ইয়োব
গ্রন্থ ৰচয়িতা
প্রকৃততে কোনেও নাজানে ইয়োবৰ পুস্তকৰ লিখক কোন। কোনো লিখকৰ পৰিচয় জনা নাযায়। সম্ভবত একাধিক লিখক আছিল। এইটো সম্ভব যে বাইবেলৰ সকলোবোৰ পুস্তকতকৈ ইয়োব প্রাচীনতম পুস্তক। ইয়োব আছিল এজন সৎ আৰু ধার্মিক মানুহ, যিজনে অসহনীয় এক ঘটনা ভোগ কৰিছিল আৰু তেওঁ আৰু তেওঁৰ বন্ধুসকলে জানিবলৈ চেষ্টা কৰে যে, কিয় এনে বিপর্যয় মানুহৰ জীৱনত ঘটে। এই পুস্তকৰ মূল ব্যক্তিত্ববোৰৰ ভিতৰত আছে, ইয়োব, তৈমনীয়া ইলীফজ, চপহীয়া বিলদাদ, নামাথীয়া চোফৰ আৰু বুজীয়া ইলীহু।
লিখাৰ স্থান আৰু সময়
অজ্ঞাত।
এই পুস্তকৰ বেছি ভাগ লক্ষণে দেখুৱাই যে, ই বহু পাছত লিখা, হয়তো ই নির্বাসিত সময়ত বা তাৰ পাছত আৰু ইয়াৰে ইলীহু অধ্যায়টো ইয়াতকৈও পাছত লিখা।
প্রাপক
প্রাচীন ইহুদিলোকসকল আৰু বাইবেলৰ ভবিষ্যত পাঠকসকল। এইটোও বিশ্বাস কৰা হয় যে, ইয়োব পুস্তকৰ মূল পাঠকসকল আছিল দাসত্বত থকা ইস্রায়েলৰ সন্তানসকল; এই কথাও বিশ্বাস কৰে যে, মোচিযে তেওঁলোকক সান্ত্বনা দিবলৈ বিচাৰিছিল, কাৰণ তেওঁলোক মিচৰৰ দাসত্বৰ অধীনত আছিল।
উদ্দেশ্য
“ইয়োবৰ পুস্তকে” আমাক নিম্নলিখিত বিষয় সমূহ বুজিবলৈ সহায় কৰে: চয়তানে আর্থিক আৰু শাৰীৰিক ধ্বংস আনিবলৈ কেতিয়াও নোৱাৰে, কিন্তু চয়তানে কি কৰিব পাৰে বা নোৱাৰে, তাৰ ওপৰত ঈশ্বৰৰ ক্ষমতা আছে। এই জগতত সকলো দুখভোগৰ আৰত থকা “কিয়”ৰ অর্থ বুজি পোৱা ক্ষমতা মানুহৰ সমর্থৰ বাহিৰত। দুষ্টই কেৱল তেওঁলোকৰ কর্মহে গ্রহন কৰিব পাৰে। দুখভোগে হয়তো কেতিয়াবা আমাৰ জীৱনটো শুদ্ধিকৰণ কৰিবলৈ, পৰীক্ষা কৰিবলৈ, শিক্ষা আৰু আত্মাত শক্তিশালী হ’বলৈ অনুমতি দিয়ে।
মূল বিষয়
কষ্টৰ মাজেদি আশীর্বাদ।
প্রান্তৰেখা
1. ভূমিকা আৰু চয়তানৰ আক্রমণ – 1:1-2:13
2. ইয়োবৰ তিনি বন্ধুৰ সৈতে তেওঁৰ দুখভোগ সম্পর্কে আলোচনা চাকৰিৰ তিন বন্ধুৰ সঙ্গে তাৰ কষ্টৰ কথা আলোচনা – 3:1-31:40
3. ইলীহুৰ ঈশ্বৰৰ সততা ঘোষণা – 32:1-37:24
4. ইয়োবৰ প্রতি ঈশ্বৰৰ সার্বভৌম প্রকাশ – 38:1-41:34
5. ঈশ্বৰে ইয়োবক পুনৰুদ্ধাৰ কৰা – 42:1-17
1ইয়োবৰ সাধুতা আৰু তেওঁৰ উন্নতি
1উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল। 2তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল। 3তেওঁৰ সাত হাজাৰ মেৰ-ছাগ1:3 মেৰ-ছাগ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
4তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। 5পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।
ইয়োবৰ প্ৰথম পৰীক্ষা
6এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল। 7তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।” 8তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” 9তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে? 10আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে। 11কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” 12তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
13এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। 14তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; 15এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 16এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 17সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 18এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; 19এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 20তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে, 21“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।” 22এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।
2ইয়োবৰ দ্বিতীয় পৰীক্ষা। তেওঁৰ বন্ধুসকলৰ আগমণ।
1আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল। 2তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।
3তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।” 4তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে। 5কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” 6তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।”
7তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। 8ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে। 9পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” 10তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
11পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে। 12পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে; 13আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।
3ইয়োবৰ বিলাপ।
1পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
2ইয়োবে মাত লগাই ক’লে,
3যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক,
আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
4সেইদিন অন্ধকাৰময় হওক;
ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক,
আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
5অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক;
মেঘে তাক ঢাকি ধৰক;
দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
6সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক।
বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক,
আৰু মাহৰ লেখতো নপৰক।
7চোৱা, সেই ৰাতি অসাৰ্থক হওক,
তাত কোনো আনন্দ-ধ্বনি নহওক।
8দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক;
বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
9সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়।
সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে।
সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
10কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে,
আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
11মই কিয় গৰ্ভতে নমৰিলোঁ?
উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
12কোলাই মোক কিয় ল’লে?
আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
13কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন,
সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
14তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল,
এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
15অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন,
আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
16বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন,
পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
17সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে;
ভাগৰুৱাই তাত জিৰণি পায়।
18তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে;
ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
19তাত সৰু কি বৰ সকলো একে;
আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
20দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়?
মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
21তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে,
আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
22কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে,
কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
23যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে,
এনে মানুহক কিয় পোহৰ দিয়া হয়?
24কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে,
আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
25কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে,
আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
26মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই,
কিন্তু দুখহে আহি থাকে।”
4ইলীফজৰ প্ৰথম বক্তৃতা।
1তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
2কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে?
কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
3চোৱা, তুমি অনেকক শিক্ষা দিছিলা,
দুৰ্ব্বল হাতক সবল কৰিছিলা;
4তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল,
আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
5কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা,
আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়?
আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল?
আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
8মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে,
আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়,
আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
10সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়,
আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে;
সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
12এটা কথা মোলৈ গুপ্তৰূপে আহিল;
মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
13ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে,
যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
14তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল;
সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল;
তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ;
এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল;
মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে?
বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
18চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে,
নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
19তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে,
যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়,
সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
20প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়;
সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
21সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়?
সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”
51“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে?
আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
2কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে,
আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
3মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ,
কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
4তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল,
আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল;
সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
5ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে,
কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল,
তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
6কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়,
আৰু মাটিৰ পৰা ক্লেশ নগজে;
7কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে,
তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
8কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন,
আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
9অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে;
অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
10তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়,
আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
11তেওঁ নীহলোকক ওখ কৰে,
আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
12তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে;
তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
13তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে;
তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
14সিহঁতে দিনতেই আন্ধাৰক লগ পায়,
ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
15কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা,
আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
16এইদৰে দীনহীনে আশা পায়,
আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
17চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য;
এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
18কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে;
তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
19তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব;
এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
20তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব,
আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
21তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা;
আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
22বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা,
আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
23কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব,
আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
24তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা,
আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
25তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব,
আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব,
সেই বিষয়েও তুমি জানিবলৈ পাবা।
26ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়,
তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
27চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ;
ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”
6ইয়োবৰ উত্তৰ
1তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
2“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে,
আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
3কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন;
এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
4কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল,
মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে;
ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
5বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে?
বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
6যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়?
বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
7মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত,
সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
8অস! মোৰ নিবেদন সফল হোৱা হ’লে,
আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
9অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে,
তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
10সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন,
এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন;
কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
11মোৰ বলনো কি, মই যে অপেক্ষা কৰিম?
আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
12মোৰ বল জানো শিলৰ বল?
বা মোৰ মাংস জানো পিতলৰ?
13মই একেবাৰেই উপায়হীন নহওঁ নে?
আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
14নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে;
সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
15মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক;
বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
16সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে,
আৰু হিম সেইবোৰত লীন হৈ যায়;
17কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়,
আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
18সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়,
আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
19তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে,
আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
20কিন্তু তেওঁলোক আশাত বঞ্চিত হয়,
তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
21কিয়নো এতিয়া তোমালোক একো নোহোৱা;
তোমালোকে আপদ দেখি ভয় পাইছা।
22মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া;
তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
23বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা,
নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
24মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম;
আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
25ন্যায় বাক্য কেনে বেদনাদায়ক!
কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
26তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা,
নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
27তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন,
আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
28এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা;
কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
29মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক;
আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
30মোৰ জিভাত জানো অন্যায় আছে?
মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?
71পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়?
তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
2সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ,
আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
3অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে,
আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
4শোওঁতে মই কওঁ, মই কেতিয়া উঠিম?
ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
5পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ;
মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
6মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী,
আৰু বিনা আশাৰে ঢুকায় যায়।
7তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ;
মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
8মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব।
তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
9মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়,
সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
10তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব,
আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
11এই হেতুকে মই মুখ জপাই নাথাকিম;
মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা,
মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব,
মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
14তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা,
আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
15তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে,
আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
16জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ;
জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
17মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা,
আৰু তাত যে তুমি মন দিয়া,
18তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা,
আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা?
বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ,
তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল?
কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
21তুমি মোৰ পাপ কিয় ক্ষমা নকৰা?
আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা?
কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”
8বিল্দাদৰ প্ৰথম বক্তৃতা
1তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
2তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা?
তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
3ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে?
সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
4তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে।
আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
5তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা,
আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা,
তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব,
আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
7আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল,
তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
8কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা,
আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
9কিয়নো আমি কালিৰ লোক, একোকে নাজানো;
কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে?
আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ8:11 প্যাপিৰাচ মিচৰদেশীয় নল-খাগৰি জাতীয় উদ্ভিদ বাঢ়িব পাৰে?
কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই,
আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
13ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়,
আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
14তাৰ ভাৰসা উচ্ছন্ন হয়,
আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব;
সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16যি লতা সূৰ্যৰ আগত ৰসাল হয়,
যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
17যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে,
যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে,
সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
19চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ;
পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
20চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব,
আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে,
আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব;
আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
9ইয়োবৰ উত্তৰ
1তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
2“মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ;
কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
3যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে,
তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
4ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী;
তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
5তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে;
আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
6তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়;
তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
7এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়;
আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
8তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে,
আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
9তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা,
আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
10অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে;
অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
11চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ;
তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
12চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে?
তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
13ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়;
এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
14মই কেনেকৈ তেওঁক উত্তৰ দিম?
তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
15মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ;
মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
16যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে;
তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
17তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব,
আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
18তেওঁ মোক উশাহকে ল’ব নিদিব,
কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
19পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়,
চোৱা, মই আছোঁ,
আৰু যদি বিচাৰৰ কথাত কয়,
কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
20মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব;
মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
21মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ;
জীৱনত মোৰ ঘিণ লাগিছে।
22সকলো বিষয়তে একে, সেই দেখি মই কওঁ,
তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
23আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়,
তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
24পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়;
তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে;
যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
25মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী;
একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
26সেইবোৰ বেগী নাৱৰ দৰে চলি যায়,
বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
27যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম,
আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
28তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি,
মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
29মই দোষী হবই লাগিব;
তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
30যদি মই হিমৰ পানীত গা ধোওঁ,
আৰু খাৰেৰে হাত চাফা কৰোঁ,
31তথাপি তুমি মোক খালত জুবুৰিয়াবা,
আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
32কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে,
মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
33আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা
এনেকুৱা মধ্যস্থ কোনো নাই।
34তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক,
আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
35তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম;
কিয়নো মই নিজে তেনেকুৱা নহওঁ।
101মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে;
মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম;
মই হৃদয়ৰ বেজাৰত কথা কম।
2মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা;
মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।
3তুমি উপদ্ৰৱ কৰিবলৈ,তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ,
আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?
4তোমাৰ চকু জানো চৰ্ম্ম-চকু?
আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?
5তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য?
বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?
6তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা,
আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,
7মই যে দুষ্ট নহওঁ,
আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
8তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে,
মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।
9সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা;
পাছত আকৌ মোক ধুলিলৈ নিবা নে?
10তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে?
আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?
11তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা;
হাড় আৰু সিৰেৰে মোক বলা।
12তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা;
তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
13তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল-
তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,
14মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা,
আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
15মই দুষ্ট হলে, মোক সন্তাপ হ’ব,
ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
16মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা,
আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
17তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা,
আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।
18তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা?
নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।
19মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন,
আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।
20মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা।
মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
21য’ৰ পৰা মই উলটি নাহিম,
সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,
22সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ,
সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই;
তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।”
11চোফৰৰ প্ৰথম বক্তৃতা
1তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,
2ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে?
বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?
3তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব?
তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?
4কিয়নো তুমি কৈছা, “মোৰ মত ঠিক,
আৰু মই তোমাৰ দৃষ্টিতে শুচি।”
5কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে,
আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;
6জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে,
ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল!
এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।
7তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে?
তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?
8সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা?
সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা?
9তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল,
আৰু সমুদ্ৰতকৈয়ো বহল।
10তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে,
তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?
11কিয়নো তেওঁ দুষ্ট লোকক জানে,
আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।
12কিন্তু অসাৰ মানুহ জ্ঞনশূন্য,
এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।
13তুমি যদি নিজৰ মন শুদ্ধ কৰা,
আৰু তেওঁৰ ফাললৈ হাত মেলা,
14কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা,
আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;
15তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা;
এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,
16কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা,
ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।
17তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব,
আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।
18আশা থকা কাৰণে তুমি সাহিয়াল হবা;
আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।
19তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব;
বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।
20কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব,
সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।
12ইয়োবৰ উত্তৰ।
1পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,
2“হয় হয়, তোমালোকহে মানুহ;
মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।
3কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে;
তোমালোকতকৈ মই নিকৃষ্ট নহওঁ;
এনেবোৰ কথা কোনে নাজানে?
4ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ;
ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।
5নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়;
পিছল খাই পৰিব লগীয়াবোৰলৈ সেয়ে বাট চায় থাকে।
6ডকাইতবোৰৰ তম্বু কুশলে থাকে;
যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে,
ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
7কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব;
আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।
8নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব;
আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।
9পশুবোৰে এইবোৰ বিষয় নাজানে যে,
যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে -
10যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ,
আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।
11জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়,
তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?
12বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে,
দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।
13জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে;
পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।
14চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়;
তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।
15চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়;
আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।
16পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে;
প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।
17তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,
আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।
18তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়,
আৰু তেওঁলোকৰ ককালত ডোল লগায়।
19তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,
আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।
20তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে,
আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।
21তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়,
আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
22তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে,
আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।
23তেওঁ জাতি সমূহক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে;
তেওঁ জাতি সমূহক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।
24তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে,
আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।
25তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে;
তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।
131চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে,
আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
2তোমালোকে যি জানা, ময়ো তাক জানো;
মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
3কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম,
আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
4কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা,
আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
5অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল!
সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
6এতিয়া মোৰ তিৰস্কাৰ শুনা,
আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
7তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে?
আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
8তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে?
তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
9তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে?
বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
10তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা,
তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
11তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে?
তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
12তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন,
তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
13তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া;
মোলৈ যি ঘটে, ঘটক।
14মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম?
মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
15চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম;
তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
16এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব,
মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
17মনোযোগ কৰি মোৰ কথা শুনা;
মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
18চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ;
মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
19মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে?
যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
20হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা;
তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
21মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা,
আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
22তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম,
বা মই কম, তুমি উত্তৰ দিবা।
23মোৰ অপৰাধ আৰু পাপ কিমান?
মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
24কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা,
আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
25উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা?
আৰু শুকান ঘুলাক জানো খেদি যাবা?
26কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা,
আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
27তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা,
মোৰ সকলো পথৰ চিন ৰাখিছা,
আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
28সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা,
আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।
141তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য,
তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।
2তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে;
তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
3এনে লোকলৈ তুমি চকু মেলি চাইছা?
আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?
4অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে?
কোনেও নোৱাৰে।
5তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল,
তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা,
আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;
6ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে,
তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।
7কিয়নো গছৰ আশা আছে,
তাক কাটিলেও সি আকৌ পোখা মেলে,
আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
8যদি মাটিত তাৰ শিপা বুঢ়া হয়,
আৰু ভুমিত তাৰ মূঢ়াতো মৰে,
9তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়,
আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।
10কিন্তু মানুহ মৰে আৰু ক্ষয় পায়;
মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?
11যেনেকৈ জলাহৰ পানী ঢুকাই যায়,
আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,
12তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে,
আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়,
আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।
13অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে,
তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে,
তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল!
14যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে?
যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে,
মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
15তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম;
তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।
16কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা;
তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?
17মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে,
আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।
18কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়;
আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।
19পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়,
তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়;
সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।
20তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়।
তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।
21তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে;
আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
22কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়,
আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”
15ইলীফজৰ দ্বিতীয় বক্তৃতা
1তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,
2জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে,
বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?
3সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়,
বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,
4এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা,
আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।
5কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে,
আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।
6তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই;
তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।
7মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে?
আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?
8তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে?
আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?
9তুমি নো আমি নজনা কথা কি জানা?
তুমিনো আমি নুবুজা কথা কি বুজিছা?
10আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে;
তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।
11ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে?
আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?
12তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা,
আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,
13তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে?
আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?
14মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে?
তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
15চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে,
এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।
16তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত,
জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।
17মই তোমাক দেখিছোঁ, মোৰ কথা শুনা;
মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;
18যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল,
আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,
19জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি,
গুপুতে নাৰাখি এই কথা কয়,
20দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়,
অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।
21ভয়ৰ শব্দ তাৰ কাণত থাকে;
সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।
22সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব,
তৰোৱালে তালৈ বাট চাই আছে।
23সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’
সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
24ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়;
যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।
25কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে,
আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।
26এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়,
সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।
27এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে,
আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;
28আৰু সি জনশূণ্য নগৰত বাস কৰিলে;
য’ত কোনো মানুহে বাস নকৰে,
শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।
29সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব;
সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।
30সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব;
অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব,
আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।
31সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক;
কিয়নো অসাৰতাই তাৰ বেচ হ’ব।
32তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব,
আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।
33সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব,
আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।
34কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব,
আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।
35সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে;
সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”
16ইয়োবৰ উত্তৰ
1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2মই এইৰূপ অনেক কথা শুনিলো;
তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
3বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়?
বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
4ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ;
মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন,
তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন,
আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
5অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন,
আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
6মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়,
আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
7কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে;
তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
8তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে;
মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে,
আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
9তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে;
তেওঁ মোলৈ দাঁত কৰচিলে;
মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
10লোকে মোৰ বিৰুদ্ধে মুখ মেলে;
সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে;
সিহঁতে মোৰ অহিতে গোট খায়।
11ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে,
আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
12মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে,
এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে;
আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
13তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে;
ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে,
তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
14তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে;
তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
15মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ,
আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
16যদিও মোৰ হাতত অত্যাচাৰ নাই,
আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
17তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল,
আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
18হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা,
আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
19চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে,
আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
20মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে,
তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
21যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে,
তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
22কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম,
যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।
171মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে;
মোলৈ মৈদাম যুগুত আছে।
2নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে,
আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।
3বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা;
নিজৰ আগত নিজেই মোৰ জামিন হোৱা;
আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?
4কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা;
এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।
5যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে,
তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।
6তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে;
যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো।
7মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল,
আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।
8ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব,
আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।
9তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব;
যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
10কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা;
আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
11মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় শেষ হৈছে,
এনে কি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ’ল।
12সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে,
পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।
13যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ,
যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,
14যদি মই গাতক মোৰ পিতৃ,
আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা,
15তেনেহ’লে মোৰ আশা ক’ত?
আৰু মোৰ আশাক নো কোনে দেখা পাব?
16আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম
কেতিয়া ধূলিত গৈ জিৰণী পাম?”
18বিল্দদৰ দ্বিতীয় বক্তৃতা।
1তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
2তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা?
তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
3আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ?
আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
4ক্ৰোধত নিজকে বিদৰোৱা যি তুমি,
তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব,
বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
5নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব,
আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
6তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব,
আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
7তাৰ খোজৰ শক্তি কম হৈ যাব,
আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
8কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে,
আৰু সি পাশৰ ওপৰেদি ফুৰে।
9কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব,
আৰু সি ফান্দত ধৰা পৰিব।
10তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে,
আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
11কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব,
আৰু খোজে খোজে তাক খেদি যাব।
12ভোকত তাৰ বল কমি যাব,
আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
13মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব,
আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
14যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব;
ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
15তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব;
তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
16তলত তাৰ শিপাবোৰ শুকাব,
আৰু ওপৰত তাৰ ডাল কটা যাব।
17পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব,
আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
18তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব,
আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
19স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব,
তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
20তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব,
আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
21নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব,
আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”
19ইয়োবৰ উত্তৰ
1তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
2তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা,
আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
3তোমালোকে এই দহবাৰ মোক অপমান কৰিলা;
তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
4বাস্তৱিকতে মই যদি ভূল কৰিলোঁ,
তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।
5যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা,
আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,
6তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে,
আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
7চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে;
মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
8মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে,
আৰু মোৰ পথ আন্ধাৰ কৰিছে।
9তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে,
আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
10তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো;
তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
11তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে;
আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
12তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে,
আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
13তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে,
আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
14মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে,
আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
15মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে;
মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।
16মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে;
মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।
17মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস,
আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।
18শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে;
মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
19মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে,
মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
20মই হাড়ে-ছালে লাগিলোঁ;
মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।
21হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা;
কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
22ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা?
আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?
23অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে,
অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
24অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে
সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!
25কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে,
শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
26আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত,
মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
27মই নিজেই তেওঁক দেখা পাম,
আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব।
হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।
28যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম
কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’
29তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা;
কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে,
গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”
20চোফৰৰ দ্বিতীয় বক্তৃতা।
1তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে,
2মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে,
কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে।
3মোক লাজ দিয়া উপদেশ মই শুনিলোঁ,
তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।
4কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল,
কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা,
5দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া,
আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
6যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ,
আৰু তাৰ মুৰ মেঘত লাগে,
7তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব,
যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে?
8সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব;
এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব।
9যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব;
তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব।
10তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব,
আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।
11তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ,
কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।
12যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে,
যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে,
13যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে,
কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়,
14তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়,
সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।
15সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব;
ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।
16সি কালসৰ্পৰ বিষ চুহিব;
বিশাল সাপৰ জিভাই তাক বধ কৰিব।
17সি নদীবোৰ দেখা নাপাব,
মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব।
18সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব;
সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।
19সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে;
এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।
20তাৰ পেট কেতিয়াও তৃপ্ত নহয়;
এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।
21সি গ্ৰাস নকৰা একোৱেই বাকী নাই;
এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব।
22তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব;
দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।
23সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব,
আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব।
24সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব;
কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব।
25সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে;
এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়;
তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।
26তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে,
মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব;
সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।
27আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব,
আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।
28তাৰ ঘৰৰ সম্পত্তি উড়ি যাব;
ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
29দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে,
আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।
21ইয়োবৰ উত্তৰ।
1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2তোমালোকে মন দি মোৰ কথা শুনা;
আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।
3অলপ সহন কৰা, ময়ো কওঁ;
মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।
4মই লোকৰ নামত অভিযোগ কৰিম নে?
মই কিয় অসহিষ্ণু নহম?
5তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা,
আৰু নিজৰ মুখত হাত দিছা।
6যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো,
তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।
7দুষ্টবোৰ কিয় জীয়াই থাকে?
কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
8সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে;
সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।
9সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে,
আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।
10সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়;
সিহঁতৰ গাই জগে, বিনচ নকৰে।
11সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে;
আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।
12সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়,
আৰু বাঁহীৰ শব্দত উল্লাস কৰে।
13সিহঁতে সুখেৰে নিজ নিজ দিন কটায়;
পাছত এক নিমিষতে চিয়োললৈ নামি যায়।
14তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা;
কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।
15সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম?
আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?
16চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়;
দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।
17দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়?
কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে?
কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?
18কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা,
আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?
19তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”।
সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।
20তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু
সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।
21কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল,
সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?
22যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে,
এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?
23সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম,
কোনোৱে সম্পূৰ্ণ বলত মৰে।
24তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ,
আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।
25আন কোনোৱে মনত তিতা লাগি মৰে;
সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।
26সিহঁত দুয়ো একেলগে ধুলিত শোৱে,
আৰু পোকে সিহঁত দুয়োকো ঢাকে।
27চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ;
আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।
28কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত?
আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
29তোমালোকে পথিকবিলাকক সোধা নাই নে?
30দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়,
এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?
31তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব?
আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?
32তথাপি তাক মৈদামলৈ নিয়া হ’ব,
আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।
33আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব;
যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।
34তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা!
তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”
22ইলীফজৰ তৃতীয় বক্তৃতা।
1তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে,
2মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?
বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়।
3তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে?
তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব?
4তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে?
তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব?
5তোমাৰ দুষ্টতা অধিক নহয় নে?
তোমাৰ অপৰাধ অসীম নহয় নে?
6কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা,
আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।
7তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা,
আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।
8কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল;
আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল।
9তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা;
আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।
10এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে;
আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।
11তুমি আন্ধাৰ দেখা নাই নে?
তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা?
12ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে?
সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে?
13তুমি কৈছা, “ঈশ্বৰে কি জানে?
ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
14ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়,
কেৱল আকাশ-মণ্ডল ফুৰি থাকে।”
15তুমি পুৰণি পথকে ধৰি থাকিবা নে,
যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে -
16সিহঁতক অকালতে ধৰি নিয়া হৈছিল;
আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।
17সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;”
আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”
18তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল;
কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে।
19তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে;
আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই,
20আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল;
আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”
21এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা;
তাকে কৰিলে তোমাৰ মঙ্গল হব।
22তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা,
আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।
23যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা,
তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।
24তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা,
আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা;
25তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব,
আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।
26কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা,
আৰু ঈশ্বৰলৈ মুখ তুলিবা।
27তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব;
তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
28তুমি কোনো বিষয় মনত স্থিৰ কৰিলে,
সেয়ে তোমালৈ সিদ্ধ হ’ব;
আৰু তোমাৰ পথত পোহৰ পৰিব।
29বিপদৰ কালত তুমি কবা, উন্নতি হব;
আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব।
30তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব;
এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”
23ইয়োবৰ উত্তৰ।
1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী;
মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
3অস, মই তেওঁক ক’ত পাম, তাক জনা হলে,
আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
4তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন,
আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
5তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন,
আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
6তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে?
নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
7তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন;
তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
8চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই;
আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।
9তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ;
তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
10কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে;
তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
11মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ;
এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
12তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই;
তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
13কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে?
তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
14মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব;
আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
15এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ।
মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
16কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে,
আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
17কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ,
আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।
241সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? 2কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। 3সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। 4সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। 5চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। 6সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। 7সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। 8সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে,
আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে।
9কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়,
আৰু দুখীয়াৰ পৰা বন্ধক লয়।
10তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে,
আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়।
11সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে,
আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে।
12জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই,
আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে;
তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে।
13আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়,
তাৰ আওভাও নাজানে,
আৰু তাৰ পথতো নচলে।
14নৰবধীয়ে দোকমোকালিতে উঠে;
সি দুখী-দৰিদ্ৰক মাৰি পেলাই;
আৰু ৰাতি সি চোৰৰ নিচিনা হয়।
15কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে;
সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”।
সি নিজৰ মুখ ঢাকি ৰাখে।
16কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে;
সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে;
পোহৰ কি, সিহঁতে নাজানে।
17কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ;
কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।
18এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়;
সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়;
সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়।
19অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে,
তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে।
20যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে,
আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে,
21এনে লোকক মাতৃ-গৰ্ভেও পাহৰে,
পোকে তাক সন্তোষেৰে খায়;
কোনেও তাক সোঁৱৰণ নকৰে;
এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়।
22তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে;
এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে।
23তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে;
আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।
24সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়;
এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়,
আৰু ধানৰ থোকৰ দৰে কটা হয়।
25এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব?
আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?”
25বিল্দদৰ তৃতীয় বক্তৃতা।
1তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
2প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;
তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।
3তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?
আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?
4তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?
আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
5চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,
আৰু তৰাবোৰো নিৰ্ম্মল নহয়।
6তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!
আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!
26ইয়োবৰ উত্তৰ।
1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা!
আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
3আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা!
আৰু মূল কথা বৰ ভালকৈ বুজালা!
4তুমি নো কাৰ আগত কথা কলা?
কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?”
5বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন,
যিসকলে জল সমূহৰ তলত নিবাস কৰে ---
6তেওঁৰ আগত চিয়োল অনাবৃত,
আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।
7তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে,
আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
8তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে;
তথাপি জলৰ ভৰত মেঘ নাফাটে।
9তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে,
আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।
10যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে,
সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,
11তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে,
আৰু বিচুৰ্ত্তি হয়,
12তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়,
আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।
13তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়;
আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।
14চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন,
আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো!
কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?
27ইয়োবৰ শেষ বক্তৃতা।
1পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে,
2যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে,
যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে,
সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
3কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে,
আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;
4মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়,
আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।
5মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম,
এনে কথা মোৰ পৰা দূৰ হওক।
মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।
6মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম;
মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।
7মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক,
আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক।
8কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব,
তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
9তাৰ সঙ্কট ঘটিলে,
ঈশ্বৰে কাতৰোক্তি শুনিব নে?
10সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়?
বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?
11ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে,
সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ,
আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।
12চোৱা, তোমালোক সকলোৱেই দেখিলা;
তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?
13দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়,
আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,
14তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে,
আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।
15তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব,
আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।
16যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়,
আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,
17তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব,
আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব।
18সি নিজৰ ঘৰ পোকৰ দৰে সাজে,
আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
19সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব;
সি চকু মেলামাত্ৰকে নাইকিয়া হয়।
20নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে।
ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।
21পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে,
আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।
22কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব,
সি তেওঁৰ ভয়ত পলাই ফুৰিব।
23লোকে তাক দেখি হাত-তালি দিব,
আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।
281নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়;
সেই সোণৰ ঠাইও আছে।
2লোহা মাটিৰ পৰা উলিওৱা হয়,
আৰু শিল গলাই তাম উলিয়ায়।
3মানুহে অন্ধকাৰ শেষ কৰে,
নিচেই তলিলৈকে খান্দে,
আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।
4সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়,
আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়;
সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।
5যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়,
তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।
6তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই,
আৰু গুড়ি সোণ তাত আছিল।
7সেই পথ হিংসক পক্ষীয়ে নাজানে,
আৰু শেনৰ চকুৱেও তাক নেদেখে।
8গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই,
আৰু সিংহও সেই ফালেদি যোৱা নাই।
9মানুহে অতি টান শিলত হাত দিয়ে;
সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।
10সি শিলৰ মাজে মাজে নলা কাটে,
আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।
11সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে,
আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।
12কিন্তু জ্ঞান ক’ত পোৱা যায়?
আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
13মনুষ্যই তাৰ মূল্য নাজানে,
আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।
14অগাধ জলে কয়, এইটি মোত নাই,
আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।
15শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়,
আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
16ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য,
আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
17সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে,
আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
18তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি,
এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।
19কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়,
আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
20তেন্তে জ্ঞান ক’ৰ পৰা আহে?
আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
21এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত,
আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।
22বিনাশ আৰু মৃত্যুৱে কয়,
আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।
23তাৰ পথ ঈশ্বৰেহে জানে,
আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।
24কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু
আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
25তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে,
যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,
26যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে,
আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,
27তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে,
তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;
28আৰু তেওঁ মনুষ্যক কলে,
চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান,
আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
291পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
2অস, আগৰ মাহ কেইটাত,
যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
3যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল,
আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ,
সেই কালত মই যেনেকৈ আছিলোঁ,
4যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
5সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল,
আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
6যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ,
আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল;
মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
7যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ,
চকত মোৰ আসন যুগুত কৰিছিলোঁ,
8তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল,
আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
9প্ৰধান লোকসকলে কথা কবলৈ এৰি,
নিজ নিজ মোখত হাত দিছিল;
10ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
11কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল,
আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
12কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ,
আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
13বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল;
মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
14মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল,
আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
15মই অন্ধৰ চকু আছিলোঁ;
আৰু খোৰাৰ ভৰি আছিলোঁ।
16মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ।
আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
17মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ,
আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
18তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম,
মোৰ দিন বালিৰ দৰে অসংখ্য হব;
19আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব,
আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
20মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব,
আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
21লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল,
আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
22মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল;
মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
23বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল,
আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
24সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ,
আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
25মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো,
আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ,
আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।
301কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ,
মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
2যিবিলাকৰ শক্তি নষ্ট হল,
এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
3সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়;
সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
4আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে,
আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
5সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়;
চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
6সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়,
মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
7সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে,
আৰু কাঁইট গছৰ তলত গোট খায়।
8সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি;
সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
9এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ,
এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
10সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে,
আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
11কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে;
সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
12মোৰ সোঁফালে নীহ লোকবিলাক উঠে;
সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে,
আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
13সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়;
নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
14গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে,
সিহঁতেও তেনেকৈ আহে;
সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
15নানা ত্ৰাসে মোক ধৰিছে;
বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে;
আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
16সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে,
আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
17ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে,
আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
18ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে;
সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
19ঈশ্বৰে মোক বোকাত পেলাই দিছে,
মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
20মই তোমাৰ আগত কাতৰোক্তি কৰোঁ,
কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ,
কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
21তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা,
আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
22তুমি মোক বতাহত তুলি দি ফুৰাইছা,
আৰু ধুমুহাত মোক লীন নিয়াইছা।
23কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা,
আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
24তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে?
আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
25দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে?
আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
26মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল,
আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
27মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে;
দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
28মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো,
আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
29মই শিয়ালবোৰৰ ভাই,
আৰু উট পক্ষীৰ বন্ধু হলোঁ।
30মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে,
আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
31সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে,
আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।
311মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ;
তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?
2কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি?
আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?
3সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ,
আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?
4তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে?
আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?
5মই যদি মিছাত চলিলোঁ,
আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,
6(ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে,
মোক ঠিক তৰ্জুত জোখক;)
7মই যদি অবাটে খোজ চলালোঁ,
মোৰ মন যদি চকুৰ পাছে পাছে চলিল,
আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,
8তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।
9মই যদি পৰৰ তিৰোতাত মোহ গলোঁ,
আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,
10তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক,
আৰু অন্য লোকে তাইক ভোগ কৰক।
11কিয়নো সেয়ে গৰ্হিত কাৰ্য,
আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;
12কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি;
সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।
13মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত,
মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,
14তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম?
আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?
15মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই?
আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?
16মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ,
আৰু বিধৱাৰ চকু জলকা লগালোঁ,
17যদি বা মোৰ খোৱা মুঠি অকলেই খালো,
আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,
18(এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়,
আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;)
19যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ,
বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,
20তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে,
আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,
21আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি,
যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,
22তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক,
আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।
23কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ,
আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
24মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ,
আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
25মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ,
আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,
26মই সুৰ্য্যক দীপ্তি দিয়া,
বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,
27যদি মোৰ মন গুপুতে মোহ গল,
আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,
28তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন;
কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।
29মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ,
আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,
30(এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা
মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;)
31তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে?
এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,
32(বিদেশীয়ে বাটত ৰাতি কটোৱা নাই,
কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,)
33মই অনেক লোক সমূহক ভয় কৰাৰ,
আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,
34নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি,
যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,-
35অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল!
চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক;
অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!
36অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন,
আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,
37তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন,
আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।
38মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে,
আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,
39মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ,
বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,
40তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট,
আৰু যৱৰ সলনি বন গজক।
ইয়োবৰ বাক্য সমাপ্ত।
32ইলীহুৰ প্ৰথম বক্তৃতা।
1ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। 2এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
3আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। 4তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল। 5পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
6তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে,
মই ডেকা, তোমালোক বুঢ়া;
এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।
7মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক,
আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।
8কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে,
সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।
9বৰ বৰ লোক যে জ্ঞানী, এনে নহয়;
আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়।
10এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা;
মইও মোৰ মত প্ৰকাশ কৰোঁ।
11চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা,
তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ,
তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।
12মই তোমালোকলৈ মন দি আছিলোঁ,
কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা,
বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।
13সাৱধান, তোমালোকে নকবা যে,
“তেওঁত আমি জ্ঞান পালোঁ;
তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”
14কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই;
আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।
15তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু;
তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল।
16মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়;
তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু।
17মইও নিজৰ পক্ষে উত্তৰ দিম;
মইও নিজৰ মন জনাম।
18কিয়নো মই কথাৰে পৰিপূৰ্ণ,
মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।
19চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা।
সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।
20মই উপশম পাবৰ নিমিত্তে কথা কম;
মই মুখ মেলি উত্তৰ কৰিম।
21মই কাৰো মুখলৈ নাচাম,
আৰু মই কাকো খুচামোদ নকৰিম।
22কিয়নো মই খুচামোদ কৰিব নাজানো;
কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।
331যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা,
আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।
2চোৱা, মই এতিয়া মুখ মেলিলোঁ;
মোৰ মুখত থকা জিভাই কথা কৈছে।
3মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব,
মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।
4ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে,
আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।
5তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া;
মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।
6চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা;
মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।
7চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব,
আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
8বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা;
তুমি কথা কোৱা মই শুনিলোঁ।
9তুমি কলা, “মই শুচি, মই নিৰপৰাধী,
মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।
10চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে,
তেওঁ মোক শত্রু যেন জ্ঞান কৰে;
11তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে;
তেওঁ মোৰ সকলো পথত চকু দিয়ে।
12চোৱা, মই তোমাক উত্তৰ দিওঁ,
এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।
13তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা?
কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।
14তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়;
কিন্তু মানুহে তালৈ মন নিদিয়ে।
15যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়,
তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
16এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে,
মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,
17গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে,
আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,
18তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে,
আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।
19সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়,
আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,
20তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে,
আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
21তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়,
আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;
22এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে,
আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।
23মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে,
তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
24তেন্তে তেওঁ তালৈ কৃপা কৰি কব,
“গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
25তাৰ গা লৰাত্কৈয়ো চিকণ হব;
সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
26সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব;
তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব,
আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।
27সি মানুহৰ আগত গীত গাই কব,
“আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ;
তথাপি মই তাৰ উচিত ফল পোৱা নাই।
28গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে,
আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”
29চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে,
তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,
30ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ,
এনে কি, তিনি বাৰ কৰে।
31হে ইয়োব, মন দিয়া, মোৰ কথা শুনা;
মনে মনে থাকা, ময়েই কওঁ।
32যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া;
কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।
33যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।
34ইলীহুৰ দ্বিতীয় বক্তৃতা।
1পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে,
2হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা;
হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা।
3কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়,
তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।
4আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক;
যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক।
5কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক,
তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
6মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ,
বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে।
7পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা,
8দুৰাচাৰীবোৰৰ লগত ফুৰা,
আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে?
9কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে,
মানুহৰ একো লাভ নহয়।”
10এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা;
ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।
11কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে,
আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।
12বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে।
সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে।
13তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে?
আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে?
14যদি তেওঁ নিজেই নিজতেই মন দি থাকে,
যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,
15তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব,
আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।
16যদি তোমাৰ বিবেচনা থাকে,
তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।
17ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে?
তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?
18ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি?
আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
19তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়,
আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি!
কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
20সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে;
লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে,
আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
21কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে,
আৰু তাৰ সকলো গতি দেখে।
22য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে,
এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।
23যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব,
এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।
24তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি,
আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
25এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে,
আৰু ৰাতিতে সকলো লুটিয়াই পেলায়,
তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।
26তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;
27কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি,
আৰু তেওঁৰ এটি পথকো নামানি,
28দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে,
আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
29তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
30অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে;
আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে,
এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক,
তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
31“মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”
32যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া;
যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
33ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা?
কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
34বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,
35“ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।”
36ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
37কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে,
আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে।
35ইলীহুৰ তৃতীয় বক্তৃতা।
1পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,
2“মোৰ কি উপকাৰ?
বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?
3এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে?
বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক,
এই বুলি কৈছানে?
4মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,
5তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা,
তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।
6তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা?
আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?
7তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা?
বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
8তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে,
আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।
9অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে,
আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
10যি জনাই ৰাতি গীত গোৱাই,
11যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে,
আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
12তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে,
কিন্তু তেওঁ উত্তৰ নিদিয়ে।
13বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে,
আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।
14তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব,
তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
15কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে,
আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;
16এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে,
অনেক জ্ঞানশূন্য কথা কৈছে।
36ইলীহুৰ শেষ বক্তৃতা।
1ইলীহুৱে আৰু কথা কলে,
2আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ,
কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;
3মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম,
আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।
4কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়;
জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।
5চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে;
তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।
6তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে,
কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।
7তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই;
কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত,
তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই,
তাত তেওঁবিলাকৰ উন্নতি হয়।
8আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়,
আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,
9তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই,
তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।
10শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে,
আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।
11যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে,
তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়,
আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
12কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়,
আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
13অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়;
ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।
14সিহঁত ডেকা কালতে মৰে,
আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।
15তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে,
আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।
16তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে;
আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
17কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে,
তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
18সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক,
আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।
19তোমাৰ ধন, আৰু শক্তি সমস্ত বল,
তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?
20যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়,
এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।
21সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা;
কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।
22চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে;
তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?
23কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে?
বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?
24ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে,
তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।
25সকলো মানুহে তাক নিৰীক্ষণ কৰে;
মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।
26চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য;
তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।
27কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে;
সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;
28সেইবোৰক আকাশে বৰষায়,
মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।
29বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ,
আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?
30চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে;
আৰু তেওঁ সাগৰৰ তলি ঢাকে।
31কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে,
আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।
32তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়,
লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।
33তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে,
পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।
371ইয়াতো মোৰ হৃদয় কঁপিছে,
আৰু বুকু ঢপ ঢপ কৰিছে।
2শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি,
সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।
3সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই,
আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে।
4তাৰ পাছত গাজনি মাৰে,
তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে;
যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।
5ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে;
তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে।
6কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’,
সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়,
‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।
7তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে
তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে।
8তেতিয়া জন্তুবোৰ চোঙত সোমায়;
আৰু নিজ নিজ বাসস্থানত থাকে।
9দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে,
আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়।
10ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়,
আৰু বহল জল সমূহ ঠেক হৈ যায়।
11এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে,
তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।
12গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে,
এই কাৰণে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে।
13তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক,
নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।
14হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা;
থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা।
15ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে,
আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে?
16কেনেকৈ আকাশত মেঘ ভাহি থাকে,
ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে, জ্ঞানত কোন নিখুত জানানে?
17যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়,
তেতিয়া বস্ত্ৰ কেনেকৈ গৰম যেন বোধ হয় তুমি জানানে?
18তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে
দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?
19আমি তেওঁক কি ক’ম, সেয়া আমাক জনোৱা;
কিয়নো আমাৰ যুক্তিৰ উদ্দেশ্যে আমি একো উলিয়াব পৰা নাই, কাৰণ আমাৰ মন অন্ধকাৰত আচ্ছন্ন।
20মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে?
বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব?
21সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়;
কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হয়।
22উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে;
ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে।
23সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য,
তেওঁ পৰাক্ৰমত মহান;
তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
24এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে;
কিন্তু যিসকল লোকে নিজৰ মনতে জ্ঞানী বুলি ভাবে, তেনেলোকলৈ তেওঁ মনোযোগ নিদিয়ে।
38যিহোৱাই ইয়োবক দিয়া প্ৰথম উত্তৰ।
1তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
2“যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?
3তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা;
কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
4যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা?
যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
5কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে?
বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।
6সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল?
বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?
7যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল,
তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
8গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল,
তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?
9যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ,
আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,
10আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ,
ডাং আৰু দুৱাৰ লগাই কৈছিলো-
11‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়;
ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’
12তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে?
আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
13সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে,
তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?
14ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়,
আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।
15আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়,
আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।
16তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা?
বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?
17মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে?
বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
18তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে?
এই সকলো যদি জানা, তেন্তে কোৱা।
19পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত-
সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?
20যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে,
বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?
21তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা!
আৰু তোমাৰ দিনৰ সংখ্যা অধিক!
22যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে,
তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
23এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে,
ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;
24কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়,
বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?
25প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে,
বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,
26বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে,
আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,
27সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে,
কোনে কোমল ঘাঁহ গজাই তোলে?
28বৰষুণৰ জানো পিতৃ আছে?
নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?
29কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল?
কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?
30জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়,
পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।
31তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা?
বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
32আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা?
বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?
33তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে?
পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?
34ঢল পানীৰে তোমাক ঢাকিবৰ বাবে
তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?
35তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে?
সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?
36ঘন মেঘক কোনে জ্ঞান দিলে?
পপীয়া তৰা কোনে বুদ্ধি দিলে?
37এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে?
কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?
38যেতিয়া ধুলিবোৰ গৈ গোট খায়,
আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?
39তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে?
বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?
40যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে,
আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?
41যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে,
আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?
391তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা?
হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
2সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে?
বা সিহঁতে জগোৱা সময় তুমি জানা নে?
3সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়,
আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
4সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়;
সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
5বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে?
কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
6মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ,
আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
7সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে;
চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
8চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে;
সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
9মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে?
তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
10তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে?
সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
11তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে?
তোমাৰ কাম তাক গটাই দিবা নে?
12সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি,
তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
13উট চৰাইৰ ডেউকাই উল্লাস কৰে,
কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
14তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়,
আৰু ধুলিত উম পাবলৈ দিয়ে।
15কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি,
বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
16পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে,
আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
17কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে,
আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
18কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে,
তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
19ঘোঁৰাক জানো তুমি বল দিলা?
লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
20তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা?
তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
21সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে,
সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
22সি ভয়ক হাঁহে, আৰু আতংকিত নহয়;
সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
23তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে;
চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
24সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে;
শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
25শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে;
সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়,
সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
26তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে,
আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
27ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে,
আৰু অতি ওখ ঠাইত বাহ সাজে?
28সি শিলত বাস কৰে, তাতেই তাৰ বাহ;
সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
29সেই ঠাইৰে পৰা সি আহাৰ মনে;
তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
30তাৰ পোৱালিবোৰে তেজ পিয়ে;
য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”
401যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
2দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব?
ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
3তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
4“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম?
মই মোৰ মুখত হাত দিওঁ।
5মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ;
এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
যিহোৱাই দিয়া দ্বিতীয় উত্তৰ।
6তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
7“তুমি বীৰৰ দৰে কঁকাল বান্ধা;
মই তোমাক সোধোঁ, তুমি মোক কোৱা।
8মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে?
বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
9তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে?
তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
10তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা,
প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
11তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা,
প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
12প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা,
দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
13সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা,
সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
14তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি
মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
15ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা;
সি গৰুৰ দৰে ঘাঁহহে খায়।
16চোৱা, তাৰ বল তাৰ কঁকালত আছে,
তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
17সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়;
তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
18তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা,
তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
19ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান;
যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
20পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে;
তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
21সি পদুমনিৰ তলত শোৱে,
নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
22পদুম গছবোৰে তাক ছাঁ দি ধৰে;
নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
23চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়;
যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
24সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে?
কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?
411তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা?
বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
2তুমি তাৰ নাকত নাকী লগাব পাৰা নে?
বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
3সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব?
বা তোমাক জানো কোমল কথা ক’ব?
4তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে,
সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
5চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে?
বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
6মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে?
সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
7তুমি জানো তাৰ ছাল শেলেৰে,
বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
8তাৰ গাত হাত দি চাবাচোন;
হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
9চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা?
তাক দেখিলেই মানুহ পৰি নাযাব নে?
10এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই;
তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
11আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম?
আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
12মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ,
নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
13তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে?
কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
14তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে?
তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
15তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া;
সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
16সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে,
তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
17সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত;
একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
18তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে;
তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
19তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়;
জুইৰ ফিৰিঙটি ওলায়।
20উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে,
তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
21তাৰ নিশ্বাসে এঙাৰ জ্বলায়,
তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
22তাৰ ডিঙিত বল থাকে,
আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
23তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা,
সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
24তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন);
এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
25যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়,
আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
26যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব,
বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
27সি লোহাক খেৰৰ নিচিনা দেখে,
আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
28ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে;
ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
29সি গদাক ঘুলা যেন মানে,
আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
30তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা;
সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
31সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে,
আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
32সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে,
আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
33ভয়হীন ৰূপে স্ৰজন কৰা,
তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
34সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে;
সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।
42ইয়োবে নম্ৰ হোৱাত দুগুণ উন্নতি লাভ কৰে।
1তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
2“মই জানো যে, তুমি সকলো কৰিব পাৰা;
কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
3তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে?
সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
4মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
5পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
6এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
7যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। 8এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।” 9তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
10যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে। 11পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে। 12এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল। 13তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল। 14তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে। 15ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে। 16ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে। 17এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।