে;

সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।

6সিহঁতে গোট খাই লুকাই থাকে;

সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।

7অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে?

হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।

8তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা;

তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা;

সেইবোৰ তোমাৰ বহিত নাই নে?

9সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব;

ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ56:9 মই ইটো জানো যে, ঈশ্বৰ মোৰ ফলীয়া।

10মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম;

মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।

11মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ;

মানুহে মোক কি কৰিব পাৰে?

12হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে;

তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।

13কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা;

জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ,

তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?

57

প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত।

1হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা;

কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে;

এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

2মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম,

মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।

3মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]।

ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।

4মোৰ জীৱন শত্রুবোৰৰ মাজত আছে57:4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে;,

সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ,

আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ,

এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।

5হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;

গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে;

মোৰ প্ৰাণ নত হৈছে।

সিহঁতে মোৰ সন্মুখত গাত খানিলে;

সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]।

7হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল,

মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।

8হে মোৰ হৃদয়, সাৰ পোৱা;

হে নেবল আৰু বীণা, সাৰ পোৱা;

মই প্ৰভাতক জগাম।

9হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম;

লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

10কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে,

আৰু তোমাৰ সত্যতা আকাশলৈকে।

11হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা;

গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

58

প্ৰধান বাদ্যকৰৰ নিমিত্তে অলতচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ুদৰ ৰচিত গীত।

1তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে?

হে শাসকসকল58:1 তোমালোক দেৱতাবোৰৰ দৰে বোবা, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?

2বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে;

তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।

3দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী;

তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।

4সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ;

তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,

5সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে,

কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।

6হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা;

হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।

7বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক;

যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।

8শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক,

সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।

9তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই,

তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।

10ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব,

তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব।

তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।

11তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব;

বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”

59

প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত, সিহঁতে দায়ূদক বধ কৰিবৰ ছলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত।

1হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা;

মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।

2অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা;

ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।

3কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে;

হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।

4তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে;

তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।

5হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ,

তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা;

কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। [চেলা]

6তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে;

নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।

7চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে,

তেওঁলোকৰ ওঁঠত তৰোৱাল আছে;

কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”

8কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা;

তুমি সকলো জাতিকে উপহাস কৰিবা।

9ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম;

কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।

10মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী;

মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।

11মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা।

হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।

12তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে;

তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।

13তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে;

যাকোব59:13 ইস্ৰায়েলৰ মাজত ঈশ্বৰে যে শাসন কৰে,

পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা]

14তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক;

নগৰত চাৰিওফালে ভ্ৰমণ কৰক।

15তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব;

যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত59:15 গোটেই ৰাতি উজাগৰে থাকিব।

16কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম;

এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম;

কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।

17হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম;

কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।

60

প্ৰধান বাদ্যকৰৰ নিমিত্তে চূচন-এদূৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম-নহৰয়িম আৰু অৰাম-চোবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু যোৱাবে উভটি লবন উপত্যকাত ইদোমৰ বাৰ হাজাৰ লোকক বধ কৰিছিল, সেই সময়ৰ গীত।

1হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা;

তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।

2তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা;

তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।

3তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা;

তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;

4যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া;

যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে।60:4 তুমি তেওঁলোকক এখন পতাকা দিছা; সেই পতাকা খন সত্যৰ পক্ষে তুলি ধৰা হয়। [চেলা]

5তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব;

তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।

6ঈশ্বৰে নিজৰ পবিত্র ঠাইত60:6 পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম;

মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।

7গিলিয়দ মোৰেই আৰু মনচিও মোৰেই;

ইফ্ৰয়িম মোৰ শিৰোৰক্ষক;

যিহূদা মোৰ বিচাৰ-দণ্ড;

8মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;

মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম;

হে দেশ, তুমি জয়ধ্বনি কৰা60:8 হে ফিলিষ্টিয়া দেশ তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা।”

9কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব?

কোনে মোক ইদোমলৈ লৈ যাব?”

10হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে?

হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।

11শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা;

কিয়নো মানুহৰ সহায় বৃথা।

12ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম;

কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।

61

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;

মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।

2মোৰ মন দুখত যেতিয়া ভাঙি পৰে,

মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম;

তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।

3কিয়নো তুমি মোৰ আশ্ৰয়,

শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।

4মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম;

তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। [চেলা]

5কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা।

তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।

6তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা;

তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।

7তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব;

তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।

8তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম;

প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।

62

প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত।

1মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;

তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।

2কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;

তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

3এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা?

তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা62:3 তোমালোক সকলোৱে ওলোটাই তাকেই নষ্ট কৰিবা নে? তেওঁ হালি থকা গড় আৰু ভঙা বেৰৰ নিচিনা।

4তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;

তেওঁলোকে মিছা কথাত সন্তোষ পায়;

মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]

5হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;

কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।

6কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;

তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।

7ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;

মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।

8হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;

তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;

তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;

কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]

9অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;

তেওঁলোক তৰ্জুত দাং খাব;

ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।

10তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা;

বৃথা ধনী হ’বলৈ আশা নকৰিবা,

ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

11ঈশ্বৰে এবাৰ ক’লে;

মই ইয়াক দুবাৰ শুনিলোঁ,

যে পৰাক্ৰম ঈশ্বৰৰহে।

12হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন;

কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

63

যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ;

আন্তৰিকতাৰে মই তোমাক বিচাৰিম;

পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে,

মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

2এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ,

পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।

3কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম;

মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

4এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম,

তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

5লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব;

আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।

6মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো;

নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

7কিয়নো তুমি মোৰ সহায়কর্তা;

তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।

8মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে;

তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

9যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে,

তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।

10তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব;

আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।

11কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব;

তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব,

কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

64

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা;

শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।

2দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা;

দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।

3তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে;

তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।

4নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে;

তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।

5সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে;

গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে;

সিহঁতে কয়, “এই আমাক64:5 বস্তুবোৰ কোনে দেখিব?”

6তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে;

তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।”

প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।

7কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব;

অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।

8তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল।

যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব;

তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।

9তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব;

ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব,

তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।

10ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব;

ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।

65

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;

তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।

2হে প্ৰাৰ্থনা শুনোতা জনা,

তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।

3আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;

তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।

4ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা;

তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব,

আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।

5তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;

ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;

পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;

সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।

6এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে;

শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।

7সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে,

আৰু তাৰ ঢৌৰ গর্জন,

লোক সকলৰ কোলাহল শান্ত কৰে;

8পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;

সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।

9তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা;

তুমি তাক বহু ফলৱান কৰিলা;

ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;

তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।

10তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;

তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;

তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;

তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।

11তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা;

আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।

12অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;

আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।

13চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে;

উপত্যকাবোৰ শস্যৰে ঢকা হৈছে;

সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।

66

প্ৰধান বাদ্যকৰৰ নিমিত্তে: গীত, সঙ্গীত।

1হে গোটেই পৃথিবীৰ লোকসকল,

তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।

2তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা;

তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।

3তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক!

তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।

4গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব,

তোমাৰ উদ্দেশ্যে গীত গান কৰিব;

তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। [চেলা]

5আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ;

তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।

6তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে;

লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল;

সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।

7তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে;

তেওঁ জাতিবোৰলৈ চকু ৰাখে;

বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। [চেলা]

8হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা,

আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;

9যি জনাই আমাক জীয়াই ৰাখে,

যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।

10কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা,

ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।

11তুমি আমাক জালেৰে মেৰিয়াই আনিলা;

তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।

12তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা,

আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ;

কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।

13মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম;

আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।

14মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ,

দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।

15মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে,

মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম;

ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা]

16হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা;

তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।

17মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ,

আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।

18যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন,

তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;

19কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে;

তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।

20ঈশ্বৰ ধন্য হওক,

তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে,

আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।

67

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত।

1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা,

তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।

2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে;

সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।

3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক;

সকলো লোকে তোমাৰ প্ৰশংসা কৰক।

4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব;

এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা,

পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]

5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক,

সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।

6পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে;

ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।

7ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব,

আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।

68

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত।

1ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক;

তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।

2ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া;

মম যেনেকৈ জুইৰ ওচৰত গলি যায়,

তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।

3কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক;

তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।

4তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা;

মৰুভূমি68:4 তেওঁ মেঘৰ মাজেদি ৰথত আহিছে। কিছুমান অনুলিপিত আছে - প্ৰভু যেনেকৈ চীনয় পবিত্ৰ স্থানত আছিল, তেনেকৈ সেইবোৰৰ মাজতো আছে।ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা;

তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।

5ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা68:5 ৰক্ষাকর্তা

6অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে;

তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে;

কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।

7হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, [চেলা]

8তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল;

এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত;

ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।

9হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা;

তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।

10তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে;

হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।

11যিহোৱাই লোক সমূহক আদেশ দিয়ে;

সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।

12তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!”

ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:

13যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে -

তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।

14সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে,

তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।

15হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত;

হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!

16হে অনেক শৃঙ্গ সম্বলিত পর্বত,

ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা?

সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।

17ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ;

যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব68:17 যিহোৱা তাৰ মাজত আছে, চীনয় পর্বত পবিত্ৰ স্থান।

18তুমি যেতিয়া ওখ পর্বতত উঠিলা,

তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা;

লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল,

যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।

19প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)

20আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ।

যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।

21কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব,

যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।

22প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম;

সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,

23যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা,

আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”

24হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে;

পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।

25আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল,

খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।

26তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা;

হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।

27তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে;

সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল,

সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।

28হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া68:28 শক্তি থকা আজ্ঞা মোক দিয়া।;

হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।

29যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।

30নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া;

বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া।

যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা;

যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।

31মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে68:31 কুচে ইথিওপিয়া ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।

32হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)

33তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা।

শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।

34ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা;

তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।

35হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে।

ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে।

ঈশ্বৰৰ প্রশংসা হওঁক!

69

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;

কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।

2মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;

গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।

3মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;

মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।

4অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;

অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;

মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।

5হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;

আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।

6হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;

হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।

7তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;

তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।

8মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;

তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।

9কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;

আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।

10যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ69:10 উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ।;

তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।

11যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;

তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।

12নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;

মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।

13কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;

তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।

14বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;

মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।

15ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;

আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।

16হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;

তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।

17তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;

কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।

18তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;

মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।

19মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;

মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।

20তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;

কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,

কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।

21তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;

মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।

22তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;

আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব69:22 তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।

23তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;

তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।

24তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;

তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।

25তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;

তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।

26কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;

তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।

27তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;

তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।

28জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;

আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।

29কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;

হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।

30মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;

ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।

31তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;

নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।

32নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;

হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।

33কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;

আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।

34আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;

সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।

35কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;

লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।

36তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;

তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।

70

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।

1হে ঈশ্বৰ, মোক ৰক্ষা কৰা!

হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।

2যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক;

মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।

3যিসকলে মোক আহা আহা বোলে;

তেওঁলোকে লাজ পাই উলটি যাওক।

4তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক;

তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।

5কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ;

হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ;

তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা;

হে যিহোৱা, পলম নকৰিবা।

71

1হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ;

মোক কেতিয়াও অপমানিত হবলৈ নিদিবা।

2তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক উদ্ধাৰ কৰা;

মোলৈ কাণ পাতা আৰু মোক ৰক্ষা কৰা।

3মোৰ অৰ্থে তুমি এনে বসতিৰ শিলা হোৱা, যি শিলালৈ মই যেন নিতৌ যাব পাৰোঁ;

তুমি মোক ৰক্ষা কৰিবলৈ এটা আজ্ঞা দিলা,

কিয়নো মোৰ অৰ্থে তুমি শিলা আৰু মোৰ দুর্গ।

4হে মোৰ ঈশ্বৰ, দুষ্টলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,

অধৰ্মি আৰু নিষ্ঠুৰ জনৰ হাতৰ পৰা মোক মুক্ত কৰা।

5কিয়নো, হে প্ৰভু যিহোৱা, তুমি মোৰ আশা;

সৰু কালৰে পৰা তুমি মোৰ বিশ্বাসভূমি।

6গৰ্ভৰে পৰা মই তোমাতেই নিৰ্ভৰ কৰিছোঁ;

মোক মাতৃৰ গৰ্ভৰ পৰা উলিওৱা জনা তুমিয়েই;

মই নিতৌ তোমাৰেই প্ৰশংসা কৰিম।

7মই অনেকলোকৰ দৃষ্টিত এটি উদাহৰণৰ বিষয় যেন হৈছোঁ;

কিন্তু তুমি মোৰ দৃঢ় আশ্ৰয় স্থান।

8মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব,

আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।

9বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা;

মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।

10কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে;

তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।

11তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে;

খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”

12হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা;

হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।

13মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক;

মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।

14কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম,

তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।

15এইয়া মোৰ বোধৰ অগম্য হলেও,

মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম,

ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;

16মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম;

মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।

17হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা;

আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।

18প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা,

মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম;

আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।

19হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী;

হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?

20তুমি আমাক বিষম সঙ্কট দেখুৱাইছা,

তুমি আকৌ আমাক পুনৰায় জীবিত কৰা;

পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।

21তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা;

পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।

22হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম;

হে ইস্ৰায়েলৰ পবিত্ৰ জনা,

মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

23মই যেতিয়া তোমাৰ উদ্দেশে প্ৰশংসাৰ গান কৰোঁ, তেতিয়া মোৰ ওঁঠ অতিশয় আনন্দিত হয়;

তুমি মুক্ত কৰা মোৰ প্ৰাণ আনন্দিত হয়।

24মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম;

মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।

72

চলোমনৰ ৰচিত গীত।

1হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,

আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।

2তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;

ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।

3পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;

পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।

4তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,

অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব;

কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।

5তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব72:5 যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব

6ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,

তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।

7তেওঁৰ সময়ত ধাৰ্মিকজন72:7 ধার্মিকতা জকমকাব;

যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।

8তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব,

আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।

9মৰুভূমিৰ72:9 তেওঁৰ শত্রুবোৰেনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;

আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।

10তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;

চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।

11এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;

আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।

12কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;

আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।

13তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;

দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।

14অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;

তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।

15ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;

লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব,

ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।

16পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব;

সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব;

আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।

17ৰজাৰ নাম চিৰস্থায়ী হ’ব;

সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব;

লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব;

সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।

18ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;

যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।

19তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;

আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।

20যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।

73

আচফৰ ৰচিত গীত:

1অৱশ্যেই ঈশ্বৰ ইস্ৰায়েললৈ মঙ্গলজনক;

তেওঁ শুদ্ধ চিত্তৰ লোকসকললৈ শুভ কৰোঁতা।

2কিন্তু মোৰ ভৰি হ’লে প্ৰায় পিছল খাইছিল;

মোৰ খোজ প্ৰায় পিছলি গৈছিল।

3তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল;

মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।

4কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়;

কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।

5তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়;

অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে।

6এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ;

অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে।

7তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়;

তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।

8তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়;

তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।

9তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়;

তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।

10এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়;

গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।

11তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব?

কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?”

12চোৱা, তেওঁলোক দুষ্ট;

তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।

13“মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ;

ই তেন্তে কি অৰ্থহীন নেকি?

14মই ওৰে দিনটো আঘাতিত হলোঁ;

প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।”

15যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন,

তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।

16এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ;

কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল।

17যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো,

তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ।

18সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা;

তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।

19তেওঁলোক কেনেকৈ নিমিষতে মৰুভুমিত উচ্ছন্ন হয়,

নানা আতঙ্কজনক শঙ্কাত তেওঁলোক একেবাৰে বিনষ্ট হ’ব।

20তেওঁলোক এটা সপোন দেখি সাৰ পায় সপোনটো তুচ্ছ জ্ঞান কৰাৰ নিচিনাকৈ;

হে ঈশ্ৱৰ, যেতিয়া তুমি উঠিবা, তেতিয়া তেওঁলোকক ছায়া বুলি তুচ্ছ জ্ঞান কৰিবা।

21যেতিয়া মই মনত গভীৰ দুখ পাইছিলোঁ;

আৰু মোৰ অন্তৰত আঘাত লাগিছিল,

22তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ;

তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।

23তথাপি মই সদায় তোমাৰ লগতে আছোঁ;

তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা।

24তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা,

পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।

25তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে?

তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।

26মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল;

কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি73:26 শিলা

27কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সর্বনাশ হ’ব;

তোমাক এৰি অবিশ্বাসী হোৱা সকলোকে তুমি ধ্বংস কৰিবা।

28কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল;

মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ;

মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।

74

মচকীল নামে আচফৰ ৰচিত গীত।

1হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা?

তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?

2তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে

তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা;

আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।

3তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা;

পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।

4তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে;

তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।

5ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।

6তেওঁলোকে নক্সা কটা74:6 নক্সা কটা খোদিত কৰা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে;

কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।

7তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে;

তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।

8তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।”

তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।

9আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই,

তাত কোনো ভাববাদীও নাই;

কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।

10হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব?

বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?

11তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা?

তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।

12তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা;

তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।

13তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা;

তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।

14তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা;

তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক74:14 মৰুভূমিৰ নিবাসীসকলৰ আহাৰৰ বাবে দিছিলা।

15তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা;

সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।

16দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই;

তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।

17তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা;

তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।

18হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে;

মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।

19তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা;

তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।

20তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা;

কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।

21উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক;

দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।

22হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা;

মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।

23তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা;

তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।

75

প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিম;

আমি তোমাৰ ধন্যবাদ কৰিম, কিয়নো তুমি তোমাৰ উপস্থিতি প্রকাশ কৰিলা;

লোকসকলে তোমাৰ আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰি আছে।

2যেতিয়া নিৰুপিত সময় উপস্থিত হব;

তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।

3যদিও পৃথিৱী আৰু তাৰ বাসিন্দাসকল ভয়াতুৰ আৰু দুর্বল;

তথাপি ময়েই তাৰ স্তম্ভবোৰ দৃঢ়কৈ স্থাপন কৰিলোঁ। [চেলা]

4মই অহঙ্কাৰীবোৰক কলোঁ, “তোমালোকে অহঙ্কাৰেৰে কাৰ্য নকৰিবা;”

দুষ্টবোৰক ক’লো, “পৰিত্রাণ পাবলৈ নি:সংশয় নহবা;

দুষ্টবোৰ জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহওক।

5তোমালোক জয়ী হ’বলৈ অত্যন্ত নিশ্চিন্ত নহবা;

তোমালোকে গর্ব কৰি কথা নকবা।”

6কিয়নো পূব বা পশ্চিম দিশৰ পৰা জয় লাভ নহয়।

7কিন্তু ঈশ্বৰ ন্যায় বিচাৰক;

কোনোক তললৈ নমায়, কোনোক ওপৰলৈ তোলে।

8কিয়নো যিহোৱাৰ হাতত এক পান-পাত্ৰ আছে,

তাত মিশ্ৰিত দ্ৰব্যেৰে সৈতে পৰিপূৰ্ণ ফেনাই উঠা দ্রাক্ষাৰস আছে;

আৰু তেওঁ সেই পাত্রৰ কিছু ঢালি দিয়ে;

পৃথিৱীৰ দুষ্ট লোকবোৰে অৱশ্যেই তাৰ তলিলৈকে থকা গেদবোৰ খাব লাগিব।

9কিন্তু মই হ’লে, চিৰকাললৈ তেওঁ কৰা কার্যৰ প্ৰচাৰ কৰিম;

মই যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে স্তুতি গান কৰিম।

10তেওঁ ক’লে, “মই দুষ্ট লোকবোৰৰ আটাই শিং75:10 শক্তি কাটি পেলাম;

কিন্তু ধাৰ্মিক লোকসকলৰ শিং75:10 শক্তি উচ্চ কৰিম।”

76

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত।

1যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;

ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।

2চালেম76:2 যিৰুচালেমত তেওঁৰ তম্বু আছে;

চিয়োনত তেওঁৰ বসতি স্থান আছে।

3তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;

ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]

4তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;

যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।

5এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল;

তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল।

পৰাক্ৰমীসকল অসহায় হ’ল।

6হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,

ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।

7তুমি, হয় তুমিয়েই আতঙ্কজনক;

তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?

8তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়;

পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।

9হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা;

পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা]

10অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব;

তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা76:10 অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব।

11তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;

তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।

12তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব;

তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।

77

প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত।

1মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম;

মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।

2সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো;

গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো।

মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।

3মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ;

মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]

4তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা;

মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।

5মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ;

অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।

6ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে;

ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ;

মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে77:6 মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ;

7“যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি?

তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?

8তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি?

তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?

9ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি?

তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা]

10মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”

11যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম;

পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।

12তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম;

তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।

13হে ঈশ্বৰ, তোমাৰ পথ77:13 পবিত্ৰস্থান পবিত্ৰ;

আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?

14তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।

15তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা]

16হে ঈশ্বৰ, সমুদ্রৰ জল77:16 সমুদ্ৰ সমূহে তোমাক দেখিলে;

জল77:16 সমুদ্ৰ সমূহে তোমাক দেখি ভয় খালে;

তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।

17মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে;

তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।

18বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল;

তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।

19সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল;

মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।

20মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।

78

মচকীল নামে আচফৰ ৰচিত গীত

1হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া;

মোৰ মুখৰ কথালৈ কাণ পাতা।

2মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম;

মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।

3এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ,

আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।

4তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম;

আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম;

তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।

5কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে,

ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে;

তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।

6যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই,

তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।

7তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব,

তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব,

কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।

8তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব;

সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।

9ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।

10তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে,

তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।

11তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল।

তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।

12ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল;

মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।

13তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে,

তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।

14দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।

15মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।

16তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে,

সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।

17কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল,

সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।

18তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি,

তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।

19তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে,

“ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?

20তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল;

সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে?

তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”

21এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল;

যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল;

ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;

22কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল;

তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।

23তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।

24লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে,

স্বৰ্গৰ শস্য তেওঁলোকক দিলে।

25মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে;

তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।

26তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে;

তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।

27তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে,

সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;

28তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে

তেওঁ সেইবোৰক পৰিবলৈ দিলে।

29তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল;

তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।

30কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই,

এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই

31ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল;

তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে,

ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।

32তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল,

তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।

33সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে,

তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।

34তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে;

তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।

35তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা,

সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।

36কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে,

জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,

37তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল,

তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।

38তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে,

তেওঁলোকক ধ্বংস নকৰিলে;

এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।

39তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে;

তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।

40মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে!

সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!

41বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে,

ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।

42তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে,

মনত নাৰাখিলে সেই দিনৰ কথা-

যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;

43যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।

44সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল,

যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।

45তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল,

সেইবোৰে তেওঁলোকক গ্রাস কৰিলে;

তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।

46তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।

47তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে,

আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।

48তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে,

বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।

49তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে;

সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।

50তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে;

তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে,

কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।

51তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে,

হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।

52তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।

53তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে;

কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।

54তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে;

যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।

55তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে;

সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে;

আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।

56কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;

তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।

57তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে;

ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।

58তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে;

তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।

59এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে;

তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।

60চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু78:60 নিবাসস্থান স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।

61নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।

62তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে;

আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।

63তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে;

তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল78:63 তেওঁলোকৰ ছোৱালীবোৰৰ কাৰণে বিবাহৰ গীত গোৱা নহ’ল।

64তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল,

তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।

65তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল;

দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।

66তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে;

তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।

67পাছত তেওঁ যোচেফৰ বংশক78:67 তম্বুক অগ্ৰাহ্য কৰিলে;

ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;

68কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে,

সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।

69তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে,

তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।

70তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে,

তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।

71গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে,

যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক,

যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।

72দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে;

তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।

79

আচফৰ ৰচিত গীত।

1হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল;

তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে;

তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।

2তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে;

তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।

3যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে;

তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।

4চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ;

আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।

5হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে?

তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?

6তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া,

তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।

7কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে,

তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।

8আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা;

শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া,

কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।

9হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ,

তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা;

তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।

10আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?”

তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত,

তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।

11বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক;

যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে,

তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।

12হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে,

তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।

13তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি,

আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম,

আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।

80

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম-এদূৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত

1হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা;

তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা!

তুমি কৰূববোৰৰ ওপৰত বহি,

আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!

2তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা,

আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।

3হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;

আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।

4হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?

5তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা,

আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।

6তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে।

আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।

7হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;

আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।

8তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা;

আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।

9তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা;

তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।

10তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল;

তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;

11সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।

12তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা?

সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।

13বনৰ বৰাহে আহি তাক নষ্ট কৰে;

পথাৰৰ পশুবোৰেও তাক খায়।

14হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহাঁ;

স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখ-ভাল কৰা,

15যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা;

যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।

16সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে;

তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।

17কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা;

হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।

18তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম;

তুমি আমাক পুনৰ জীৱন দিয়া,

আমি তোমাৰ নামত নিবেদন কৰিম।

19হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা;

আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।

81

প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত।

1আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা;

যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।

2গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা;

নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।

3ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।

4কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।

5যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল,

তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে।

মই আগেয়ে নজনা এনে এটি মাত শুনিলো:

6“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ;

পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।

7তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ;

মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ;

মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)

8হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা,

হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!

9তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক;

কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।

10ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;

ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো;

তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।

11কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে;

ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।

12সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ,

যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।

13হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়,

হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!

14তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়,

তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!

15যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব;

তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।

16কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম;

মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”

82

আচফৰ ৰচিত গীত।

1ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;

দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে।

2“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)

3তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা;

দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা।

4দুখীয়া আৰু কঙালক বচোৱা;

দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”

5তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;

চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;

পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে।

6মই ক’লো, “তোমালোকেই দেৱতাবোৰ;

তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান।

7কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;

অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।”

8হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;

কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।

83

সঙ্গীত: আচফৰ ৰচিত গীত।

1হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!

2চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে;

তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।

3তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে;

তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।

4তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক,

যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।

5তেওঁলোক একমনা হৈ‌ ষড়যন্ত্র কৰিছে;

তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।

6তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল,

মোৱাবীয়া আৰু হাগৰীয়াসকল,

7গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;

8অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে;

লোটৰ উত্তৰপুৰুষসকলৰ83:8 লোটৰ উত্তৰপুৰুষ অর্থাৎ “মোৱাবীয়া আৰু অম্মোনীয়া।” বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।

9তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।

10চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল।

তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।

11তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা;

তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।

12তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”

13হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা,

বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।

14বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে,

জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,

15সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা,

আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।

16হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া,

যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,

17তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণ ভাৱে আতঙ্কিত হওঁক;

তেওঁলোক অপমানিত হৈ বিনষ্ট হওক।

18তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা,

তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।

84

প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত।

1হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!

2যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে।

জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।

3হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে,

ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে,

তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।

4ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে;

তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)

5ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে,

যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।

6শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে;

প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।

7যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়;

তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।

8হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;

হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা)

9হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা;

তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।

10কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম;

দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।

11কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ;

তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে;

যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।

12হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।

85

প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত।

1হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা।

তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।

2তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা;

তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)

3তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।

4হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা;

আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।

5তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি?

সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?

6তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে,

তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?

7হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা;

তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।

8ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম;

কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব,

যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।

9তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট;

তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।

10গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব;

ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।

11দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব;

স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।

12যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব।

আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।

13ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব;

তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।

86

দায়ুদৰ প্ৰাৰ্থনা।

1হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া;

কিয়নো মই দুখী আৰু দৰিদ্ৰ।

2মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত;

তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।

3হে প্ৰভু, মোক কৃপা কৰা;

কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।

4তোমাৰ দাসৰ মনত আনন্দ দান কৰা;

কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।

5হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী;

তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।

6হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা,

মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।

7সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম;

কিয়নো তুমি মোক উত্তৰ দিবা।

8হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই;

তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।

9হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব;

তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।

10কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা।

কেৱল তুমিয়েই ঈশ্বৰ।

11হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া,

যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ;

তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।

12হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম,

চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।

13কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম;

চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।

14হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে;

অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে;

তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।

15কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ;

তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।

16তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা;

তোমাৰ দাসক তোমাৰ শক্তি দান কৰা;

তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।

17মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা,

যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়;

কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।

87

কোৰহৰ বংশৰ ৰচিত গীত। এটি সঙ্গীত।

1যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।

2যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।

3হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।

4“মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম;

পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ87:4 ইথিওপিয়াৰ কুচক কথাও চর্চা কৰিম,

তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”

5এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল;

সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”

6যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)।

7গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”

88

এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ-মহলৎ-লিয়ান্নোৎ। ইজ্ৰাহীয়া হেমনৰ মচকীল নামৰ গীত।

1হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ যিহোৱা,

মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাতৰোক্তি কৰিছোঁ।

2তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক;

তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।

3কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে,

মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে।

4গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ;

মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ;

5মই মৃতবোৰৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছোঁ;

মৈদামত পৰি থকা হত লোকবোৰৰ নিচিনা হৈছোঁ,

যিবোৰক তুমি সোঁৱৰণো নকৰা,

যিবোৰ তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।

6তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা,

অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।

7হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে,

তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)।

8তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা;

তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা;

মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।

9দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে;

হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ;

মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।

10মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা?

মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)।

11মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?

12অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব?

যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?

13হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ,

ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।

14হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা?

তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?

15মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ;

মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ।

মই হতাশ হৈ পৰিছো।

16তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে;

তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।

17সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে;

চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।

18মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা;

এতিয়া অন্ধকাৰেই মোৰ সংগী।

89

ইজ্ৰাহীয়া এথনৰ মচকীল নামৰ গীত।

1মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম;

মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।

2মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে;

তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।

3তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ,

মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:

4‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম;

বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)।

5হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে;

পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।

6আকাশমণ্ডলৰ মাজত এনে কি আছে

যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি?

স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?

7পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে;

তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।

8হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু?

তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।

9তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা;

তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।

10তুমি ৰাহব89:10 প্ৰাচীনকালৰ কাহিনীবোৰৰ এটা সৰ্পৰ চৰিত্ৰ। চাওক ইয়োব 9:13;26:12; যিচয়া 51:9 ক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা;

তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।

11আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই;

জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।

12উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি;

তাবোৰ89:12 ই গালীলৰ দক্ষিণ অংশৰ শেষত থকা এখন পৰ্বত। ই প্ৰায় 555 মিটাৰ ওখ। আৰু হৰ্মোণে89:12 ই গালীলৰ উত্তৰপূব অংশত থকা এখন পৰ্বত। ই প্ৰায় 270 মিটাৰ ওখ। তোমাৰ নামত আনন্দ-ধ্বনি কৰে।

13তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা;

তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।

14ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল;

প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।

15ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনি89:15 ঈশ্বৰক আৰাধনা কৰাৰ সময়ত প্ৰশংসাৰ ধ্বনিৰে তোমাৰ আৰাধনা কৰে;

হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।

16ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে;

তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।

17তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা;

তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি89:17 শিং উন্নত হ’ব।

18আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত,

আমাৰ সেই ঢাল যিহোৱাৰেই।

19এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ;

লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।

20মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ;

মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।

21মোৰ হাত সদায় তেওঁৰ লগত থাকিব;

মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।

22কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব,

কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।

23মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম;

যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।

24মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব;

মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।

25মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম,

আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।

26তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ,

মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’

27মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম,

পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।

28তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম;

মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।

29মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম,

আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।

30তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে,

আৰু মোৰ নিয়মৰ পথত নচলে,

31যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে,

মোৰ আজ্ঞাবোৰ পালন নকৰে,

32তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম,

তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।

33কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম;

মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।

34মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম,

মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।

35মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ;

মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।

36তেওঁৰ বংশ চিৰকাললৈকে থাকিব,

তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।

37সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)

38কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা;

তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।

39তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা;

তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।

40তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা;

তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।

41তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে;

তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।

42তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা;

তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।

43তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।

44তুমি তেওঁৰ হাতৰ ৰাজদণ্ড89:44 মহিমা হৰণ কৰিলা;

তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।

45তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা;

তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)

46হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে?

কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?

47মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা;

কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!

48কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে?

চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা)

49হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত?

সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।

50হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা;

সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ;

কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।

51হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে,

তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।

52যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।

90

গীতমালা‍ চতুর্থ খণ্ড

ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।

1হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।

2পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,

পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,

অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।

3তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা;

তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।

4তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;

যেন ৰাতিৰ এক প্ৰহৰ মাত্র।

5তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা,

তেওঁলোক এটা সপোনৰ নিচিনা;

যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;

6ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে;

গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।

7তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে,

তোমাৰ কোপত আমি ব্যাকুল হওঁ।

8তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা;

তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।

9তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়;

নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।

10আমাৰ আয়ুস মাত্র সত্তৰ বছৰ,

হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে;

তথাপিতো আমি শক্তি90:10 গর্ব কৰিব পৰা বছৰবোৰত থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে;

বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি90:10 নাইকিয়া হৈ যাওঁ যাওঁ।

11তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে?

তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?

12সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;

যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।

13হে যিহোৱা, আৰু কিমান কাল?

তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।

14পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা,

যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।

15যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু,

যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।

16তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম,

আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।

17আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক;

তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা;

হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।

91

1যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে,

যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে

2তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ;

তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”

3তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা

আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।

4তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব,

তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা;

ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।

5তুমি ৰাতিৰ আতঙ্কলৈ;

আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।

6অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ

নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।

7হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক,

আৰু তোমাৰ সোঁফালে অযুত অযুত;

কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।

8তুমি কেৱল নিজ চকুৰে দেখা পাবা;

দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।

9‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’91:9 কিয়নো তুমি যিহোৱাক তোমাৰ আশ্ৰয় কৰিলা।

তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।

10সেয়ে তোমালৈ কোনো বিপদ নঘটিব;

আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।

11কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ,

তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।

12তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব,

যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়

13তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা।

তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।

14কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম;

মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।

15তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম;

সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম;

মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।

16মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম;

মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।

92

এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।

1যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম;

হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;

2ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা

আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;

3দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে,

গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।

4কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা;

মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।

5হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ!

তোমাৰ চিন্তাবোৰ কেনে গভীৰ!

6নির্বোধ লোকে নাজানে,

বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;

7দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে,

অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে,

তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।

8কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।

9কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ,

তোমাৰ শত্রুবোৰ ধ্বংস হ’ব;

তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।

10কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক92:10 শিং তুলি ধৰিলা;

তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল92:10 আশীর্বাদেৰে আনন্দিত কৰিলা ঢালি দিলা।

11মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ;

মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।

12ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব;

লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।

13তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল;

তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।

14তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব;

তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;

15তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান;

তেৱেঁই মোৰ শিলা,

তেওঁত কোনো অধার্মিকতা নাই।

93

1যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত;

যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে;

জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।

2তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল;

তুমি অনাদি কালৰে পৰা বিদ্যমান।

3হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে,

নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে;

নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।

4মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো,

সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।

5তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য;

হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।

94

1হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা,

হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।

2হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা,

অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।

3হে যিহোৱা, দুষ্টবোৰে কিমান কাল,

দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?

4তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে;

সকলো দুষ্টলোকে গৰ্ব্ব কৰে।

5হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে;

তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।

6বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে;

অনাথ সকলক হত্যা কৰিছে;

7তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”

8হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা;

হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?

9যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব?

যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?

10যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে,

তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?

11যিহোৱাই মানুহৰ সকলো চিন্তা জানে;

তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।

12হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা,

আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,

13যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়,

যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।

14কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব,

নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।

15ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব;

শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।

16কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব?

মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?

17যদি যিহোৱাই মোক সহায় নকৰে,

তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।

18যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে,

তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।

19মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে,

তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।

20দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে,

তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?

21তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়;

তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।

22কিন্তু যিহোৱাই মোৰ দুৰ্গ;

মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।

23তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব,

তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব;

আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।

95

1আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক;

আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।

2আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ;

স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।

3কিয়নো যিহোৱা মহান ঈশ্বৰ,

সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।

4পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে,

পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।

5সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে;

তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।

6আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ,

আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;

7কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা;

তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা।

“আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”

8তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা;

তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।95:8 মিৰীবা অর্থাৎ বিবাদ, মচ্ছা অর্থাৎ পৰীক্ষা (যাত্রা 17:7 পদ)

9যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল,

তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।

10চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো।

মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে95:10 তেওঁলোকে মোৰ আজ্ঞা নাজানে ।”

11এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”

96

1তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা;

হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা।

2যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা;

দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।

3বিভিন্ন জাতিৰ মাজত তেওঁৰ গৌৰৱ প্ৰচাৰ কৰা,

সমুদায় লোকৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।

4কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য;

তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।

5কিয়নো সকলো জাতিৰ দেৱতাবোৰ অসাৰ মাত্র,

কিন্তু যিহোৱা আকাশমণ্ডলৰ সৃষ্টিকর্তা।

6মহিমা আৰু প্ৰতাপ তেওঁৰ সন্মুখত আছে;

পৰাক্রম আৰু শোভা তেওঁৰ পবিত্ৰ স্থানত বিদ্যমান।

7হে জাতিবোৰৰ ফৈদ সমূহ,

তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,

যিহোৱাৰেই গৌৰৱ আৰু পৰাক্রম কীৰ্ত্তন কৰা।

8তোমালোকে যিহোৱাৰ নামৰ উদ্দেশ্যে তেওঁৰ যোগ্য গৌৰৱ কীৰ্ত্তন কৰা,

নৈবেদ্যৰে সৈতে তেওঁৰ চোতাল কেইখনলৈ আহাঁ।

9যিহোৱাৰ পবিত্ৰ শোভাত আহি তেওঁৰ আগত প্ৰণিপাত কৰা;

হে সমুদায় পৃথিৱী, তেওঁৰ সন্মুখত কম্পমান হোৱা।

10বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা,

“যিহোৱা ৰজা।

জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব।

তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।”

11আকাশমণ্ডলে আনন্দ কৰক,

পৃথিৱীয়ে উল্লাস কৰক;

সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক।

12পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক;

তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব।

13যিহোৱাৰ সন্মুখতে গান কৰিব;

কিয়নো তেওঁ আহি আছে;

তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।

তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;

নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।

97

1যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;

দ্বীপ সমূহেও আনন্দ কৰক।

2তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;

ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল97:2 ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁ শাসন কৰিব

3অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;

চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।

4তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল;

তাকে দেখি পৃথিৱী কম্পমান হ’ল।

5পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,

সমুদায় পৃথিৱীৰ সন্মুখত।

6আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে,

সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।

7লজ্জিত হওঁক সেইসকল,

যিসকলে মূৰ্ত্তি পূজা কৰে;

যিসকলে অসাৰ প্রতিমাত গর্ব কৰে;

যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।

8হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,

যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।

9হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা;

সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।

10যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে97:10 হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা।;

তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে,

দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

11ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;

সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।

12হে ধাৰ্মিক লোকসকল,

যিহোৱাত আনন্দ কৰা,

তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

98

এটি গীত।

1তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;

কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;

তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে

আমাক জয়ী কৰিলে।

2যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে;

তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।

3ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে;

পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।

4হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;

উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।

5বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,

বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।

6তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।

7সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;

জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।

8নদীবোৰে হাত-তালি দিয়ক;

পর্বতবোৰে একেলগে আনন্দ গান কৰক,

9যিহোৱাৰ সন্মুখতে তেনে কৰক;

কিয়নো তেওঁ আহি আছে;

পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।

তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;

নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।

99

1যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক।

তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;

পৃথিৱী কঁপি উঠক।

2চিয়োনত যিহোৱা মহান;

সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।

3জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;

তেওঁ পবিত্ৰ।

4শক্তিশালী ৰজাই ন্যায় ভাল পায়99:4 যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়।;

তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;

তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।

5আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,

তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;

তেওঁ পবিত্ৰ।

6তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ,

আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে

প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।

7তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;

তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।

8হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;

তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,

তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।

9তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,

তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:

কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।

100

ধন্যবাদাৰ্থক গীত।

1হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।

2আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা;

আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;

3তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ;

তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই;

আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।

4তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা,

তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা;

তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।

5কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী;

তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।

101

দায়ুদৰ ৰচিত গীত।

1মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম;

হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।

2মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;

তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?

মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।

3মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;

বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,

সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।

4কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;

দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।

5যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,

তেওঁক মই উচ্ছন্ন কৰিম;

গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।

6দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;

তেওঁলোকে মোৰ সৈতে বাস কৰিব।

যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।

7ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;

মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।

8প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;

যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।

102

এজন দুখীৰ প্রার্থনা; তেওঁ যেতিয়া হতাশ হয়, তেওঁৰ দুখৰ কথা যিহোৱাক কৈছিল।

1হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;

মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।

2সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;

মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।

3কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে,

মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।

4ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে;

এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।

5মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।

6মই মৰুভূমিত বাস কৰা এটি ফেঁচা102:6 শগুণৰ নিচিনা হ’লো,

ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।

7মই টোপনি যাব নোৱাৰো;

ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।

8মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে;

মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।

9বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ;

পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;

10ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ;

কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।

11মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে;

মই তৃণৰ দৰে শুকাই গৈছোঁ।

12কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা;

তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।

13তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা;

এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে,

কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।

14তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়,

তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।

15যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব,

পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।

16কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব;

তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।

17সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব,

তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।

18ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব,

যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।

19কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে;

যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,

20যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে,

মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।

21চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব,

যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,

22যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে

সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।

23জীৱন পথৰ মাজতেই102:23 যিহোৱাই মোৰ ডেকা বয়সতে মোৰ শক্তি কমাই দিলে। যিহোৱাই মোৰ শক্তি কমাই দিলে;

মোৰ আয়ুস চুটি কৰি দিলে।

24সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা;

তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”

25অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা;

আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।

26সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা;

কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব;

তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা;

তাতে সেইবোৰ আৰু নাথাকিব।

27কিন্তু তুমি হ’লে সদায় একে,

তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।

28তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব;

তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।

103

দায়ুদৰ ৰচিত গীত।

1হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা;

হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

2হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা,

তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।

3যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে,

তোমাৰ সকলো ৰোগ সুস্থ কৰে,

4যি জনাই তোমাৰ জীৱন বিনাশৰ পৰা মুক্ত কৰে,

যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত103:4 আশীর্বাদ কৰে কৰে,

5যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে,

তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।

6যিহোৱাই উচিত কাৰ্য কৰে;

উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।

7তেওঁ মোচিক নিজৰ পথবোৰ,

আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে

8যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।

9তেওঁ সদায় ধমকি দি নাথাকিব,

চিৰকাললৈকে ক্ৰোধো নাৰাখিব।

10তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই,

আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।

11কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ,

তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।

12পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ,

তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।

13বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;

14কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।

15মানুহৰ আয়ুস তৃণৰ নিচিনা;

যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়।

16ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়;

সেই স্থানেও তাক চিনি নাপায়।

17কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে,

আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।

18তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।

19যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে;

তেওঁৰ শাসন সকলোৰে ওপৰত আছে।

20হে যিহোৱাৰ দূতবোৰ, তোমালোক পৰাক্রমী বীৰ;

যিহোৱাৰ কথাৰ বাধ্যতাত থাকি তেওঁৰ আজ্ঞা পালন কৰাসকল,

তোমালোকে তেওঁৰ ধন্যবাদ কৰা;

21হে যিহোৱাৰ বাহিনী সমূহ,

যিহোৱাৰ ইচ্ছা পূৰণ কৰা তেওঁৰ পৰিচাৰকসকল,

তেওঁৰ ধন্যবাদ কৰা।

22হে যিহোৱাৰ সকলো নির্মিত বস্তু,

তেওঁৰ অধীনৰ সকলো স্থানত তেওঁৰ ধন্যবাদ কৰা;

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

104

1হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান;

তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।

2বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা,

আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।

3তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা;

মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা,

বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।

4তুমি বতাহক তোমাৰ দূত104:4 নিজৰ দূতবোৰক বায়ুস্বৰূপ কৰে। কৰিছা;

অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা104:4 বা, তুমি তোমাৰ দূতক বতাহৰ নিচিনা কৰিছা আৰু অগ্নিশিখা কৰিছা।

5তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা;

সেয়ে কেতিয়াও লৰচৰ নহ’ব।

6তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা।

সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।

7কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল;

তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।

8পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল;

তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।

9এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা,

যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।

10উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া;

সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।

11সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়;

বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।

12জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়,

গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।

13তেওঁ আকাশৰ পৰা104:13 নিজৰ ওপৰ কোঁঠালিৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে;

তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।

14তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া,

যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;

15যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস,

মুখ উজ্জ্বল কৰা তেল,

আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।

16যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;

তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।

17সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।

18ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস;

শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।

19ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা;

তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।

20তুমি অন্ধকাৰ কৰিলে ৰাতি হয়;

অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।

21যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে;

ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।

22সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।

23মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়;

সন্ধ্যালৈকে পৰিশ্ৰম কৰে।

24হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী!

তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা;

সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।

25সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ;

তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।

26তাৰ মাজত জাহাজবোৰ চলে;

তাত লিবিয়াথনো104:26 চাওক গীত 74:14 থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।

27সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে;

যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।

28তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়;

তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।

29তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়;

তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।

30তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়,

আৰু তুমি ভূমিতল নতুন কৰি তোলা।

31যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক;

যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।

32তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়:

তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।

33মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম;

মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।

34তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক;

মই যিহোৱাত আনন্দ কৰিম।

35পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক;

দুষ্টলোক আৰু নাথাকক।

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

105

1যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা;

জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।

2তেওঁৰ উদ্দেশ্যে গীত গোৱা,

তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা;

তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।

3তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা;

যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।

4তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা;

নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।

5তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা;

তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।

6তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ,105:6 ইস্রায়েল জাতি (1 বংশাৱলী 16:13)

তেওঁৰ মনোনীত যাকোবৰ সন্তান।

7তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা;

তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।

8তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে,

আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।

9সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।

10তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে,

ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।

11তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম;

সেয়াই হ’ব তোমাৰ আধিপত্য।

12সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল,

তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;

13তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ,

এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,

14তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে;

বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,

15“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা;

মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”

16তেওঁ সেই দেশলৈ105:16 ইজিপ্ত বা মিচৰলৈ দুৰ্ভিক্ষ মাতি আনিলে,

তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে105:16 তেওঁলোকৰ খাদ্যৰ অভাৱ ঘটিল।

17তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল;

তেওঁক দাসৰূপে বেচা হ’ল।

18লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে;

লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।

19যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়,

তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।

20ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে,

লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।

21তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে,

সকলো সম্পত্তিৰ কর্তা কৰিলে।

22যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে,

আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।

23তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল,

যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।

24ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে,

শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।

25তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে,

তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে;

তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।

26তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;

27তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;

28তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল;

তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।

29তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে;

তাতে তেওঁলোকৰ সকলো মাছ মৰিল।

30তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল;

এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।

31তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।

32তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে;

গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।

33তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে,

আৰু দেশৰ গছবোৰ ভাঙি পেলালে।

34তেওঁৰ কথাতেই কাকতি ফৰিং আহিল,

অসংখ্য সৰু ফৰিঙো আহিল।

35সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।

36তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।

37পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে;

তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।

38তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে,

কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।

39তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে;

ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।

40তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে;

আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।

41তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল;

সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।

42তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে;

তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।

43এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে,

তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।

44তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে;

সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,

45যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে।

তোমালোকে যিহোৱাৰ প্রশংসা কৰা।

106

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;

কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।

2কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে?

কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?

3ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।

4হে যিহোৱা, তোমাৰ লোকসকলৰ প্রতি তুমি মৰম প্রকাশ কৰাৰ সময়ত মোকো সোঁৱৰণ কৰিবা;

তেওঁলোকক উদ্ধাৰ কৰাৰ সময়ত মোকো সহায় কৰিবা।

5যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ,

তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ,

আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।

6আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলোঁ;

আমি অধর্ম কৰিলোঁ, দুষ্টতাৰ কার্য কৰিলোঁ।

7মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে;

তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে;

বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।

8তথাপিও তেওঁ নিজৰ নামৰ অর্থে তেওঁলোকক উদ্ধাৰ কৰিলে,

যাতে তেওঁ নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব পাৰে।

9তেওঁৰ ধমকিত চূফ সাগৰ শুকাই গ’ল;

তেওঁ তেওঁলোকক মৰুভূমিৰ মাজেদি যোৱাৰ দৰে অগাধ জলৰ মাজেদি গমন কৰালে।

10এইদৰে তেওঁ তেওঁলোকক ঘৃণাকাৰীবোৰৰ হাতৰ পৰা ৰক্ষা কৰিলে,

শত্ৰুৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰিলে।

11জল সমূহে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে,

এজনো বাচি নাথাকিল।

12তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যত বিশ্বাস কৰিলে;

তেওঁৰ প্ৰশংসাৰ গান কৰিলে।

13কিন্তু তেওঁৰ কার্যবোৰৰ কথা তেওঁলোকে শীঘ্ৰেই পাহৰিলে;

তেওঁলোকে তেওঁৰ পৰামৰ্শলৈ বাট নাচালে;

14কিন্তু মৰুপ্রান্তৰত তেওঁলোকে অতিশয় লোভ কৰিলে,

মৰুভূমিত ঈশ্বৰক পৰীক্ষা কৰিলে।

15তেওঁলোকে যিহকে বিচাৰিলে, তেওঁ তাকে তেওঁলোকক দিলে;

কিন্তু তেওঁলোকৰ মাজলৈ পঠাই দিলে এক ক্ষয়ৰূপ ৰোগ।

16তেওঁলোকে ছাউনিত থকাৰ সময়ত মোচি,

আৰু যিহোৱাৰ পবিত্ৰ লোক হাৰোণক ঈৰ্ষা কৰিলে।

17পৃথিৱীয়ে মুখ খুলি দাথনক গ্ৰাস কৰিলে আৰু অবীৰামৰ দলক ঢাকি পেলালে।

18তেওঁলোকৰ দলৰ মাজত জুই জ্বলিল।

অগ্নিশিখাই দুষ্ট লোকসকল দগ্ধ কৰিলে।

19তেওঁলোকে হোৰেব পাহাৰত এটা দামুৰি সাজিলে,

আৰু সাঁচত ঢলা মূর্তিৰ পূজা কৰিলে।

20এইদৰে তেওঁলোকে ঘাঁহ খোৱা গৰুৰ মুৰ্ত্তিৰে সৈতে ঈশ্বৰৰ গৌৰৱ সলনি কৰিলে।

21তেওঁলোকৰ উদ্ধাৰকর্তা ঈশ্বৰক তেওঁলোকে পাহৰি গ’ল,

যি জনাই মিচৰত অনেক মহৎ কাৰ্য কৰিছিল;

22হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে

আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।

23সেয়ে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব।

কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভগা গড়ত থিয় হৈ তেওঁলোকৰ মধ্যস্থ হ’ল,

আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰ বাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।

24তাৰ পাছত তেওঁলোকে সেই মনোহৰ দেশক তুচ্ছ কৰিলে,

তেওঁলোকে যিহোৱাৰ কথাত বিশ্বাস নকৰিলে;

25নিজ নিজ তম্বুত তেওঁলোকে ভোৰ ভোৰালে,

যিহোৱাৰ বাক্যলৈ তেওঁলোকে কর্ণপাত নকৰিলে।

26তাতে তেওঁ তেওঁলোকৰ বিৰুদ্ধে হাত উঠাই শপত খাই ক’লে,

“মই তেওঁলোকক মৰুভূমিতে নিপাত কৰিম;

27তেওঁলোকৰ বংশধৰসকলক জাতিবোৰৰ মাজত নিপাত কৰিম।

বিভিন্ন দেশত ছিন্ন-ভিন্ন কৰিম।

28পাছত তেওঁলোক বাল পিয়োৰৰ প্রতি আসক্ত হ’ল;

মৃত লোকৰ উদ্দেশ্যে দিয়া বলিৰ মাংস ভোজন কৰিলে।

29এই দৰে তেওঁলোকে নিজৰ অপকৰ্মৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰিলে।

তাতে তেওঁলোকৰ মাজত মহামাৰীৰ প্রাদুর্ভাৱ হ’ল।

30তেতিয়া পীনহচে উঠি বিচাৰ সাধন কৰিলে,

তাতে মহামাৰী নিবৃত্ত হ’ল।

31পীনহচৰ পক্ষে সেয়া ধাৰ্মিকতা বুলি গণিত হ’ল;

পুৰুষে পুৰুষে চিৰকালৰ কাৰণে গণিত হ’ল।

32তেওঁলোকে মিৰীবাৰ জলৰ দাঁতিত যিহোৱাৰ খং তুলিছিল,

আৰু তেওঁলোকৰ কাৰণেই মোচিলৈ অমঙ্গল ঘটিছিল;

33তেওঁলোকে তেওঁৰ আত্মাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে,

তাতে মোচিৰ মুখৰ পৰা অবিবেচনাৰ কথা বাহিৰ হ’ল।

34যিহোৱাই তেওঁলোকক আন জাতিবোৰক ধ্বংস কৰিবলৈ যি আজ্ঞা দিছিল,

তেওঁলোকে তাক নকৰিলে।

35বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে,

আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।

36তেওঁলোকৰ মূর্তিবোৰক তেওঁলোকে সেৱা-পূজা কৰিলে,

আৰু সেইবোৰেই তেওঁলোকৰ ফান্দস্বৰূপ হ’ল।

37এনে কি, ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে নিজৰ পুত্র-কন্যাবোৰক বলি দিলে।

38তেওঁলোকে নিৰ্দ্দোষীবোৰৰ ৰক্তপাত কৰিলে,

তেওঁলোকৰ পুত্র-কন্যাবোৰৰ ৰক্তপাত কৰিলে,

কনানীয়া মূর্তিবোৰৰ উদ্দেশ্যে সন্তানবোৰক বলি দিলে,

গোটেই দেশ তেজেৰে অপবিত্ৰ হ’ল।

39এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল;

কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।

40তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল;

নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।

41তেওঁ অন্যান্য জাতিবোৰৰ হাতত তেওঁলোকক শোধাই দিলে;

তেওঁলোকক ঘিণ কৰাসকলেই তেওঁলোকক শাসন কৰিলে।

42তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে,

তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।

43তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে;

কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল;

নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।

44তথাপি তেওঁ যেতিয়া তেওঁলোকৰ কাকুতি শুনিলে, তেওঁলোকৰ সঙ্কটৰ প্রতি দৃষ্টিপাত কৰিলে।

45তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে;

নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।

46যিসকলে তেওঁলোকক বন্দী কৰিছিল,

তেওঁলোক সকলোৰে দৃষ্টিত তেওঁ তেওঁলোকক দয়াৰ পাত্র কৰিলে।

47হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা,

জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা,

যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ,

যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।

48অনাদি কালৰ পৰা অনন্ত কাললৈকে,

ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা;

সকলো লোকে “আমেন” বুলি কওক।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

107

গীতমালা

পঞ্চম খণ্ড

1যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;

কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!

2যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক,

যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,

3যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে,

পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।

4তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল,

তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।

5তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল;

তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।

6তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে;

তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।

7তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে;

যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।

8মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে

আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।

9কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে;

আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।

10কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল;

সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।

11কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল;

সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।

12সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে;

তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।

13তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে;

তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।

14তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে;

তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।

15মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে

আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।

16তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে;

আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।

17যি সকল নিৰ্ব্বোধ,

তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।

18তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে;

তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।

19সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে;

তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।

20তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে;

তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।

21মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে

আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।

22তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক;

আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।

23যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে,

আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,

24তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে,

গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।

25তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল;

তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;

26ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে;

বিপদৰ কালত তেওঁলোকৰ107:26 জাহাজ চলোৱাসকল প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।

27মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে;

তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।

28সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে,

তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।

29তেওঁ ধুমুহাক প্রশমিত কৰে,

তাৰ ঢৌবোৰক শান্ত কৰে।

30সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে;

তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।

31মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে

আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।

32সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক,

বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।

33নদীবোৰক তেওঁ মৰুভূমিলৈ,

জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;

34তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে,

সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।

35তেওঁ মৰুভূমিক জলাশয়লৈ,

শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।

36ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়;

তেওঁলোকে তাত নগৰ স্থাপন কৰে।

37তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে,

আৰু প্রচুৰ ফল চপায়।

38তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়;

তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।

39উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়,

তেওঁলোকৰ নীহ অৱস্থা হ’য়।

40তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়,

পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;

41কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে,

আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।

42তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে,

কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।

43যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক,

যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।

108

সঙ্গীত। দায়ুদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে;

মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।

2হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।

3হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম।

তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।

4কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ;

তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।

5হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা;

গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়,

তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা,

আৰু মোক উত্তৰ দিয়া।

7ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে,

“মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম,

চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।

8গিলিয়দ মোৰেই, মনচিও মোৰেই;

ইফ্ৰয়িম মোৰ শিৰোৰক্ষক;

যিহূদা মোৰ বিচাৰদণ্ড;

9মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;

ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম;

পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”

10কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব?

কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?

11হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই?

আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।

12শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ;

কিয়নো মানুহৰ সাহার্য বৃথা।

13ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম;

কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।

109

প্ৰধান বাদ্যকৰৰ নিমিত্তে দায়ুদৰ ৰচিত গীত

1হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;

2কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে;

তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।

3তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে;

বিনা কাৰণতে মোক আক্রমণ কৰিছে।

4মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে;

কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।

5মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে;

মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।

6“তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা;

বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।

7বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক;

তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।

8তেওঁলোকৰ আয়ুস চুটি হওঁক;

অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।

9তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক;

তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।

10তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক,

উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।

11মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক;

বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।

12তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক;

তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।

13তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক;

দ্বিতীয় পুৰুষতে তেওঁৰ109:13 তেওঁলোকৰ নাম লুপ্ত হওক!

14তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক;

তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।

15সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক,

আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।

16কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে,

কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।

17তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক।

তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।

18তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে;

সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে,

তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।

19সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক;

কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”

20মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়,

তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।

21কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা;

কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।

22কিয়নো মই দুখী আৰু দৰিদ্ৰ;

মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।

23আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো;

কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।

24লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে;

মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।

25মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ;

মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।

26হে মোৰ ঈশ্বৰ যিহোৱা!

মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;

27তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত;

হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।

28তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা;

তেওঁলোকে উঠিলে লজ্জিত হ’ব;

কিন্তু তোমাৰ দাস আনন্দিত হ’ব।

29মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক;

চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।

30মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম;

লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;

31যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে109:31 তেওঁ অভাৱী জনৰ সোঁফালে থিয় হৈ থাকে।; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।109:31 কিছুমান অনুলিপিত আছে, “কিয়নো, তেওঁ অভাৱী জনৰ সোঁফালে থিয় হৈ থাকে, যেন মৃত্যুদণ্ডৰ ৰায় দিব খোজা বিচাৰকৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পাৰে”।

110

দায়ুদৰ ৰচিত গীত।

1যিহোৱাই মোৰ প্ৰভুক ক’লে,

“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,

তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”

2যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,

তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”

3যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,

পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;

ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।

4“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”

যিহোৱাই এই শপত খালে;

তেওঁ নিজৰ মন সলনি নকৰিব।110:4 চাওক ইব্ৰী 5:6, 6:20, 7:17,21

5যিহোৱা তোমাৰ সোঁহাতে আছে;

ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।

6তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,

তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;

তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।

7তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;

তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।

111

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম;

ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।

2যিহোৱাৰ কাৰ্যবোৰ মহৎ;

যিসকল তাত আনন্দিত হয়, তেওঁলোকে সেইবোৰ ধ্যান কৰে।

3তেওঁৰ কাৰ্য গৌৰৱ আৰু মহিমাৰে পৰিপূর্ণ;

তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।

4তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে;

যিহোৱা কৃপাময় আৰু দয়ালু।

5তেওঁৰ ভক্তসকলক তেওঁ আহাৰ যোগায়;

নিজে স্থাপন কৰা নিয়মটি তেওঁ চিৰকাললৈকে সোঁৱৰণ কৰিব।

6অন্যান্য জাতিবোৰৰ আধিপত্য নিজৰ লোকসকলক দি

তেওঁ নিজৰ কাৰ্যৰ শক্তি তেওঁলোকক দেখুৱালে।

7তেওঁৰ হাতৰ কাৰ্যবোৰ বিশ্বস্ত আৰু ন্যায়পূর্ণ;

তেওঁৰ সকলো বিধি বিশ্বাসযোগ্য।

8সেইবোৰ অনন্ত কাললৈকে অলৰ;

সেইবোৰ বিশ্ৱস্ততা আৰু সততাৰে সৈতে স্থাপন কৰা হৈছে।

9নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে;

তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে;

তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।

10যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ;

যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়;

তেওঁৰ প্ৰশংসা অনন্ত কাললৈকে থাকে।

112

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।

2তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব;

ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।

3তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।

4ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়;

তেওঁলোক112:4 যিহোৱা কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।

5যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়;

তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।

6কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব;

ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।

7দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব;

তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে;

তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।

8তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে;

শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।

9তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে;

তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে;

তেওঁলোকৰ শিং112:9 তেওঁ মহান আৰু শক্তিশালী মৰ্য্যদাৰে উন্নত হয়।

10দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব;

দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

113

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।

2এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।

3সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।

4যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।

5আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে?

যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,

6যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;

7তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়,

সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,

8যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে,

নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।

9তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

114

1ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,

যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,

2তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,

ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।

3সমুদ্ৰই114:3 সমুদ্ৰই চূফ সাগৰ তাকে দেখি পলায়ন কৰিলে;

যৰ্দ্দন নদী উজাই গ’ল।

4পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ,

পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।

5হে সমুদ্ৰ, তোমাৰ কি হ’ল?

কিয় তুমি পলাই গ’লা?

হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?

6হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা?

হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?

7হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,

যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।

8তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে,

চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

115

1হে যিহোৱা, আমাক নহয়, আমাক নহয়,

কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা;

তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।

2আন জাতিবোৰে কিয় ক’ব,

“ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”

3আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে;

তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।

4তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ,

মনুষ্যৰ হাতৰ কাৰ্য।

5সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে;

চকু আছে, কিন্তু নেদেখে;

6কাণ আছে, কিন্তু নুশুনে;

নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;

7হাত আছে, কিন্তু চুব নোৱাৰে;

ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে;

কন্ঠই একো মাত উলিয়াব নোৱাৰে।

8যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে,

তেওঁলোক সেইবোৰৰ নিচিনাই।

9হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা!

তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

10হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা;

তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

11হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা;

তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।

12যিহোৱাই আমাক সোঁৱৰণ কৰিলে,

সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব;

ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব;

হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;

13যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব,

সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।

14যিহোৱাই তোমালোকক বৃদ্ধি কৰক;

তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।

15যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা,

তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।

16স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ;

কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।

17মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে;

যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়,

তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।

18কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম,

এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

116

1মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।

2তেওঁ মোৰ কথালৈ কাণ পাতিলে,

সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।

3মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ,

চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো,

মই দুখ-কষ্ট পাইছিলো;

4তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ,

“হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”

5যিহোৱা দয়াময় আৰু ধাৰ্মিক;

বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।

6যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে;

মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।

7হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা,

কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।

8কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ,

চকুলোৰ পৰা মোৰ চকু,

উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।

9মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।

10যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ”

তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ।

11মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”

12যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে

মই তেওঁক কি দিম?

13মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম,

আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম116:13 ধন্যবাদ সেইজনা যিহোৱা, যিজনাই মোক ৰক্ষা কৰিলে; তেওঁক মই পেয় নৈবেদ্য উৎসৰ্গ কৰো।;

14মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;

তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।

15যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।

16হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ;

মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ;

তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।

17মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম;

মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।

18মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম;

তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।

19হে যিৰূচালেম, তোমাৰেই মাজত,

যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!

117

1হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা;

হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা।

2কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম,

যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

118

1যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,

কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

2ইস্ৰায়েলে কওঁক,

“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”

3হাৰোণৰ বংশই কওঁক,

“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”

4যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক,

“তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”

5মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ;

যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।

6যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ;

মানুহে মোক কি কৰিব পাৰে?

7মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে;

গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।

8মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।

9অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।

10সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে;

মই যিহোৱাৰ অধিকাৰেৰে118:10 নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

11তেওঁলোকে মোক আগুৰি ধৰিলে,

হয়, মোক আগুৰি ধৰিলে;

মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

12তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে;

কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল;

মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।

13মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল,

কিন্তু যিহোৱাই মোক সহায় কৰিলে।

14যিহোৱা মোৰ বল আৰু প্রবল শক্তি;

তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।

15ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল;

“যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।”

16যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল;

যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।

17মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম,

আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।

18যিহোৱাই মোক বৰকৈ শাস্তি দিলে;

কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।

19মোলৈ ধাৰ্মিকতাৰ118:19 আৰাধনাস্থানৰ দুৱাৰবোৰ মুকলি কৰি দিয়া,

যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।

20এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।

21মই তোমাৰ ধন্যবাদ কৰোঁ;

কিয়নো তুমি মোক উত্তৰ দিলা;

তুমি মোৰ পৰিত্ৰাণ থ’লো।

22ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে,

সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।

23এইয়া যিহোৱাৰেই কার্য,

আমাৰ দৃষ্টিত অতি আচৰিত লাগে।

24এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে;

আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।

25হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা!

হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা।

26ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে;

আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।

27যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে;

তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।

28তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম;

তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।

29তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়;

তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।

119

আলেফ

1ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ;

যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।

2ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে;

যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।

3তেওঁলোকে অন্যায় নকৰে,

যিহোৱাৰ পথত চলে।

4তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।

5ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক;

মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ!

6যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম,

তেতিয়া মই লজ্জিত নহ’ম।

7তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ,

তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।

8মই তোমাৰ বিধিবোৰ পালন কৰিম;

মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।

বেইৎ

9যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে?

তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।

10মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ;

তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।

11তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো,

যেন তোমাৰ অহিতে পাপ নকৰোঁ।

12ধন্য তুমি, হে যিহোৱা;

মোক তোমাৰ বিধিবোৰ শিকোৱা।

13তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী,

মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;

14ধন-সম্পদত লোকে যিমান আনন্দ পায়,

তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।

15মই তোমাৰ আদেশবোৰ ধ্যান কৰিম,

তোমাৰ সকলো পথলৈ মনোযোগ দিম।

16মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;

মই তোমাৰ বাক্য নাপাহৰিম।

গীমেল

17তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো,

আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ।

18মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।

19মই পৃথিৱীত প্রবাসী মাথোন,

তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।

20সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ,

মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।

21তুমি অহঙ্কাৰীবোৰক ধমক দিছা;

তেওঁলোকতো শাপগ্ৰস্ত,

তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।

22তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা;

কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।

23যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়,

তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।

24তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়,

সেইবোৰে মোক পৰামৰ্শ দিয়ে।

দালেৎ

25মোৰ প্রাণ ধুলিত সংলগ্ন;

তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।

26মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ,

আৰু তুমি মোক উত্তৰ দিলা।

মোক তোমাৰ বিধিবোৰ শিকোঁৱা।

27তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া;

তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ119:27 শিক্ষাবোৰ ধ্যান কৰিম।

28দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে;

তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।

29মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা;

দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।

30মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ;

মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।

31হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ;

তুমি মোক লজ্জিত হ’বলৈ নিদিবা।

32তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম,

কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।

হেই

33হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা;

তাতে মই শেষলৈকে তাক পালন কৰিম।

34তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ,

সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।

35তোমাৰ আজ্ঞা- পথত মোক চলোৱা;

কিয়নো তাতেই মই সন্তোষ পাওঁ।

36তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা,

স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।

37অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা;

তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।

38তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা;

যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।

39মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ;

কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।

40চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ;

তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।

বাৱ

41হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া;

তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।

42তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম;

কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।

43তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা;

কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।

44যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।

45মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম;

কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।

46তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম;

মই লজ্জিত নহ’ম।

47তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ;

কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।

48তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ,

কাৰণ মই সেইবোৰ ভাল পাওঁ;

মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।

জয়িন

49তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা;

তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।

50দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়;

তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।

51অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে;

তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।

52হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।

53দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়,

কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।

54মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।

55হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ,

আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।

56এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।

হেৎ

57যিহোৱা মোৰ অধিকাৰৰ অংশ;

মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।

58মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।

59মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ,

আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।

60মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।

61যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ,

তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।

62তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।

63যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।

64হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ;

মোক তোমাৰ বিধিবোৰ শিকোৱা।

টেইট

65তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা;

হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।

66তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা;

কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।

67কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।

68তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা;

মোক তোমাৰ বিধিবোৰ শিকোৱা।

69অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে;

কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।

70তেওঁলোকৰ হৃদয়ত সত্যতা নাই119:70 অন্তঃকৰণ চর্বিৰ দৰে মোটা; ;

কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।

71মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক,

তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।

72তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।

ইয়োদ

73তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে;

তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।

74তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব;

কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।

75হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ,

তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।

76তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা,

সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।

77মোলৈ তোমাৰ কৃপা নামি আহঁক,

যাতে মই জীয়াই থাকিব পাৰোঁ;

কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।

78অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে;

কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;

79যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক,

যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।

80মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।

কফ

81তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে;

মই তোমাৰ বাক্যত আশা কৰিছোঁ।

82তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে;

মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”

83কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো;

তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।

84তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব?

মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?

85অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে;

তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।

86তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য;

লোকসকলে অকাৰণতে মোক তাড়না কৰে;

তুমি মোক সহায় কৰা।

87তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে;

কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।

88তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা119:88 তোমাৰ গভীৰ প্রেমত তুমি মোৰ জীৱন ৰক্ষা কৰা ,

তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।

লামেদ

89যিহোৱা অনন্ত কাললৈকে বিদ্যমান;

তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।

90পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী;

তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।

91তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে;

কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।

92তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন,

তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।

93মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম;

কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।

94মই তোমাৰেই, মোক ৰক্ষা কৰা;

কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।

95দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে;

কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।

96মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।

মেইম

97ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!

সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।

98তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে;

কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।

99মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান;

কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।

100মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ;

কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।

101মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ,

যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।

102মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই;

কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।

103তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে!

সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।

104তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ;

সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।

নুন

105তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।

106তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ,

আৰু স্থিৰ কৰিলোঁ।

107হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ;

তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।

108হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা,

আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।

109মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ;

তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।

110দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।

111তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য;

সেইবোৰ মোৰ মনৰ আনন্দজনক।

112চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।

চামেক

113দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।

114তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।

115হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।

116তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম;

মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।

117মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।

118তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা;

কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।

119পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা;

এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।

120তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে;

তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।

অয়িন

121মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।

122তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা;

অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।

123তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।

124তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা;

তোমাৰ বিধিবোৰ মোক শিকোঁৱা।

125মই তোমাৰ দাস; মোক বোধশক্তি দিয়া,

যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।

126হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে,

কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।

127মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ;

সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।

128এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।

পেই

129তোমাৰ আজ্ঞাবোৰ আচৰিত;

সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।

130তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে;

সৰল মনৰ লোকক বুজন শক্তি দান কৰে।

131মই মুখ মেলি ফোপাইছিলো;

কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।

132তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা,

তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।

133তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।

134মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা,

তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।

135তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা;

তোমাৰ বিধিবোৰ মোক শিকোৱা।

136মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে;

কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।

চাধেই

137হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।

138তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।

139তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে;

কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।

140তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে;

সেয়ে তোমাৰ দাসে তাক ভাল পায়।

141যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।

142তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।

143সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল;

তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।

144তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক;

মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।

কোফ

145মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া;

মই তোমাৰ বিধিবোৰ পালন কৰিম।

146মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা;

মই তোমাৰ সকলো আজ্ঞা মানি চলিম।

147মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ;

তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।

148ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়,

যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।

149তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা;

হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।

150কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে;

তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।

151কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;

152বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে,

তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।

ৰেচ

153তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা;

কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।

154মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা;

তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;

155দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে;

কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।

156হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি;

তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।

157মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।

158মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।

159চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ!

হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।

160তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।

চীন

161অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে;

কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।

162মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ,

যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।

163মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ;

কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।

164তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।

165যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়;

একোতেই তেওঁলোক উজুটি নাখায়।

166হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ;

মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।

167মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে;

মই সেইবোৰক অতি প্ৰেম কৰোঁ।

168মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ;

কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।

তাৱ

169হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক;

তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।

170মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক;

তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।

171মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক;

কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।

172মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক;

কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।

173তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক;

কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।

174হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ;

তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়

175মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ;

তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।

176হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ;

তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।

120

মন্দিৰ অভিমুখে যাত্রাৰ সঙ্গীত।

1মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে।

2“হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।”

3হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?

4তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব।

5হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ;

কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।

6যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছোঁ।

7মই শান্তি ভাল পাওঁ;

কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।

121

যাত্ৰাৰ সঙ্গীত।

1মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,

ক’ৰ পৰা মোৰ সহায় আহিব?

2যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

3তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;

তোমাৰ ৰখীয়াজনা টোপনি নাযাব।

4চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,

তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।

5যিহোৱা তোমাৰ ৰক্ষক;

যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।

6দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।

7যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;

তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।

8যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

122

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।

1মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে,

“ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।”

2হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।

3সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে।

4সকলো ফৈদ সেই ঠাইলৈ উঠি যায়,

তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ;

তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।

5কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে,

দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে।

6তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা;

“যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।

7তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক,

আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।”

8মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।”

9আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি122:9 বিচাৰিম। প্ৰার্থনা কৰিম।

123

যাত্ৰাৰ সঙ্গীত।

1হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা,

মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।

2গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে,

তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।

3আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা;

কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।

4আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।

124

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।

1ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,

2শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল,

তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,

3তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,

4তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;

5ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।

6ধন্য যিহোৱা,

যি জনাই আমাক চিকাৰ স্বৰূপে

তেওঁলোকৰ দাঁতত পেলাই নিদিলে।

7আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল;

ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।

8যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে,

সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।

125

যাত্ৰাৰ সঙ্গীত।

1যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে,

তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।

2যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে,

তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে;

এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।

3ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে,

সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।

4হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা;

যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।

5কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়,

যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব।

ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।

126

যাত্ৰাৰ সঙ্গীত।

1যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে126:1 যেতিয়া যিহোৱাই নির্বাসনৰ পৰা পুনৰ চিয়োনলৈ আনিলে, তেতিয়া ইয়াক পুনৰ উর্বৰ কৰিলে। (চিয়োনৰ আন নাম ‘যিৰুচালেম’।),

তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।

2তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল,

আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল;

আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে,

“যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”

3যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে;

সেয়ে আমি আনন্দ কৰিলোঁ।

4হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ,

তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।

5যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।

6যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

127

চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত

1যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা;

যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।

2মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা,

আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা;

কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে127:2 তেওঁ যি পাবলগীয়া, সেয়া তেওঁ নিদ্রাত থাকোতে পায়।

3সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।

4বীৰৰ হাতত কাঁড়বোৰ যেনে,

যুবা সন্তান সকলো তেনে।

5সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে।

নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।

128

যাত্ৰাৰ সঙ্গীত

1ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;

2তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা,

তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।

3তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব;

তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।

4এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।

5যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব;

তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।

6এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা।

ইস্ৰায়েলৰ ওপৰত শান্তি হওক।

129

যাত্ৰাৰ সঙ্গীত

1ইস্ৰায়েলে কওঁক,

“যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”

2“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;

তথাপি মোক জিনিব পৰা নাই।

3হালোৱাই মোৰ পিঠিত হাল বালে;

তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”

4যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে129:4 তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে।

5যিসকলে চিয়োনক ঘিণ কৰে,

তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।

6তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,

যি নৌ বাঢ়োতেই শুকাই যায়;

7যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,

যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।

8বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়,

“তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক!

যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”

130

যাত্ৰাৰ সঙ্গীত

1হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।

2হে প্ৰভু, মোৰ স্বৰ শুনা!

মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!

3হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা,

তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?

4কিন্তু তোমাৰ ওচৰত ক্ষমা আছে,

যেন মানুহে তোমাক ভয় কৰে।

5মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে,

মই তেওঁৰ বাক্যত আশা কৰিছোঁ।

6প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে,

হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে,

যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।

7হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে;

তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।

8তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব,

সকলো অপৰাধৰ পৰা মুক্ত কৰিব।

131

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত

1হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়,

নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই,

নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।

2কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ,

যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে;

মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।

3হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা,

এতিয়াৰ পৰা অনন্ত কাললৈকে।

132

যাত্ৰাৰ সঙ্গীত।

1হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;

2তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল,

যাকোবৰ সর্বশক্তিমান জনাৰ ওচৰত সঙ্কল্প কৰিছিল।

3তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম,

নিজৰ শয্যাতো শয়ন নকৰিম,

4মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম,

চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,

5যেতিয়ালৈকে মই যিহোৱাৰ কাৰণে এক স্থান বিচাৰি নাপাওঁ,

যাকোবৰ সর্বশক্তিমান জনাৰ কাৰণে এক আবাস বিচাৰি নাপাওঁ।”

6চোৱা, আমি ইফ্ৰাথাত এই বিষয়ে শুনিছিলোঁ,

কিন্তু যিয়াৰৰ পথাৰত তাক পালোঁ।

7“আহাঁ, আমি তেওঁৰ আবাসলৈ যাওঁ,

তেওঁৰ চৰণ তলত প্ৰণিপাত কৰোঁ।”

8হে যিহোৱা, উঠা; তোমাৰ বিশ্রাম স্থানলৈ আহাঁ;

তুমি আহাঁ আৰু তোমাৰ শক্তিৰ চন্দুক আঁহক।

9তোমাৰ পুৰোহিতসকলে ধাৰ্মিকতাৰূপ বস্ত্ৰ পিন্ধক,

তোমাৰ ভক্তগণে আনন্দ-ধ্বনি কৰক।

10তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।”

11যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে,

তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব;

“তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম।

12তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে,

আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম,

তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”

13কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে,

তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে;

14তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান;

মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ।

15মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম,

মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,

16মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম;

ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।

17তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো,

মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ132:17 মই সেই ঠাইত দায়ুদৰ কাৰণে এটি শিং উদ্ভৱ কৰিম, মই মোৰ অভিষিক্তজনৰ কাৰণে এক প্ৰদীপ যুগুত কৰালোঁ।

18মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম,

কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।132:18 কিন্তু তেওঁৰ ৰাজত্ব উন্নতিশীল হ’ব।

133

দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।

1ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,

যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!

2তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা,

যি তললৈ দাঢ়িলৈকৈ নামি আহে,

হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ

তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!

3সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা,

যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল;

কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে,

অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।

134

যাত্ৰাৰ সঙ্গীত

1হে যিহোৱাৰ দাসবোৰ,

তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা,

তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।

2তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।

3যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

135

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যিহোৱাৰ নামৰ প্ৰশংসা কৰা।

হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।

2তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!

3তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;

তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।

4কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,

নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।

5কিয়নো মই জানো যে যিহোৱা মহান,

আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।

6আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।

7তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;

তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।

8তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল;

মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।

9হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;

ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।

10তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।

11ইমোৰীয়াবোৰৰ ৰজা চীহোন,

বাচানৰ ৰজা ওগক বধ কৰিলে;

কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।

12তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;

নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।

13হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;

হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।

14কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,

নিজ দাসবোৰক কৃপা কৰিব।

15জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;

সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।

16সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;

চকু আছে, কিন্তু নেদেখে;

17কাণ আছে, কিন্তু নুশুনে,

সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।

18সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;

সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।

19হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

20হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।

21চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;

তেওঁ যিৰূচালেমত নিবাস কৰে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

136

1যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়,

কাৰণ তেওঁৰ প্রেম চিৰ-কাললৈকে থাকে।

2দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

3প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

4যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

5যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

6যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

7যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

8দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

9যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

10যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

11যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

12যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

13যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

14যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

15যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

16যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

17যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

18যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

19যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

20যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

21যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

22যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

23যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

24যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

25যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

26স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰা,

কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

137

1যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল,

তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।

2সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।

3কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল,

সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল;

তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”

4আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?

5হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ,

তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।137:5 মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়।

6যদি মই তোমাক সোঁৱৰণ নকৰোঁ,

যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,

তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।137:6 তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ।

7হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল

তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা।

তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা,

একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”

8হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব;

তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা,

ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।

9ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।

138

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;

দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

2তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;

তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;

কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান138:2 তুমি তোমাৰ নাম আৰু কথাবোৰ উন্নত কৰিলা। বা, তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।

3মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;

তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।

4হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;

কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।

5তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;

কিয়নো যিহোৱাৰ গৌৰৱ মহান।

6কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;

কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।

7যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ,

তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা138:7 তুমি মোক পুনৰুত্থান কৰিবা;

তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।

8যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;

হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।

তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।

139

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা

আৰু মোক জানিলা।

2তুমি মোৰ উঠা আৰু বহাকো জানিছা,

দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।

3তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা;

মোৰ সকলো পথ তুমি ভালদৰে জানা।

4কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।

5আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা

আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।

6এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য;

সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;

7তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ?

তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?

8যদি স্বৰ্গত গৈ উঠো, তাতো তুমি;

যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা।

9যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,

10তাতো তোমাৰ হাতে মোক চলাব,;

তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।

11যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব

আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;

12বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে;

বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়;

তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।

13তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা,

তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।

14মই তোমাৰ প্ৰশংসা কৰোঁ;

কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ;

তোমাৰ কাৰ্যবোৰ আচৰিত,

তাক মই ভালদৰেই জানো।

15যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল,

যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ,

তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।

16তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে,

তোমাৰ পুস্তকত সকলো লিখা আছিল;

মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।

17হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!

18যদি মই সেইবোৰ গণনা কৰিব বিচাৰো,

তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়;

মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।

19হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা,

হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।

20তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়,

তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।

21হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে,

মই জানো তেওঁলোকক ঘিণ নকৰোঁ?

যিসকল তোমাৰ বিৰুদ্ধে উঠে,

মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?

22মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।

23হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা;

মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;

24মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা,

আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।

140

প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,

অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।

2তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।

3তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে;

তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! [চেলা]

4হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,

অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা;

মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।

5অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে;

তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে;

তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। [চেলা]

6মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ;

হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”

7হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা;

যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা140:7 যুদ্ধৰ দিনা তুমিয়েই মোৰ মূৰ ঢাকিলা।

8হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা;

তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। [চেলা]

9যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে,

তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে,

সেইবোৰে তেওঁলোকক ঢাকি ধৰক!

10তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক!

তেওঁলোকক জুইত পেলোৱা হওঁক!

তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!

11নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা;

অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!

12মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব,

অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।

13ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব;

ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।

141

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মই তোমাক মাতিছো;

তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ।

মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।

2মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক,

মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।

3হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা,

মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।

4কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা,

মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ;

তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।

5ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব;

তেওঁ মোক অনুযোগ কৰক,

সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব;

মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক।

কিন্তু মোৰ প্রার্থনা সকলো সময়তে

দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।

6তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব,

তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।

7মানুহে হাল বাই যেনেকৈ মাটি ভাঙে,

তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে।

8কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে;

মই তোমাতেই আশ্ৰয় লৈছোঁ,

মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।

9তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে,

তাৰ পৰা মোক ৰক্ষা কৰা,

অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।

10দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক,

আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।

142

গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা।

1মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ,

মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।

2মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো,

তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।

3মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়,

তেতিয়া তুমি মোৰ পথ জানা;

মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;

4মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা,

মোৰ খবৰ লওঁতা কোনো নাই;

মোৰ বাবে আশ্রয় স্থান নাই,

মোৰ বাবে কোনেও চিন্তা নকৰে।

5হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো,

“তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”

6তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া,

কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ;

মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা,

কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।

7কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা,

যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ;

ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব;

কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।

143

দায়ুদৰ ৰচিত গীত

1হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা,

মোৰ কাকুতিলৈ কাণ পাতা;

তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।

2তোমাৰ দাসক বিচাৰলৈ নিনিবা;

কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।

3শত্ৰুৱে মোক পাছে পাছে খেদি আহিল,

তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে,

দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।

4সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে;

মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।

5মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও,

মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ,

তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।

6মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ;

শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা]

7হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া,

কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে;

মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা,

মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।

8ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা,

কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ;

তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা,

কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।

9হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা;

মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;

10তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা,

কিয়নো তুমিয়েই মোৰ ঈশ্বৰ;

তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।

11হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা;

তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।

12তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা;

মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা,

কিয়নো মই তোমাৰ দাস।

144

দায়ুদৰ ৰচিত গীত

1যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা;

তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।

2তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ,

মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা;

তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ।

তেৱেঁই জাতি সমূহক144:2 তেৱেঁই মোৰ লোকসকলক মোৰ অধীনত আনে। মোৰ অধীনত আনে।

3হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা?

মনুষ্যই144:3 তেঁৱেই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?

4মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।

5হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ;

পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।

6তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা;

তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।

7তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া;

মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা;

সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।

8তেওঁলোকৰ মুখে মিছা কথা কয়,

তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।

9হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম;

দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

10তুমিয়েই ৰজাসকলক জয়দান কৰা;

তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।

11নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা

আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা;

তেওঁলোকৰ মুখে মিছা কথা কয়,

তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।

12আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়,

আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;

13আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে;

আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;

14আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে;

দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়;

আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।

15ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়;

ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।

145

দায়ুদৰ দ্বাৰা ৰচিত প্ৰশংসাৰ গীত।

1হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম;

যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।

2মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম,

আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।

3যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য;

তেওঁৰ মহিমা অগম্য।

4এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত

তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব,

তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।

5মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ

আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।

6লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব;

আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।

7তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব,

তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।

8যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।

9যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।

10হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব;

তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।

11তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,

12যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য

আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।

13তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য;

তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী145:13 কিছুমান অনুলিপি লিখা আছে যে, ‘ঈশ্বৰ তেওঁৰ সকলো প্ৰতিশ্রুতিত বিশ্বাসযোগ্য আৰু তেওঁ কৰা সকলো কৰ্মত বিশ্বাসী।

14যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে;

অৱনত সকলক তেওঁ তুলি ধৰে।

15সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে;

তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;

16তুমি তোমাৰ হাত মেলা

আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।

17যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক

আৰু সমুদায় কাৰ্যতে দয়াৱান।

18যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে,

সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে,

যিহোৱা সেই সকলো লোকৰে ওচৰ।

19যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে।

তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।

20যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে,

কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।

21মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব;

সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।

146

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।

2মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম,

জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

3তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা;

তেওঁলোকে সহায় কৰিব নোৱাৰে।

4তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়;

সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।

5যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য;

যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।

6তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা,

তেওঁ অনন্তকালে বিশ্বাসযোগ্য।

7তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে,

ক্ষুধাতুৰবোৰক আহাৰ দান কৰে;

যিহোৱাই বন্দীবোৰক মুক্ত কৰে;

8যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে,

নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে;

যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;

9যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে,

তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে,

কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।

10যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব;

হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

147

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা;

কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম!

কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।

2যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে;

সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।

3তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে,

তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

4তেওঁ তৰাবোৰ গণনা কৰে;

তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।

5আমাৰ প্ৰভু মহান;

তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।

6যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে;

দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।

7তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা;

বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।

8যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে,

যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে,

যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,

9পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে

তেওঁ আহাৰ দিয়ে।

10ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়,

মানুহৰ147:10 মানুহৰ যোদ্ধাৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;

11কিন্তু যিসকলে যিহোৱাক ভয় কৰে,

আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে,

তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

12হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা;

হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।

13কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে,

তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।

14তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে;

তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।

15তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়;

তেওঁৰ বাক্য ততালিকে ধাবমান হয়।

16তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে,

ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।

17তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়;

তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?

18তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে;

তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।

19তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে;

আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।

20অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই;

তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

148

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।

2হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা;

হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!

3হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা;

হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!

4হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা!

হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!

5সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক;

কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।

6তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে;

তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।

7হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ,

পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!

8হে জুই148:8 বিজুলী আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী,

আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!

9হে সকলো পর্বত আৰু পাহাৰবোৰ,

আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!

10হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ,

আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!

11হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি,

অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!

12হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল,

তেওঁৰ প্ৰশংসা কৰা!

13এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক;

কিয়নো কেৱল তেওঁৰেই নাম মহান;

তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।

14তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে;

সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা,

সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

149

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,

ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,

2ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;

চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।

3তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,

খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।

4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;

তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।

5ভক্তসকলে বিজয়ত149:5 গৌৰৱতে উল্লাসিত হওক;

তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।

6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,

তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;

7যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,

আৰু লোক সমূহক শাস্তি দিব পাৰে;

8যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,

তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;

9যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,

এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

150

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা;

তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।

2তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,

তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।

3শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;

নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।

4খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;

তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।

5কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;

কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।

6শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।