মাৰ্কে লিখা শুভবাৰ্তা

গ্রন্থ ৰচয়িতা

প্রথম মণ্ডলীৰ নেতাসকলে সর্বসন্মতিক্রমে সন্মত যে এই তথ্যভিত্তিক লেখাটো জন মার্কৰ দ্বাৰা লেখা হৈছে। নতুন নিয়মত জন মাৰ্কৰ বিষয়ে দহ বাৰ উল্লেখ আছে পাঁচনিৰ কর্ম 12:12, 25; 13:5, 13; 15:37, 39; কলচীয়া 4:10; 2 তীমথিয় 4:11; ফিলীমন 24; 1 পিতৰ 5:13। এই তথ্যসমূহে নির্দেশ কৰে যে, মার্ক বার্ণাবাৰ ভতিজা আছিল (কলচীয়া. 4:10)। মার্কৰ মাতৃৰ নাম আছিল মৰিয়ম, তেওঁ আছিল এজনী যিৰূচালেমত থকা ধনী আৰু সভ্রান্ত মহিলা আৰু প্রথম খ্রীষ্টিয়ানসকলৰ বাবে তেওঁৰ গৃহ আছিল একোখন সভাৰ স্থান (পাঁচনিৰ কর্ম 12:12)। জন মার্ক পৌল আৰু বার্ণাবাৰ প্রথম মিছনাৰী যাত্রাৰ সংগী আছিল (পাঁচনিৰ কর্ম 12:25; 13:5)। বাইবেলৰ প্রমাণ আৰু আদি মণ্ডলীৰ পিতৃসকলে পিতৰ আৰু মার্কৰ মাজত এক ঘনিষ্ঠ সংযোগ থকা বুলি প্রদর্শন কৰে। (1 পিতৰ 5:13)। ইয়াৰ উপৰিও তেওঁ আছিল পিতৰ দোভাষী আৰু সকলো সম্ভাবনা আছে যে, পিতৰৰ প্রচাৰ আৰু চাক্ষুস সাক্ষ্যই মার্কৰ শুভবার্তাৰ প্রাথমিক উৎস হ’ব পাৰে।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্রায় 50-60 খ্রীষ্টাব্দ।

মণ্ডলীৰ নেতাসকলৰ দ্বাৰা লিখা বিভিন্ন লিখনীয়ে (ইৰনেউচ, আলেকজেণ্ড্রিয়াৰ ক্লিমেণ্ট আৰু অন্যান্যসকল) নিশ্চিত কৰি কয় যে, মার্কে লিখা এই শুভবার্তা ৰোমৰ পৰা লিখা হৈছে। আদি মণ্ডলীৰ সূত্রসমূহে জনায় যে, এই শুভবার্তা পিতৰৰ মৃত্যুৰ পাছত লিখা হয় (67-68 খ্রীষ্টাব্দ)।

প্রাপক

এই তথ্যসন্মত নথি সমূহে প্রমাণ কৰে যে, মার্কে সাধাৰনতে অনা-যিহূদী লোকসকলৰ বাবে এই শুভবার্তাটো লিখিছিল আৰু বিশেষকৈ ৰোমীয় শ্রোতাসকলৰ বাবে এই লেখাটো লিখিছিল। এই কাৰণতে হয়তো যীচু খ্রীষ্টৰ বংশতালিকা ইয়াত অন্তর্ভুক্ত কৰা হোৱা নাই, কিয়নো অনা-যিহূদী জগতে এই সম্পর্কে অতি কমকৈ বুজি পায়।

উদ্দেশ্য

মার্কৰ পাঠকসকলৰ মাজৰ যি গৰিষ্ঠসকল ৰোমান খ্রীষ্টিয়ান আছিল, তেওঁলোকে 67-68 খ্রীষ্টাব্দৰ ভিতৰত অতি নিষ্ঠুৰ নির্যাতনৰ মাজত নিজকে বিচাৰি পাইছিল, সম্রাট নিৰোৰ অধীনত অত্যাচাৰ কৰা হৈছিল আৰু বিভিন্ন জনক হত্যা কৰা হৈছিল। এনে ধৰণৰ এক দৃশ্যকল্পৰ পৰা মার্কে এই শুভবার্তা লিখিছিল, য’ত খ্রীষ্টিয়ানসকলে এনে এক কঠিন সময়ৰ মাজেৰে গৈ আছিল, এনেদৰে পীড়িত দাস যীচু অংকিত হৈছিল (যিচয়া 53)।

মূল বিষয়

যীচু- পীড়িত দাস।

প্রান্তৰেখা

1. পৰিচর্যাৰ বাবে যীচুৰ প্রস্তুতি — মৰুপ্রান্তত থকা — 1:1-13

2. গালীল আৰু ইয়াৰ আশে-পাশে যীচুৰ পৰিচর্যা — 1:14-8:30

3. যীচুৰ মিছন: যাতনা আৰু মৃত্যু — 8:31-10:52

4. যিৰুচালেমত যীচুৰ পৰিচর্যা — 11:1-13:37

5. ক্রুচবিদ্ধ হোৱাৰ বাখ্যা — 14:1-15:47

6. যীচুৰ পুনৰুত্থান আৰু সাক্ষাৎ — 16:1-20

1

যোহন বাপ্তাইজকৰ প্ৰচাৰ

1ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।

2যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে,

‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ,

তেওঁ তোমাৰ বাট যুগুত কৰিব৷’

3“মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, 1:3 মলা 3:1; যিচ 40:3

‘তোমালোকে প্রভুৰ পথ যুগুত কৰা,

তেওঁৰ বাট পোন কৰা৷’”

4এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল। 5তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, 1:5 গীত 32:5; হিতো 28:13; 1 যো 8:10 তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। 6সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।

7তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ। 8মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”1:8 পাঁ 1:5, 8; 2:1-4

যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা

9সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে। 10তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে। 11আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”1:11 মলা 3:1; যিচ 40:3

12তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল। 13সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।

যীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্য

14যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷ 15যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল,1:15 গীত 32:5; হিতো 28:13; 1 যো 8:10আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।

16পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, 1:16 পাঁ 1:5, 8; 2:1-4 চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল। 17তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।18তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।

19পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল। 20তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।

21পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে। 22তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।

23সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই1:23 লূক 4:33-37 ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে, 24“হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”। 25কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”26তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।

27তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”। 28তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।

29পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল। 30তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে। 31তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।

32সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে; 33আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে। 34তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷

35অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল। 36পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷ 37পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।

38তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।1:38 গীত 40:7-9; যিচ 61:139পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।

40তাতে1:40 মথি 8:2-4; লূক 5:12-15 এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”। 41তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”42তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।

43যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে। 44যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।

45কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।

2

এজন জঠৰ ৰোগীক সুস্থ কৰা

1কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি, 2ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।

3তেতিয়া লোক সকলে চাৰি2:3 মথি 9:2-17; লূক 5:19-39 জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে। 4কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।

5তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল”।6কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে, 7“এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”?2:7 যিচ 43:25; দা 9:9

8তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে2:8 গীত 139:2; যো 2:25; প্ৰ 2:23; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?9‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু?

10কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, 11“মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা”।12তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক’লে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষা

13তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে। 14পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে, “মোৰ পাছে পাছে আহা”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।

15যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷ 16তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?

17যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।

18এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”? 19তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।

20কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।21কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।

22পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।

বিশ্রামবাৰৰ বিষয়ে যীচুৰ শিক্ষা

23তাৰ পাছত2:23 মথি 12:1-15; লূক 6:1-11 তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে। 24তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?

25তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাই নে?26তেওঁ কেনেকৈ অবিয়াথ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে”?

27যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহ’ল;28এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো অধিপতি”।

3

1তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল। 2বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।

3তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।4তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।

5তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে। 6তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।

অনেক মানুহ যীচুৰ পাছে পাছে যোৱা

7তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে; 8আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।

9তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে। 10কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।

11আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’। 12কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।

বাৰ জনক পাঁচনি পদ দিয়া

13পাছে তেওঁ পৰ্বতত উঠি3:13 মথি 10:1-4; লূক 10:12-16, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল। 14তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে, 15আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷ 16তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷

17চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে); 18আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন, 19আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।

যীচুক নিন্দা কৰা, আৰু ক্ষমা নোহোৱা পাপ

20পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। 21তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল। 22আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”

23তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?24যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।25আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।

26চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।27বলৱান3:27 যিচ 49:24, 25জনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷

28মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;29কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”।30যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”

31এনেতে3:31 মথি 12:46-50; লূক 8:9-21 তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। 32তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।

33তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?34পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;35কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”

4

এজন খেতিয়কৰ দৃষ্টান্ত

1তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল। 2তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে4:2 মথি 13:1-33; লূক 8:4, 5৷ আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:

3“শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল।4তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।5কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷

6কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে,4:6 গীত 1:4; ইফি 3:19; কল 2:7৷সেইবোৰ শুকাই গ’ল।7কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷

8আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফল4:8 যো 15:5; কল 1:6, 10; ইব্ৰী 6:7, 8; 2 পি 1:8৷উৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”9তেওঁ ক’লে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”।

10তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে। 11তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,

12যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়,

আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়,

অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”

13পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?14সেই খেতিয়কে বাক্য সিচেঁ।15য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানে4:15 1 পি 5:8; ইব্ৰী 2:1৷আহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;

16সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,17কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।

18আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,19সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভ4:19 লূক 21:34; 1 যো 2:16, 17৷সোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।20আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”

21যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷22কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই4:22 উপ 12:14; লূক 12:2; 1 কৰি 4:5৷আৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷23কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”

24যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।25কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”

শস্য গজি বঢ়াৰ দৃষ্টান্ত

26যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷27তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।28পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।29তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”

সৰিয়হ গুটিৰ দৃষ্টান্ত

30যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?31সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;32কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”

33এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷ 34কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।

ধুমুহা বতাহ শান্ত কৰা

35সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, “আমি সিপাৰলৈ যাওঁহক৷”36তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল;4:36 মথি 8:23-34; লূক 8:22-39৷ আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল। 37পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।

38সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”? 39তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।

40যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”4:40 যিচ 43:2৷41তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”

5

ভূতে পোৱা মানুহ এজনক সুস্থ কৰা

1তাৰ পাছত5:1 মথি 8:28-34; লূক 826-39৷ তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে। 2যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷

3সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷ 4তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।

5প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে। 6যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷ 7তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”। 8কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা”।9পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক ক’লে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ”। 10পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।

11সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল। 12তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷” 13তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।

14তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাঁৱবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱাৰ ঘটনাতোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল; 15আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷

16সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷ 17তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আতৰি যাবলৈ বিনয় কৰিলে৷

18পাছত যীচুৱে যেতিয়া সেই ঠাই এৰি যাবৰ বাবে নাৱত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷ 19কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।”5:19 গীত 66:16; যিচ 38:1920তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।

এজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱা

21পাছত5:21 মথি 9:18-26; লূক 8:40-56৷ যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল। 22এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷ 23তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।” 24তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে।

25আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷ 26অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷ 27তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷

28কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’। 29তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে। 30সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”31তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”32কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।

33তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷ 34তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে;5:34 মার্ক 10:52; লূক 7:50; 17:19৷শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”

35তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”

36কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”37পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে। 38তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।

39পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?40ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।

41পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”42সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে। 43পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।

6

যীচুৱে নিজ নগৰত অগ্রাহ্য হোৱা

1তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ6:1 মথি 13:53-58; লূক 4:16-30৷ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল। 2পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি? 3ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।

4তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।”5সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷ 6তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।

পাঁচনি সকলক পঠিওৱা

7যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি, 8এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়;9আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।

10যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা।11কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”

12পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন6:12 যিহি 18:30-32; পাঁ 17:30; 26:20৷ কৰিবলৈ প্রচাৰ কৰিলে; 13বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।

যোহন বাপ্তাইজকক বধ কৰা

14এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত6:14 মথি 14:1-12৷ হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”। 15কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।

16কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”। 17কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷

18আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”। 19এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল। 20কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।

21কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷ 22তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।

23আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷” 24তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।” 25তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”

26তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে, 27তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে, 28আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে। 29পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।

পাঁচ হাজাৰ মানুহক খুউৱা৷

30পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে। 31তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল। 32তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।

33কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল। 34যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।

35পাছত6:35 মথি 14:15-36; লূক 9:12-17; যো 6:5-21 দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল; 36গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”

37কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”? 38কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।

39তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে। 40তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল। 41তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদ6:41 মথি 26:26; লূক 24:30৷কৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে। 42তাতে সকলোৱে খাই তৃপ্ত হ’ল। 43পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে। 44সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।

পানীৰ ওপৰত খোজ কঢ়া

45তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে। 46তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা6:46 মার্ক 1:35৷ কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল। 47সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।

48পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে। 49কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল; 50কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।

51পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে; 52কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।

53তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে। 54আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷ 55তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।

56তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।

7

অশুচিতাৰ বিষয়ে শিক্ষা

1তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷

2তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল। 3কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকৰ পৰিচাৰক সকলে পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে। 4আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্য্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰি তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।

5তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে পৰিচাৰক সকলে পালন কৰা পূৰ্বপুৰুষৰ বিধিৰ দৰে আচৰণ নকৰাকৈ, অশুচি হাতেৰে কিয় ভোজন কৰে”?

6তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল -

‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে,

কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।

7তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে,

আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’

8আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”।9তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।10কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।

11কিন্তু আপোনালোকে কয় - ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ যি যি বস্তুৰে আপোনালোকৰ সহায় হব পাৰিলোঁ হয়, সেইবোৰ কৰ্ব্বান (ঈশ্বৰক দান)7:11 ঈশ্বৰক দান কৰা হৈছে৷কৰা হৈছে;12তেনেহলে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই’;13এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰি এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”

14পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক।15বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।7:15 কিছুমান পুৰণি অনুলিপিত লিখা আছে 16 পদ: কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক৷16কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক”।

17পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে। 18তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে,19কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে। 20তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে।21কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ,22পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।23এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”

এজনী অনা-ইহুদী তিৰোতাৰ জীয়েকক সুস্থ কৰা

24পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে। 25যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। 26সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে।

27তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”।28কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”।

29তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।”30পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ’ল।

কলা আৰু খোনা মানুহ এজনক সুস্থ কৰা

31আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল। 32তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।

33তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি; 34থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে- “ইফফাথা, অর্থাৎ মুকলি হওক”35তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে।

36পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে; 37আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে”।

8

প্ৰায় চাৰি হাজাৰ মানুহক খাবলৈ দিয়া

1সেই সময়ত8:1 মথি 15:32-39 বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, 2“এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।3যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে”।4তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক’লে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”

5তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”। 6তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।

7আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে। 8তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে। 9তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে; 10তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।

ফৰীচী সকলৰ শিক্ষালৈ সাৱধান কৰোঁৱা

11তেতিয়া8:11 মথি 16:1-12 ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। 12তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”13পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।

14তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল। 15এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”

16তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।” 17যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?

18তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?19মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।

20“আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”। 21তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”

এজন অন্ধক চকু দিয়া

22পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে। 23তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”

24তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।” 25তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে। 26পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”

যীচু সেই অভিষিক্ত জনা; যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা

27পাছত8:27 মথি 16:13-28; লূক 9:18-28 যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”28তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”

29তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।” 30তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।

31তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব। 32তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।

33কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”34পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি8:34 ৰো 6:6; গালা 2:20, 5:24, 6:14লৈ মোৰ পাছে পাছে আহক।

35কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।8:35 2 তী 2:11, 1236কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?37কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?

38কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”

9

1যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”

যীচুৱে অন্যৰূপ ধৰা

2তাৰ9:2 মথি 16:13-28; লূক 9:18-27 ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল। 3তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।

4তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল। 5তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।” 6কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।

7তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”। 8পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷

9পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”। 10তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।

11পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?” 12তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?13কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”

ভুতে ধৰা এটা ল’ৰাক সুস্থ কৰা

14পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল। 15তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷ 16তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”

17তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷ 18সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।” 19তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”

20তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে। 21তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে; 22আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”

23তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।”9:23 গীত 22:1-18; যিচ 53:3-10; দা 9:26; লূক 24:2624তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!” 25তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”26তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”। 27কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।

28পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?” 29তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”

যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱা

30পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে। 31কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।32কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।

নম্ৰতা আৰু প্ৰেমৰ বিষয়ে শিক্ষা

33এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”34কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, 9:34 মাৰ্ক 11:22-24; লূক 17:5, 6; যো 11:40 সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল। 35তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।

36তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷ 37তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”

38তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।” 39তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।

40কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।41যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।

42কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।43-44যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।

45-46যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।

47আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল।48কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷

49কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।50লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”9:50 ৰো 12:18; 14:19; 2 কৰ 13:11

10

ত্যাগ-পত্ৰৰ বিষয়ে শিক্ষা

1তাৰ পাছত10:1 মথি 19:1-12 যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ গ’ল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।

2তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাতো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল। 3তেতিয়া তেওঁ উত্তৰ দি ক’লে, “মোচিয়ে আপোনালোকক কি আজ্ঞা দিলে?”4তেওঁলোকে ক’লে, “এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মোচিয়ে পুৰুষক অনুমতি দিলে।”10:4 দ্বি বি 24:1; মথি 5:31;

5যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা আপোনালোকৰ বাবে লিখিলে,6কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।

7‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,

8আৰু দুয়ো এক দেহ হ’ব।10:8 আদি 1:27; 2:24গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’

9এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তেওঁক কোনো মানুহে বিয়োগ নকৰক।”

10পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্য সকলে এই বিষয়ে আকৌ তেওঁক সুধিলে। 11তাতে তেওঁ তেওঁলোকক ক’লে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷12আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”

শিশু সকলক আশীৰ্বাদ কৰা

13পাছত10:13 মথি 19:13-30; লূক 18:15-30 লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে। 14তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।

15মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”16পাছত তেওঁ সিহঁতক কোলাত ল’লে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে।

ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ শিক্ষা

17পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ মই কি কৰিব লাগিব?” 18যীচুৱে ক’লে, “মোক সৎ কিয় বুলিছা? ঈশ্বৰত বাহিৰে সৎ কোনো নাই।19তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”

20মানুহ জনে ক’লে, “হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছোঁ।” 21তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।”22সেই কথাত তেওঁৰ মুখ ক’লা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গ’ল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।

23পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক ক’লে, “ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!”24তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে,10:24গীত 52:7; 62:10; 1 তীম 6:17তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!25ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।”

26তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” 27যীচুৱে তেওঁলোকৰ ফালে চাই ক’লে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”28পিতৰে তেওঁক ক’বলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ।”

29যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে,30তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।31কিন্তু আগ হোৱা সকলৰ অনেক লোক পাছ হ’ব আৰু পাছ হোৱা সকল আগ হ’ব।”

যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱা

32তাৰ পাছত10:32মথি 20:17-34; লূক 18:31-43 তেওঁলোকে যিৰূচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক ক’বলৈ ধৰিলে, 33“চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-ইহুদী সকলৰ হাতত শোধাই দিব৷34তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”

যাকোব আৰু যোহনৰ নিবেদন আৰু যীচুৰ উত্তৰ

35পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰোঁ।” 36তেওঁ তেওঁলোকক ক’লে, “মই তোমালোকৰ বাবে কি কৰাতো তোমালোকে ইচ্ছা কৰা?”37তেওঁলোকে ক’লে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পায়, এনে অনুমতি দিয়ক।”

38কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰোঁ, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’ব পাৰিবা নে?”39তেওঁলোকে তেওঁক ক’লে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই যি পাত্ৰত পান কৰোঁ, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’বা।40কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হ’ব।”

41আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হ’ব ধৰিলে। 42যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।

43কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,44আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।45কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।”10:45যিচ 53:11, 12; দা 9:26; গালা 3:13, 14; 1 তীম 2:6

অন্ধ বাৰতীময়ক চকু দিয়া

46তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল। 47সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!” 48তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”

49তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”50তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।

51তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক ক’লে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।” 52তেতিয়া যীচুৱে তেওঁক ক’লে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।

11

যীচুৰ জয়-যাত্ৰা

1যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে; 2আৰু তেওঁলোকক এই আদেশ দি ক’লে - “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।3কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে ক’বা, ‘প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”

4তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে। 5এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?” 6তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।

7পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল।11:7 জখ 9:98অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে। 9যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে,

‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;

10আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য11:10যিচ 9:7; যিৰি 33:15 আহিছে, সেই জন ধন্য!

উৰ্দ্ধলোকত জয়ধ্বনি হওক’।

11এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গ’ল। 12পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।

ফলহীন ডিমৰু গছক শাও দিয়া, দ্বিতীয় বাৰ মন্দিৰ পৰিস্কাৰ কৰা

13তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল। 14তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে।

15পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে; 16তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।

17তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?,

‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব?11:17 যিচ 56:7

কিন্তু তোমালোকে তাক ডকাইতৰ গুহা11:17 যিৰি 7:11কৰিলা’।”

18এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল। 19আৰু সন্ধিয়া হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।

20ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে। 21তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।”

22যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;23মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।

24এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা;11:24 মথি 17:20; যাক 1:5, 6তেতিয়াহে পাবা,25আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমা11:25 মথি 6:14; 18:35; কল 3:13কৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।26কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷”

27এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, 28“আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?”

29তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক এটা কথা সোধো, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম।30‘যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল’? মোক উত্তৰ দিয়ক।”

31তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব। 32কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল। 33পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক ক’লে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”

12

কেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্ত

1পাছত12:1 মথি 21:33-46; লূক 20:9-18৷ যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।2পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।3কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।

4পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।5পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।

6পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ ক’লে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’

7কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।

8তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে।12:8 পাঁ 3:15; ইব্ৰী 13:12৷9এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব।12:9 হিতো 1:24-31; যিচ 5:5-7৷

10এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে?

‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে,

সেয়ে চুকৰ প্ৰধান শিল হ’ল’;

11এয়ে প্ৰভুৰ পৰা হ’ল

আৰু আমাৰ দৃষ্টিত আচৰিত;”12:11 গীত 118:22, 23৷

12তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।

চীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন

13পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে। 14তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?” 15কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি12:15 আধলি দীনাৰআনক, মই চাওঁ৷”

16তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।” 17তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক;12:17 ৰো 13:7; 1 পি 2:17৷আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন

18পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে, 19“হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷’

20সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল। 21তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল। 22সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল। 23এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”

24যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?25কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”

26“কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল,12:26 যা 3:1-6৷‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?27তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।”

প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন

28তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?” 29যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,30আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।12:30 দ্ৱি বি 6:4, 5; লে 9:18৷31দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”

32তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই; 33আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”12:33 1 চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷34তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।

দায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্ন

35পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমিধান দি সেই লোক সকলক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?36কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল,

‘প্ৰভুৱে মোৰ প্ৰভুক ক’লে,

মোৰ সোঁ হাতে বহি থাকা,12:36 গীত 110:1৷

যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’

37দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।

অধ্যাপক সকলৰ দোষ দেখুৱাই দিয়া

38তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ39আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,40এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”

দৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়া

41পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে। 42পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।

43তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে।12:43 লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷44কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”

13

যিৰূচালেমৰ বিনাশ, যীচুৰ পুনৰাগমণৰ বিষয়ে জনোৱা

1পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক ক’লে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!” 2তাতে যীচুৱে তেওঁক ক’লে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”

3পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে, 4“আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”

5তেতিয়া যীচুৱে তেওঁলোকক ক’বলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।6অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।

7তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।8কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।

9কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা।10কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।

11যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।12তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।13মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।

14কিন্তু যেতিয়া পূজাৰ বাবে সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, (যি জনে পঢ়ে, তেওঁ বুজক), তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলায় যাওঁক;15ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;16আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন ল’বৰ বাবেও উলটি নাযাওঁক।

17কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হ’ব18এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।19কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ’বও।20যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।

21তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে!’ বা ‘চোৱা, সৌ তাত আছে!’ তথাপি বিশ্বাস নকৰিবা।22কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷23সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলোঁ।

24কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত,

সুৰ্য্য অন্ধকাৰময় হ’ব,

চন্দ্ৰয়ো পোহৰ নিদিব

25আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব

আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ’ব।

26তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।27তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷

28ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।29সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।

30মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ’ব।31আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।32কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷

33সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা;13:33 ৰো 13:11; 1 থি 5:6; 1 পি 5:8৷কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।34সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷

35এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷36তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।37মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”

14

যীচুক ধৰিবৰ কাৰণে কুমন্ত্ৰণা; যীচুৰ গাত সুগন্ধি তেল ঘঁহা; ঈষ্কৰিয়োতীয়া যিহূদাৰ বন্দবস্ত

1নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে; 2এনেতে তেখেত সকলে ক’লে, “পৰ্বৰ সময়ত যেন নহয়, কিয়নো মানুহৰ মাজত হুলস্থুল দৃষ্টি গোচৰ হব নালাগে৷”

3পাছত তেওঁ যেতিয়া বৈথনিয়া গাঁৱৰ চিমোন কুষ্ঠৰোগীৰ ঘৰত ভোজন কৰিবলৈ আহিল, তাতে তেওঁ ভোজনৰ মেজ পুনৰ পৰিষ্কাৰ কৰিলে; তেতিয়া এজনী তিৰোতাই বহুমুলীয়া বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল লৈ আহিল৷ তাতে তাই সেই টেমাটো ভাঙি যীচুৰ মুৰত তেল বাকী দিলে। 4সেই সময়ত তাত উপস্থিত থকা কিছুমান লোকে কুপিত হৈ ইজনে- সিজনক ক’ব ধৰিলে, “এনেদৰে নষ্ট হোৱাৰ কাৰণ কি? 5কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।

6কিন্তু যীচুৱে ক’লে, “তেওঁক এৰি দিয়া; তেওঁক কিয় অশান্তি কৰি আছা? তেওঁ মোলৈ উত্তম কৰ্মকে কৰিলে।7দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব আৰু যেতিয়া তোমালোকৰ ইচ্ছা হয়, তেতিয়াই তেওঁলোকৰ উপকাৰ কৰিব পাৰা; কিন্তু তোমালোকে মোক সদায় তোমালোকৰ লগত নাপাবা।8তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।9মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই সকলো ঠাইত তেওঁক সুঁৱৰিবৰ অৰ্থে, তেওঁ যি কৰ্ম কৰিলে, এই কৰ্মকো ঘোষণা কৰা হ’ব।”

10পাছত ঈষ্কৰিয়োতীয়া যিহূদা সেই বাৰ জনৰ এজন, তেওঁ যীচুক প্ৰধান পুৰোহিত সকলৰ হাতত শোধাই দিবলৈ তেখেত সকলৰ ওচৰলৈ গ’ল। 11তেখেত সকলে তেওঁৰ কথা শুনি আনন্দিত হৈ তেওঁক ধন দিবলৈ প্ৰতিজ্ঞা কৰিলে। তাতে তেওঁ যীচুক সুবিধা অনুসৰি শোধাই দিবলৈ উপায় বিচাৰিলে।

নিস্তাৰ পৰ্বৰ ভোজ খোৱা; আৰু প্ৰভু-ভোজ স্থাপন কৰা

12খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা অৰ্থাৎ নিস্তাৰপৰ্বৰ মেৰ পোৱালি বলি দিয়াৰ দিনা তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “আপোনাৰ বাবে নিস্তাৰ-পৰ্বৰ ভোজ কোন ঠাইত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰে?” 13তেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক পঠিয়ালে আৰু ক’লে, “তোমালোক নগৰলৈ যোৱা; তাতে একলহ পানী লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব; তেওঁৰ পাছে পাছে যাবা;14আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক’ত’?”

15তেতিয়া তেওঁ আচ-বাবেৰে সজোৱা ওপৰ-মহলৰ এটা কোঠালি দেখুৱাই দিব; তাতে আমাৰ বাবে ভোজন যুগুত কৰাগৈ।16তেতিয়া শিষ্য দুজন ওলাই নগৰলৈ গ’ল আৰু যীচুৱে যেনেকৈ কৈছিল, তেনেকৈয়ে তেওঁলোকে সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।

17পাছত সন্ধিয়া সময়ত তেওঁ বাৰ জন শিষ্যৰ লগত সেই ঠাইলৈ আহিল। 18তাতে তেওঁলোকে যেতিয়া ভোজনৰ মেজত বহিল আৰু খাব ধৰিলে, তেতিয়া যীচুৱে ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে অৰ্থাৎ মোৰ লগত ভোজন কৰা জনেই মোৰ বিশ্ৱাসঘাতক হব।”19তেতিয়া তেওঁলোক সকলোৱে দুখ কৰিলে, আৰু এজন এজনকৈ তেওঁক ক’লে, “সেই জন নিশ্চয় মই নহয়?”

20তাতে তেওঁ তেওঁলোকক ক’লে, “এই বাৰ জনৰ মাজৰ যি জনে মোৰে সৈতে ভোজন-পাত্ৰত পিঠা জুবুৰিয়ায়, তেৱেঁই সেই জন।21কিয়নো মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি জন মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হ’ল, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহ জনৰ জন্ম নোহোৱা হ’লেই তেওঁৰ ভাল আছিল।”

22তেওঁলোকে ভোজন কৰোঁতে, 14:22 1 কৰি 11:23-28 তেওঁ পিঠা লৈ, আশীৰ্বাদ কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “লোৱা; এয়ে মোৰ শৰীৰ।”23পাছত তেওঁ পান পাত্ৰটো লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে। 24তেওঁ তেওঁলোকক ক’লে, “বিধানৰ মতে মোৰ যি তেজ অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই নিয়মৰ তেজ।25মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যত ৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা দ্ৰাক্ষাগুটিৰ ৰস পুনৰ পান নকৰোঁ।”

পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি জনোৱা

26পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ’ল। 27তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে যে,

‘মই মেৰৰখীয়াক আঘাত কৰিম,

তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’14:27 জখ 13:7৷

28কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”29তেতিয়া পিতৰে যীচুক ক’লে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।” 30তেতিয়া যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”31কিন্তু পিতৰে অতি দৃঢ়কৈ ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক’লে৷

গেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনা

32পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক ক’লে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”33পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে। 34তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”35পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হ’ব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হ’বলৈ প্ৰাৰ্থনা কৰি ক’লে, 36“আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পান-পাত্ৰ14:36 যো 18:11৷দুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰে।”

37পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক ক’লে, “হে, চিমোন, তুমিও টোপনি গ’লা নে?38এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”39তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।

40পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে। 41পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হ’ব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।42উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”

শত্ৰুৰ হাতত সমৰ্পিত হোৱা

43তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷ 44তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল যে, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।” 45পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে। 46তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।

47তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে। 48তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক ক’লে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইতক ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?49যেতিয়া মই তোমালোকৰ সৈতে আছিলোঁ আৰু মন্দিৰত নিতৌ উপদেশ দিছিলোঁ, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”50পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল৷

51তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে; 52কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গ’ল।

মহাসভাৰ আগত যীচুৰ সোধ-বিচাৰ

53পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে। 54আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।

55তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে। 56কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।

57পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে, 58“হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম৷”14:58 যো 2:19-21৷ আমি তেওঁক এনে কথা কোৱা শুনিলোঁ! 59কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।

60তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?” 61কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?” 62তেতিয়া যীচুৱে ক’লে, “মই হওঁ,

আৰু তোমালোকে মানুহৰ পুত্ৰক

পৰাক্ৰমৰ14:62 লূক 22:69৷সোঁ হাতে বহি থকা

আৰু আকাশত মেঘেৰে অহা দেখিবা।”

63তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি ক’লে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে? 64তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে। 65পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।

পিতৰে যীচুক অস্বীকাৰ কৰা

66তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল, 67আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই ক’লে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।” 68কিন্তু তেওঁ এই বিষয়টো অস্বীকাৰ কৰি ক’লে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷

69কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ ক’বলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!” 70কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”

71কিন্তু তেওঁ শাও দিলে আৰু শপত খাই ক’লে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।” 72তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷14:72 2 কৰি 7:10, 11৷

15

পীলাতৰ আগত যীচুৰ সোধ-বিচাৰ, তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা

1পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে। 2তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”3এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে।

4তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!” 5কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে।

6সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে। 7সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷ 8তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷

9পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?” 10কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷ 11কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷

12পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?” 13তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”

14তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।” 15তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।

যীচুক ক্ৰুচত দিয়া

16তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।

17পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে; 18মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক’লে “হে ইহুদী সকলৰ ৰজা, জয় হওক!”

19তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে। 20এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল। 21সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷

22এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খন লৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷ 23তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। 24পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে।

25তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে। 26আৰু “ইহুদী সকলৰ ৰজা৷” এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখি দিলে। 27তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্রুচতদিলে। 2815:28 কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে, 28 পদ: তাতে তেওঁক অপৰাবাধীবোৰৰ লগত লিখা হ’ল, এই শাস্ত্ৰৰ বচন সিদ্ধ হ’ল৷29পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, 30নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম৷”

31সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক’লে, “সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে। 32হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।

33পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল। 34আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?”15:34 গীত 22:1৷35তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি ক’লে, “চোৱা, ই এলিয়াক মাতিছে।” 36তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক’লে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷” 37তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে। 38তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল।

39তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷” 40সেই সময়ত বহু মহিলাই আতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷ 41যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷

যীচুক মৈদাম দিয়া

42এই দিনটো আছিল আয়োজনদিন; বিশ্ৰাম দিনৰ আগদিনা৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত, 43অৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গ’ল আৰু যীচুৰ দেহ বিচাৰিলে। 44ইতিমধ্যে পীলাতে যীচুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত, পীলাত আচৰিত হ’ল; তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীচুৰ মৃত্যুৰ বিষয়ে সুধিলে৷

45যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যু জানিলে, তেতিয়া তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷ 46যোচেফে শণ সুতাৰ কাপোৰ লগত লৈ আহিছিল৷ তেওঁ যীচুক ক্ৰুচৰ পৰা নমালে আৰু লগত অনা শণ সুতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থ’লে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশ দ্ৱাৰ বন্ধ কৰি দিলে৷ 47মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাইটো দেখা পালে৷

16

1তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে। 2আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওতেই, তেওঁলোকে মৈদামলৈ গ’ল৷

3তেওঁলোকে নিজৰ মাজত কোৱা-কুই কৰি ক’লে, “মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?” 4কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷

5তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল। 6কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই। 7কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”

8তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত হৈ আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল।

যীচুৰ পুনৰুত্থান

শিষ্য সকলক দৰ্শন দিয়া, আৰু শেষ আজ্ঞা

9সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে। 10তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে; 11তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।

12এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্যৰূপ ধৰি, তেওঁলোকক দেখা দিলে। 13তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।

14পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। 15আৰু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্রচাৰ কৰা।16তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷

17এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন, বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;18আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷”

19এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁ হাতে বহিল। 20পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী সকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।