হোচেয়া

গ্রন্থ ৰচয়িতা

হোচেয়া পুস্তকৰ অধিকাংশ বার্তা হোচেয়াৰ দ্বাৰা উচ্চাৰিত হোৱা। আমি নাজানো যে, এই পুস্তক তেওঁ নিজে লিখিছিল নে নাই; সম্ভৱতঃ তেওঁৰ কথাবোৰ তেওঁৰ অনুগামীসকলে সংগ্রহ কৰিছিল, যি লোকসকলে বিশ্বাস কৰিছিল যে, তেওঁ ঈশ্বৰৰ ববে কথা কৈছিল। ভাববাদীৰ নামৰ অর্থ হ’ল “পৰিত্রাণ”। আন সকলোবোৰ ভাববাদীতকৈ হোচেয়াই তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ৰ সৈতে অতি ঘনিষ্ঠভাবে তেওঁৰ বার্তাক সংযুক্ত কৰিছে। এই মহিলা গৰাকীক বিয়া কৰোঁৱাৰ দ্বাৰা তেওঁ জানিছিল যে, অবশেষত তেওঁৰ আস্থাক সেই মহিলা গৰাকীয়ে বিশ্বাসঘাতকতা কৰিব আৰু তেওঁৰ সন্তানসকলৰ নামেৰে ইস্রায়েলৰ ওপৰত বিচাৰৰ বার্তা পঠাব; হোচেয়াৰ ভাববাণীযুক্ত বাক্য তেওঁৰ পাৰিবাৰিক জীৱনৰ পৰা প্রবাহিত হৈছিল।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 750-710 খ্রীষ্টপূর্বৰ মাজভাগত।

হোচেয়াৰ বার্তাবোৰ সংগ্রহ কৰা, সম্পাদনা কৰা আৰু অনুলিপি কৰা বার্তা। এইটো স্পষ্ট নহয় যে এই প্রক্রিয়া কেতিয়া শেষ হৈছিল, তথাপিও যিৰূচালেম ধ্বংস হৈ যোৱাৰ আগতেই শেষ হোৱাৰ সম্ভাৱনাই অধিক বুলি বিবেচিত হয়।

প্রাপক

হোচেয়াৰ মৌখিক বার্তাৰ মূল দর্শকসকল আছিল ইস্রায়েলৰ উত্তৰ অঞ্চলৰ সাম্রাজ্য। তাৰ পাছত তেওঁলোকক পদদলিত কৰা হ’ল, তেতিয়া তেওঁৰ বাক্য এটা ভাববাণী হিচাপে বিচাৰৰ সতর্কবাণী হ’ল, এটা মনপালটনৰ প্রতি আহ্বান আৰু পুনৰূদ্ধাৰৰ প্রতিশ্রুতি হ’ল।

উদ্দেশ্য

হোচেয়াই এই পুস্তক খন লিখিছিল ইস্রায়েলী আৰু আমাক সোঁৱৰাই দিবলৈ যে, ঈশ্বৰত বিশ্বাসযোগ্যতাৰ প্রয়োজন আছে। যিহোৱাই হ’ল একমাত্র সত্য ঈশ্বৰ, আৰু তেওঁ অবিভক্ত বিশ্বস্ততা দাবী কৰে। পাপে বিচাৰৰ ৰায় লৈ আহে। হোচেয়াই বেদনাদায়ক পৰিণতি, আগ্রাসন আৰু দাসত্ব সম্পর্কে সতর্ক কৰিছে। ঈশ্বৰ মানুহৰ নিচিনা নহয় যে, তেওঁ বিশ্বাসযোগ্যতাৰ প্রতিশ্রুতি দি পাছত তাক ভংগ কৰিব। ইস্রায়েলে বিশ্বাসঘাতকতা কৰা সত্বেও, ঈশ্বৰে তেওঁলোকৰ প্রতি প্রেম অব্যাহত ৰাখিছে, আৰু তেওঁলোকৰ পুনৰূদ্ধাৰৰ বাবে এটা উপায় প্রদান কৰিছে। হোচেয়া আৰু গোমৰৰ বিবাহৰ উপাস্থাপনাৰ প্রতীকটোৰ যোগেদি ইস্রায়েল জাতিৰ মূর্তিপূজকসকলৰ বাবে ঈশ্বৰ প্রেমৰ এটা সবল ৰূপক হিচাপে প্রকাশিত হৈছে, য’ত পাপৰ মূল বিষয়ত সোধবিচাৰ, আৰু ক্ষমাশীল প্রেম আছে।

মূল বিষয়

অবিশ্বাসযোগ্যতা।

প্রান্তৰেখা

1. হোচেয়াৰ অবিশ্বস্ত স্ত্রী — 1:1-11

2. ইস্রায়েলৰ বিচাৰ আৰু ঈশ্বৰৰ শাস্তি — 2:1-23

3. ঈশ্বৰে তেওঁৰ লোকক উদ্ধাৰ কৰে — 3:1-5

4. শাস্তি আৰু ইস্রায়েলৰ অবিশ্বাস — 4:1-10:15

5. ঈশ্বৰৰ প্রেম আৰু ইস্রায়েলৰ পুনৰূদ্ধাৰ — 11:1-14:9

1

1যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।

হোচেয়াৰ পৰিয়াল

2হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”

3সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।

4তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল1:4 অর্থ হ’ল, “ঈশ্বৰে উদ্ধাৰ কৰে।” ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।1:4 যিজ্ৰিয়েল নগৰত যেহূৱে ইস্রায়েলৰ ৰজা আৰু ৰাজপৰিয়ালৰ সকলো সদস্যকে বধ কৰিছিল। আৰু তেওঁ নতুন নিয়ম প্রবর্তন কৰিছিল (2ৰজাৱলী অধ্যায় 1-10)5সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”

6পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা1:6 অর্থ হ’ল, “দয়াৰ পাত্র নহয়।” ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম। 7কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”

8লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে। 9তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী1:9 ইয়াৰ অৰ্থ, “মোৰ লোক নহয়” ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”

ইস্রায়েলৰ পুণঃ প্রতিষ্ঠা

10তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।” 11যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ1:11 ঈশ্বৰে লোকসকলৰ কাৰণে পুনৰ পৰিকল্পনা কৰিলে। হ’ব।

2

1তোমালোকৰ ভাইসকলক তোমালোকে অম্মী2:1 যাৰ অর্থ ‘মোৰ লোক’ আৰু ভনীসকলক ৰুহামা2:1 যাৰ অর্থ হ’ল, ‘দয়াৰ পাত্রী’। বুলি ক’বা।

ইস্ৰায়েলৰ কু-আচৰণ, শাস্তি আৰু উদ্ধাৰ।

2তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা;

কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়।

তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক।

3সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম।

মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।

4মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।

5তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে।

কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”

6সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম;

মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।

7তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব,

কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব;

তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব।

তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”

8কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ;

তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।

9সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্রাক্ষাৰস তৈয়াৰ হোৱা বতৰত মই তাইৰ শস্য ঘূৰাই লম।

তাইৰ উলঙ্গতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি লম।

10মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব।

11মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।

12মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।

13তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল,

নথ2:13 নথ মহিলাসকলে নাকত পিন্ধা অলঙ্কাৰ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল,

সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।

14এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম।

15মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম।

যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাই2:15 যেনেদৰে সেই সময়ত প্রকাশ কৰিছিল।ছিল।

16যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল”2:16 মোৰ গৰাকী বুলি পুনৰায় নামাতিবা। 17কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব। 18মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।

19মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায় বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম। 20মই বিশ্বস্ততাৰে তোমাক ভার্যা কৰি ল’ম আৰু তেতিয়া তুমি যিহোৱাক জানিব পাৰিবা।

21যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম;

মই আকাশ-মণ্ডলক উত্তৰ দিম;

আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,

22পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক2:22 যিজ্রিয়েল: ইস্রায়েলক বুজাইছে। উত্তৰ দিব।

23মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক2:23 লো-ৰুহামাক দয়াৰ পাত্র নোহোৱাজনীক মই দয়া কৰিম;

লো-অম্মীক2:23 লো-অম্মীক মোৰ প্রজা নোহোৱাজনক মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”

3

হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা

1পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।3:1 ‘উঠা’ মান, “কিছুমান পিঠা তৈয়াৰ কৰা”।

2সেয়ে মই পোন্ধৰ চেকল3:2 15 চেকল মানে, 170 গ্রাম ৰূপ। ৰূপ আৰু ডেৰ হোম3:2 এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ। 3তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”

4কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব। 5তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।

4

ঈশ্বৰে ইস্রায়েলক অভিযোগ কৰা

1হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা;

কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে।

সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।

2কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।

3এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে।

বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।

4তথাপিও কোনো মানুহে বিবাদ নকৰক,

কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক;

কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।

5পুৰোহিতসকল, তোমালোকে দিনত উজুটি খাবা,

ৰাতি তোমালোকৰ সৈতে ভাৱবাদীয়েও উজুটি খাব;

মই তোমালোকৰ মাতৃ ইস্রায়েলক বিনষ্ট কৰিম।

6জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে।

তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ।

তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা,

সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।

7পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে,

সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে;

মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।

8মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়;

লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।

9এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব;

দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম।

মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।

10তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব,

বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব;

কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।

ইস্রায়েলৰ মূর্তিপূজা

11ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।

12মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে,

তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে,

কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে।

তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।

13তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে,

পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে,

অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়।

সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়,

আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।

14তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম;

কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়,

আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে;

এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব4:14 এই লোকসকলে কনানীয়াসকলৰ মূর্তিপূজাৰ আৰাধনালয়ত আৰাধনা কৰিছিল, আৰু তেওঁলোকে ইয়াক উন্নতি পাবৰ কাৰণে কৰিছিল। ইয়াক ব্যৱহাৰ কৰাৰ বাবে লোকসকলে বিশ্বাস কৰিছিল যে এই মহিলাসকলৰ সৈতে শাৰিৰীক (যৌন) সম্পর্ক কৰিলে নিশ্চিতভাবে তেওঁলোকৰ পোহনীয়া জন্তু আৰু শস্য পথাৰত উন্নতি পাব।

15হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়;

তোমালোক গিলগললৈ নাযাবা,

বৈৎ-আবনলৈকে উঠি নাযাবা;

“জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।

16ঠৰডিঙীয়া চেঁউৰী গাইৰ নিচিনা ইস্রায়েলীয়াসকল ঠৰডিঙীয়া।

সেয়ে, বহল পথাৰত পোৱালি মেৰ-ছাগ এটাক চৰোৱাৰ দৰে যিহোৱাই জানো এতিয়া তেওঁলোকক চৰাব পাৰে?

17ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।

18যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে;

তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।

19শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব;

তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।

5

ইস্ৰায়েল আৰু যিহূদালৈ আহিবলগীয়া দণ্ড।

1হে পুৰোহিতসকল, এই কথা শুনা!

হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া!

হে ৰাজবংশৰ লোকসকল, শুনা!

কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে।

কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ,

আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।

2বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল,

মই তেওঁলোকৰ সকলোকে শাস্তি দিম।

3মই ইফ্ৰয়িমক জানো;

ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই;

হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা;

ইস্ৰায়েল অশুচি হ’ল।

4তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে,

কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে,

আৰু তেওঁলোকে যিহোৱাক নাজানে।

5ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে;

ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে;

তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে।

6নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব,

কিন্তু তেওঁলোকে তেওঁক নাপাব;

কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে।

7তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে,

তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে।

এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব।

8তোমালোকে গিবিয়াত শিঙা বজোৱা,

ৰামাত তুৰী বজোৱা।

বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা,

হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’

9শাস্তি দিয়াৰ দিনা ইফ্ৰয়িম জনশূন্য হৈ পৰিব।

যি ঘটনাবোৰ নিশ্চয়ে ঘটিব, সেই বিষয়ে মই ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত সতর্ক কৰি ঘোষণা কৰিলোঁ।

10যি সকলে চাৰিসীমাৰ শিল আঁতৰায়, যিহূদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ’ল।

মই তেওঁলোকৰ ওপৰত পানীৰ ধলৰ নিচিনাকৈ মোৰ ক্রোধ ঢালি দিম।

11ইফ্ৰয়িমক নির্যাতিত কৰা হ’ল;

বিচাৰত তেওঁক চূর্ণ কৰা হ’ল;

কাৰণ ইফ্রয়িমে অসাৰ মূর্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে।

12সেয়ে মই ইফ্ৰয়িমলৈ নষ্টকাৰক পোকৰ নিচিনা হ’লো,

আৰু যিহূদা-বংশলৈ ধ্বংস কৰা ক্ষয়কাৰকৰ দৰে হ’লো।

13ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে,

আৰু যিহূদাই নিজৰ আঘাত দেখা পালে;

সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল;

মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে;

কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব;

তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব।

14মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম,

যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম;

মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম;

মই তেওঁলোকক দূৰলৈ লৈ যাম,

তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।

15মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম।

তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।”

6

অনুতপ্তৰ বাবে আমন্ত্রণ

1“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ;

তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব;

তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব।

2দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব;

তৃতীয় দিনা তেওঁ আমাক তুলিব,

যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।

3আহাঁ, আমি যিহোৱাক জানোহঁক,

তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক;

পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব;

বৰষুণৰ দৰে তেওঁ আহিব,

বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”

ইস্রায়েল আৰু যিহূদাৰ কঠিন মন

4হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম?

হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম?

কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা;

অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা।

5সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ,

মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ;

মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে।

6কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো;

মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।

7তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে;

তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে।

8গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ,

য’ত তেজময় পদচিহ্ন ভৰি আছে।

9ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে,

তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে;

তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে।

10ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ;

তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল।

11হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে।

সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম।

7

1যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো,

তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে

চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়;

তেওঁলোকে ছলনা কৰে,

ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।

2কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ।

এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে;

মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।

3তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।

4তেওঁলোক সকলোৱেই ব্যভিচাৰী;

তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা;

পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।

5আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল;

নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।

6কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে,

তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে;

ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে;

ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।

7তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত;

তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে;

তেওঁলোকৰ সকলো ৰজা পতিত হ’ল;

তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।

8ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে;

ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।

9বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে,

কিন্তু তেওঁ তাক বুজি পোৱা নাই;

তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে,

কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।

10ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে;

এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।

11ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন;

তেওঁলোকে এবাৰ মিচৰক মাতে,

পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।

12কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম;

আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম;

তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।

13তেওঁলোকৰ সন্তাপ হ’ব!

কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল!

তেওঁলোকৰ বিনাশ হ’ব!

তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে;

মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো,

কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।

14তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে,

কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে।

শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।

15যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ,

কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।

16তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই;

তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল;

তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।

8

ইস্ৰায়েলৰ মূর্তিপূজা

1তোমাৰ মুখত এটি শিঙা ৰাখা।

মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে;

কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে,

আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।

2ইস্রায়েলে মোৰ ওচৰত কাতৰোক্তি কৰি কৈছে, ‘হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলবাসীয়ে আপোনাক জানো।’

3কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে;

সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।

4মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে;

মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে।

তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।

5হে চমৰিয়া8:5 চমৰিয়া আছিল ইস্রায়েলৰ ৰাজধানী। , মই তোমাৰ দামুৰিৰ মূর্তিক অগ্রাহ্য কৰিলোঁ।

এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ল;

নির্দোষী হ’বলৈ তেওঁলোকৰ পুনৰ কিমান কাল লাগিব?

6কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে;

এজন শিল্পকাৰে তাক নির্মাণ কৰিলে;

কিন্তু সেয়া ঈশ্বৰ নহয়;

চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব।

7তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব।

শস্যৰ গোচাত কোনো দানা নাথাকে,

তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব।

যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।

8ইস্ৰায়েলক গ্ৰাস কৰা হ’ল;

তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।

9এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল;

ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে।

10যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে,

তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম;

ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব।

11পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে;

কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল।

12মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ,

সেইবোৰ এক বিজতৰীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ’ব।

13যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়,

কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ।

এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম;

তেওঁলোক মিচৰলৈ উলটি যাব।

14ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে;

যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে;

কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম;

তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।

9

ইস্রায়েলৰ পাপৰ প্রতিফল

1হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা;

তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা,

মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।

2মৰণা মৰা মজিয়া আৰু দ্ৰাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব;

তেওঁলোকে নতুন দ্রাক্ষাৰস নাপাব।

3তেওঁলোকে যিহোৱাৰ দেশত বাস নকৰিব;

কিন্তু ইফ্ৰয়িম হ’লে মিচৰলৈ উলটি যাব,

আৰু তেওঁলোকে অচূৰীয়াত অশুচি আহাৰ খাব9:3 মোচিৰ বিধানত নির্দিষ্ট এই খাদ্যবোৰ নিশ্চিতভাবে অশুচি বুলি ঘোষণা কৰা আছে আৰু সেই বাবে এইবোৰ খাব নালাগে।

4তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে দ্ৰাক্ষাৰসৰ পানীয় নৈবেদ্য ঢালিবলৈ নাপাব;

তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব;

তেনে বলিদানবোৰ শোকার্ত লোকসকলৰ আহাৰৰ নিচিনা হ’ব;

সেইবোৰ যিসকলে খাব, তেওঁলোক সকলো অশুচি হ’ব;

কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণেই হব,

কিন্তু যিহোৱাৰ গৃহলৈ নাহিব।

5তেওঁলোকৰ পৰ্ব্বৰ দিনা আৰু যিহোৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব?

6তেওঁলোকে যদি অচূৰীয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিচৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মেম্ফিচ নগৰে তেওঁলোকক মৈদাম দিব।

তেওঁলোকৰ সাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰৰ লগতে তেওঁলোকৰ তম্বুবোৰ চোৰাত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব।

7ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত,

প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে;

তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে

তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”

8মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও

তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ;

ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।

9গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল।

ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব;

তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।

10যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ;

প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ;

কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল;

তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল।

11ইফ্ৰয়িমৰ বিষয়ে হ’লে, চৰাইৰ নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উড়ি যাব;

তেতিয়া সন্তানৰ জন্ম নহ’ব, কোনো গর্ভৱতী নহ’ব আৰু কোনেও গৰ্ভধাৰণো নকৰিব।

12যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম;

তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব।

যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম,

তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।

13এদিন মই ইফ্রয়িমক এক মনোহৰ ঠাইত ৰোপণ কৰা তূৰ যেন দেখিছিলোঁ;

কিন্তু এতিয়া ইফ্ৰয়িমে নিজৰ সন্তান সকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব।”

14হে যিহোৱা, তেওঁলোকক দিয়ক; আপুনি তেওঁলোকক কি দিব?

আপুনি তেওঁলোকক গর্ভফল নষ্ট হৈ যোৱা গর্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক।

15যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল;

সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো।

তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম;

মই তেওঁলোকক পুনৰায় প্ৰেম নকৰিম;

তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।

16ইফ্ৰয়িমক আহত কৰা হৈছে,

তেওঁলোকৰ শিপা শুকাই গৈছে,

তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব;

তেওঁলোকৰ সন্তান জন্ম হ’লেও,

মই তেওঁলোকৰ গৰ্ভৰ প্রিয় সন্তানবোৰক মাৰি পেলাম।”

17মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব,

কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ’ল;

তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।

10

ইস্রায়েলৰ পাপ আৰু বন্দীত্ব

1ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে।

তাৰ ফল যিমানে বৃদ্ধি পালে,

সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে।

তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল,

তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।

2তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ;

সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব।

যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব,

তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।

3তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই;

কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”

4তেওঁলোকে অনেক অনৰ্থক কথা কয়,

নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়;

সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।

5চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে;

সেয়ে তাৰ লোকসকলে শোক কৰিব,

সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব;

কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।

6সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব,

আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব।

ইফ্ৰয়িমে লাজ পাব,

ইস্ৰায়েলে কাঠৰ মূর্তিক10:6 পৰামর্শ অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।

7পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।

8বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব।

কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব;

তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!”

সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”

9যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা;

পাপৰ মাজতেই তোমালোক থাকি গ’লা;

গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?

10যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম;

তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব।

11ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়।

মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম,

মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম;

যিহূদাই নাঙল টানিব,

যাকোবে নিজৰ কাৰণে মৈ টানিব।”

12তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ,

প্রেমৰ শস্য দোৱা,

পতিত ভূমি চহোৱা;

যিহোৱাক বিচাৰিবৰ সময় হৈছে।

যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।

13কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা,

অন্যায়ৰ শস্য চপালা,

ছলনাৰ ফল ভোগ কৰিলা;

তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।

14সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব,

তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব।

যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল।

সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।

15হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি।

ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।

11

ইস্রায়েলৰ প্রতি ঈশ্বৰৰ প্রেম

1ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ,

মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।

2মই তেওঁলোকক যিমানে মাতিছিলোঁ,

সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল11:2 তেওঁলোকৰ ওচৰলৈ মই যিমান আহিছিলো, তেওঁলোক সিমানে মোৰ পৰা দূৰলৈ আতৰি গৈছে।;

তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল,

আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।

3তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ।

ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ;

কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।

4মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ;

মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ;

পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।

5যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল,

সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব।

আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।

6তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব;

তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব;

নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।

7মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে;

যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও,

তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।

8হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম?

হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম?

মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম?

মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম?

মোৰ হৃদয় ব্যাকুল হৈছে;

মোৰ সকলো মমতা জাগি উঠিছে।

9মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোক11:9 নগৰৰ বিৰুদ্ধে নাহিম।ৰ বিৰুদ্ধে প্রকাশ নকৰিম;

মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম;

কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ;

মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা;

মই ক্ৰোধেৰে উপস্থিত নহম।

10তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব;

মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম;

মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।

11মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ,

অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব;

মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম।

মই যিহোৱাই এই কথা কৈছো।

12যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা,

ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে;

কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে

আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।

12

1ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।

ইস্রায়েলৰ বিৰুদ্ধে যিহোৱা

2যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে;

তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।

3গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল12:3 আদি পুস্তক 25:26;

বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল12:3 আদি পুস্তক 32:24-26

4তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল;

তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল;

তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল;

সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল12:4 আমাৰ সৈতে কথা পাতে।

5তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।

6এতিয়া হে যাকোবৰ বংশ,

তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ।

প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।

7যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী;

তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে;

তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।

8ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ,

নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ;

মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’

9কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা।

মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ।

তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।

10মই ভাববাদীসকলৰ আগত কথা কলোঁ,

অনেক দৰ্শন দিলোঁ;

তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।

11গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ।

গিলগলত লোকসকলে বলধ উৎসর্গ কৰে;

তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।

12যাকোব অৰাম12:12 অৰাম: চিৰিয়া দেশ দেশলৈ পলাই গৈছিল;

ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।

13যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল;

এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।

14কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে;

সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব;

তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।

13

ইস্রায়েলৰ বিৰুদ্ধে যিহোৱাৰ ন্যায় বিচাৰ

1ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল।

কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।

2এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে;

তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে;

এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য;

এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।

3সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব,

সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা,

মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা,

খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।

4তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা;

মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই;

মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই।

5মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ।

6যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা,

তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল,

এই নিমিত্তে তমালোকে মোক পাহৰিলা।

7সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম;

নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।

8পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম;

সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম;

বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।

9হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰী13:9 তোমাৰ সহায়কাৰী মোৰ লগত আছে। ৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,

10এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব?

এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা,

“মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”

11সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ

আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।

12ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল;

তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।

13নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব।

কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ;

জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।

14চিয়োলৰ13:14 চিয়োলৰ মৈদাম শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে?

মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে?

হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত?

হে চিয়োল, তোমাৰ সংহাৰ ক’ত?

মোৰ চকুৰ পৰা মমতা লুকাই আছে।

15ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও,

যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব,

মৰুভূমিৰ পৰা বৈ আহিব;

ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব;

শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।

16চমৰিয়া দোষী হ’ব;

কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে;

তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব,

তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব,

তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।

14

যিহোৱালৈ মন-পালটন

1হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ,

তোমালোকৰ অপৰাধৰ কাৰণে তোমালোক পতিত থ’লো।

2মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা,

“আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক;

যাতে আমি আমাৰ ওঁঠে14:2 ষাঁৰ গৰুৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।

3অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব;

ঘোঁৰাৰ ওপৰত ভাৰসা কৰি আমি যুদ্ধ নকৰিম।

আমাৰ হাতেৰে নির্মাণ কৰা মূর্তিক আমি পুনৰ ‘তুমি আমাৰ ঈশ্বৰ’ বুলি কেতিয়াও নকম; কিয়নো আপোনাৰ ওচৰতে অনাথজনে দয়া বিচাৰি পায়।”

যিহোৱাই ইস্রয়েলক ক্ষমা কৰিব

4যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম,

মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম;

কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।

5মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম;

তেওঁ লিলি ফুলৰ নিচিনাকৈ ফুলিব,

লিবানোনৰ এৰচ গছৰ নিচিনাকৈ তেওঁৰ শিপা নামি যাব।

6তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব;

জিত গছৰ নিচিনা তেওঁৰ সৌন্দর্য হ’ব;

তেওঁৰ সুগন্ধ লিবানোনৰ এৰচ গছৰ নিচিনা হ’ব।

7তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব14:7 তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব;

তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব,

আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব;

লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।

8ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’

মইয়ে তোমাক উত্তৰ দিম আৰু তেওঁৰ যত্ন ল’ম।

মই এক কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা;

তোমাৰ বিশ্বস্ততাৰ ফল মোৰ কাষৰ পৰাই আহে।”

9জ্ঞানৱানজনে এইবোৰ কথা বুজে;

বিবেচকজনে এইবোৰ কথা জানে;

কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু

ধাৰ্মিকজনে সেই পথত গমন কৰে,

কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।