যিহিষ্কেল

গ্রন্থ ৰচয়িতা

এই পুস্তক খন পুৰোহিত আৰু ভাববাদী, বুজিৰ পুত্র যিহিষ্কেলে লিখা। তেওঁ যিৰূচালেমত থকা এটা পুৰোহিত পৰিয়ালত জন্মিছিল আৰু নির্বাসনৰ সময়ত বেবিলনত ইহুদিসকলৰ সৈতে বাস কৰিছিল। যিহিষ্কেলৰ পুৰোহিত বংশৰ খ্যাতিৰ যোগেদি তেওঁৰ ভাববাদীৰ পৰিচর্যা কৰিছিল, তেওঁ প্রায়ে নিজে কিছুমান বিষয়ৰ প্রতি সচেতন আছিল, যেনে মন্দিৰ, পৌৰহিত্যৰ, ঈশ্বৰৰ মহিমা, আৰু বলিদান পদ্ধতি।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 593-570 খ্রীষ্টপূর্বৰ ভিতৰত।

যিহিষ্কেলে এই পুস্তক বেবিলনৰ পৰা লিখিছিল, কিন্তু তেওঁৰ ভাববাণীবোৰ আছিল ইস্রায়েল, ইজিপ্ত আৰু চুবুৰীয়া অন্যান্য দেশকলৈ উদ্বিগ্ন হোৱা।

প্রাপক

বেবিলনৰ নির্বাসনত থকা আৰু ঘৰত থকা ইস্রায়েলসকল; আৰু পাছত বাইবেলৰ সকলো পাঠক।

উদ্দেশ্য

যিহিষ্কেলে তেওঁৰ প্রজন্মৰ মাজত পৰিচর্যা কৰিছিল, যিসকল আছিল উভয়ে অতি পাপী আৰু অতিশয় হতাশাগ্রস্থ। অর্থাৎ তেওঁৰ ভাববাদী পৰিচর্যাত তেওঁ তেওঁলোকক তৎক্ষণাৎ মনপালটন কৰাই আনিবলৈ আৰু দূৰৈত থকা ভৱিষ্যত প্রতি ভাৰসা দিবলৈ প্রচেষ্টা চলাইছিল। তেওঁ শিক্ষা দিছিল যে ঈশ্বৰে মানৱ বার্তাবাহকসকলৰ যোগেদি কাম কৰে, আনকি পৰাজয়ৰ যোগেদি আৰু ঈশ্বৰৰ লোকৰ হতাশাত ঈশ্বৰৰ সার্বভৌম প্রয়োজনীয়তাই নিশ্চিত প্রদান কৰে। ঈশ্বৰৰ কর্ম কেতিয়াও নিষ্ফল নহয়, ঈশ্বৰ বর্তমান হয় আৰু তেওঁৰ আৰাধনা সকলোতে কৰিব পাৰি। যেতিয়া আমি বিনষ্ট হোৱা অনুভৱ কৰো,সেই অন্ধকাৰ সময়বোৰত যিহিষ্কেল পুস্তক খনে আমাক ঈশ্বৰক যে তেতিয়া বিচাৰি পোৱা যায়, সেই কথা সোঁৱৰাই দিয়ে; আমাৰ জীৱনক নিজকে পৰীক্ষা কৰিব দিয়ে, আৰু একমাত্র সত্য ঈশ্বৰৰ সৈতে আমাক শ্রেণীবদ্ধ কৰায়।

মূল বিষয়

প্রভুৰ মহিমা

প্রান্তৰেখা

1. যিহিষ্কেলৰ আহ্বান — 1:1-3:27

2. যিৰূচালেম, যিহূদা আৰু মন্দিৰৰ বিৰুদ্ধে ভবিষ্যত বাণী — 4:1-24:27

3. জাতিসমূহৰ বিৰুদ্ধে ভবিষ্যদ্বানী — 25:1-32:32

4. ইস্রায়েলীসকলৰ সম্পর্কে ভবিষ্যদ্বানী — 33:1-39:29

5. পুনৰূদ্ধাৰৰ দর্শন — 40:1-48:35

1

যিহিষ্কেলক কাৰ্যত নিযুক্ত কৰাৰ দৰ্শন।

1ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা1:1 যিহিষ্কেলৰ বয়স ত্রিশ বছৰ চাৰি মাহ পাঁচ দিনৰ দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ। 2পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত, 3কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।

4তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই1:4 জাংফাই (কেৰু-মণি তৈয়াৰ কৰাত ব্যৱহাৰ হোৱা গছৰ পৰা পোৱা এবিধ মৌ বৰণীয়া জলজলীয়া আঠা ৰঙৰ আছিল। 5তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল। 6কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।

7তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল। 8তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল: 9তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।

10তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল। 11তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে। 12তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।

13সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল। 14সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।

15মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ। 16সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়। 17যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে। 18চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা। 19যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে। 20আত্মা1:20 প্ৰাণীবোৰৰ আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

21তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।

22আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল। 23চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।

24তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়। 25তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।

26তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।

27আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল। 28বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।

2

1তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, এতিয়া নিজৰ ভৰিত থিয় দিয়া; মই তোমাৰ সৈতে কথা পাতিম।” 2যেতিয়া তেওঁ মোৰে সৈতে কথা পাতি আছিল, তেতিয়া সেই আত্মা2:2 ঈশ্বৰৰ আত্মা ই মোৰ অন্তৰত উদগাই মোক নিজ ভৰিত থিয় কৰোৱালে আৰু তেওঁ কোৱা বাক্য মই শুনিলোঁ। 3তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান2:3 মৰণশীল মানুহ, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।

4তেওঁলোক আঁকোৰগোজ মুখমণ্ডলৰ আৰু কঠিন হৃদয়ৰ বংশধৰ। মই তোমাক সেই লোকসকলৰ ওচৰলৈ পঠিয়াম। তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’: 5তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।

6আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।

7যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।

8কিন্তু হে মনুষ্য-সন্তান2:8 মৰণশীল মানুহ, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”

9তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল। 10তেওঁ সেই নুৰিওৱা পুথিখন মোৰ আগত মেলি দিলে; সেই পুথিখনৰ আগফালে আৰু পাছফালে দুয়ো পিঠিত লিখা আছিল; তাত বিলাপ, শোক আৰু সন্তাপৰ বিষয়ে লিখা আছিল।

3

1তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান3:1 মৰণশীল মানুহ, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।” 2সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে। 3তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।

4পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা। 5কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইস্ৰায়েল-বংশৰ ওচৰলৈহে পঠোৱা হৈছে। 6যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন। 7কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।

8চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ। 9মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”

10তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া। 11তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তান সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”

12তেতিয়া আত্মা3:12 ঈশ্বৰৰ আত্মাই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।” 13তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।

14এইদৰে আত্মা3:14 ঈশ্বৰৰ আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল। 15তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।

16তাৰ পাছত সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে, 17“হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া। 18‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম। 19কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। 20যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম। 21আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”

ভাববাদীৰ মুখ বন্ধ হোৱা।

22সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।” 23তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।

24তাৰ পাছত মোলৈ সেই আত্মা3:24 ঈশ্বৰৰ আত্মা আহিল আৰু মোক থিয় কৰোৱালে; আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক’লে, “তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা, 25কিয়নো এতিয়াৰ কাৰণে হে মনুষ্য-সন্তান, লোক সকলে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা; 26মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ। 27কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”

4

যিৰূচালেমক অৱৰোধ কৰাৰ বিষয়ে দেখুউৱা কেইটামান চিন।

1হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা। 2আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা। 3আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।

4তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা। 5কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।

6যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ। 7তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা। 8কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।

9আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা। 10ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা। 11আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ4:11 এক হীনৰ ছয় ভাগৰ ইব্রীসকলৰ পানীৰ জোখ। প্ৰায় 1:13 লিটাৰ এভাগ পানী পান কৰিবা।

12আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা। 13যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”

14তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।” 15তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।

16ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে, 17তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।

5

1“আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা। 2নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।

3কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা। 4তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।

5প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে। 6কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।

7এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা। 8এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।

9যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম। 10এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম! 11এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম। 12তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।

13এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ। 14ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।

15তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ। 16“মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম। 17মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”

6

ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক’লে, 2“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 3আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।

4তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ’ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ’ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম। 5আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম।

6তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ’বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব। 7আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।

8তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম। 9আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব। 10আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।

11প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব। 12দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।

13য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা! 14আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”

7

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“তোমালোক, হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই ইস্ৰায়েল দেশক এই কথা কৈছে:

এতিয়া ইস্ৰয়েল আহিল! দেশৰ চাৰি সীমালৈ অন্ত আহিল!

3এতিয়া তোমালৈ অন্ত উপস্থিত হ’ল, কিয়নো মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠিয়াম আৰু মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম;

তাৰ পাছত তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।

4কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম; কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম,

আৰু তোমাৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!

5প্ৰভু যিহোৱাই এই কথা কৈছে:

অমঙ্গল! কেৱল অমঙ্গলৰ পাছত অমঙ্গল! চোৱা, সেয়ে আহি পালেহি!

6অন্ত নিশ্চয়কৈ উপস্থিত হ’ব; সেয়ে তোমাৰ অহিতে জাগি উঠিছে! চোৱা, সেয়ে আহি পালেহি।

7তোমালোকৰ যি সকলে দেশত নিবাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে।

সেই সময় উপস্থিত হ’ল; বিনাশৰ দিন ওচৰ চাপি আহিছে আৰু পৰ্ব্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ-ধ্বনিৰ দিন নহ’ব, কোলাহলৰহে দিন হ’ব!

8এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু তোমাৰ অহিতে মোৰ কোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম,

মই তোমাৰ আচাৰ-ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম আৰু তোমাৰ সকলো ঘিণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম।

9মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম;

আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।

10আৰু চোৱা! সেই দিন আহি পালেহি। বিনাশ ওলাই আহিল।

তোমালোকৰ দণ্ডডালিত অহঙ্কাৰৰ কলি ধৰিলে।

11দৌৰাত্ম্য দুষ্টতাৰ দণ্ড হৈ উঠিল-

তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন-সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিব।

12সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক,

বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!

13কিয়নো বেচোঁতাসকলে জীয়াই থকা সেই সময়লৈকে তেওঁলোকে বেচা তেওঁলোকৰ সেই সম্পৰ্কীয় সম্পত্তি7:13 সম্পত্তি ইস্রায়েল কেতিয়াও পুনৰায় দেখিবলৈ নাপাব, কিয়নো নিজ নিজ জীৱনৰ পাপ আচৰণত তেওঁলোকৰ কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব।

14তেওঁলোকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ যাবৰ বাবে কোনো এজনো নাই;

কিয়নো মোৰ ক্ৰোধ তাৰ (ইস্রায়েল) সকলো লোকৰ ওপৰত আছে।

15তৰোৱাল দেশৰ বাহিৰত আৰু মহামাৰী আৰু আকাল দেশৰ ভিতৰত আছে।

যি সকল লোক পথাৰত আছে, তেওঁলোকক তৰোৱালেৰে বধ হ’ব আৰু যি সকল লোক নগৰৰ ভিতৰত আছে, তেওঁলোকক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব।

16কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক সাৰি যাব আৰু তেওঁলোকে গৈ পৰ্ব্বতত থাকিব।

তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে শোক কৰিব।

17সকলোৰে হাত দুৰ্ব্বল হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব,

18তেওঁলোকে চট কাপোৰ পিন্ধিব আৰু মহাত্ৰাস তেওঁলোকৰ আৱৰণস্বৰূপ হ’ব;

প্রতিজনৰ মুখমণ্ডল লজ্জিত হ’ব আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ’ব।

19তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব আৰু তেওঁলোকৰ সোণ অশুচি বস্তু যেন হ’ব। তেওঁলোকৰ সোণ আৰু ৰূপ

যিহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ’ব,

আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ’ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে।

20তেওঁৰ সুন্দৰ ভূষনৰ বিষয়ে হ’লে, তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মূৰ্ত্তি আৰু তেওঁলোকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে,

এই কাৰণে মই সেইবোৰ তেওঁলোকলৈ অশুচি বস্তু যেন কৰিলোঁ।

21আৰু মই সেইবোৰ বস্তু বিদেশীসকলৰ হাতত লুটদ্ৰব্য হিচবে, পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম;

তেতিয়া তেওঁলোকে তাক অপবিত্ৰ কৰিব।

22যেতিয়া তেওঁলোকে মোৰ গুপ্তস্থান অশুচি কৰিব, তেতিয়া তেওঁলোকৰ পৰা মই বিমুখ হ’ম;

ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব।

23তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে

আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে।

24এই কাৰণে মই জাতি সমূহৰ মাজৰ অতি দুষ্টবোৰক আনিম আৰু তেওঁলোকে তেওঁলোকৰ ঘৰবোৰ অধিকাৰ কৰি ল’ব

আৰু মই বলৱানসকলৰ গৰ্ব্ব খৰ্ব্ব কৰিম; কিয়নো তেওঁলোকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ’ব!

25ভয় আহিব! তেওঁলোকে শান্তি বিচাৰিব, কিন্তু নাপাব!

26আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব!

সেই কালত তেওঁলোকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিত আৰু পৰিচাৰকসকলৰ পৰা ব্যৱস্থাৰ পৰা মন্ত্ৰণা লোপ পাব।

27ৰজাই শোক কৰিব আৰু ৰাজকুমাৰে শোকৰ বস্ত্ৰ পৰিধান কৰিব

আৰু দেশৰ প্ৰজাসকলৰ হাত ভয়ত কঁপিব; মই তেওঁলোকৰ আচাৰ-ব্যৱহাৰ অনুসাৰে তেওঁলোকৰ বিচাৰ কৰিম!

আৰু যেতিয়ালৈকে তেওঁলোকে জানিব পাৰিব যে, মইয়ে তেওঁলোকৰ ঈশ্বৰ যিহোৱা; তেতিয়ালৈকে মই তেওঁলোকক নিজ মানবিশিষ্ট বিচাৰ কৰিম।”

8

যিহূদীসকলৰ নানাবিধ দেৱপূজাৰ দৰ্শন।

1আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল। 2তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!

3তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল। 4মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।

5তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফালে চোৱা।” সেই কাৰণে মই উত্তৰ ফালে চকু তুলি চালোঁ আৰু যজ্ঞবেদীৰ উত্তৰফালে প্ৰৱেশ কৰা স্থানটোৰ ঠাইত সেই অহংকাৰী মূৰ্ত্তিটো আছিল। 6পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, লোকসকলে কি কৰি আছে সেয়া তুমি দেখিছা নে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ’বলৈ ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা!”

7এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ। 8তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ! 9তেতিয়া তেওঁ মোক পুনৰ ক’লে, “তুমি ভিতৰলৈ গৈ তেওঁলোকে তাত কৰি থকা ঘিণলগীয়া দুষ্কৰ্মবোৰ চোৱা।”

10তেতিয়া মই ভিতৰলৈ গৈ চাই দেখিলোঁ যে, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত খোদাই কৰি থোৱা আছিল। 11আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ পৰিচাৰকসকলৰ সত্তৰজন পুৰুষ আৰু তেওঁলোকৰ মাজত চাফনৰ পুত্র যাজনিয়া থিয় হৈ আছিল। তেওঁলোক প্রতিজনে প্রতিমাবোৰৰ সন্মুখত থিয় হৈ হাতত এটা এটা ধূপৰ পাত্ৰ ল’লে যাতে সেই ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠে।

12তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!” 13তেওঁ মোক পুনৰ ক’লে, “তুমি আকৌ ঘূৰি চোৱা, তেওঁলোকে কৰি থকা ঘিণলগীয়া কাৰ্যবোৰতকৈয়ো অতি বেছি দেখিবলৈ পাবা।”

14তাৰ পিছত তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক লৈ যাওঁতে মই দেখিলোঁ, আৰু চোৱা! সেই ঠাইত মহিলাসকলে বহি তম্মুজ8:14 প্ৰাচীন পূব প্ৰান্তত, তম্মুজক দেৱতা হিচাবে বিবেচনা কৰা হৈছিল। যেতিয়া গছপুলি মৰে, তেতিয়া সি মৰে, আৰু পুনৰ সেই বছৰতে মৃত্যুৰ পৰা জী উঠে, তেওঁৰ মৃত্যুৰ বাবে মহিলাৰ মনক্ষুন্ন হয়। ৰ বাবে কান্দি আছিল। 15তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা।”

16আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ8:16 সূৰ্যৰ ছামেছ - ভুৱা ঈশ্বৰ আগত প্ৰণিপাত কৰি আছিল।

17তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে। 18এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”

9

যিৰূচালেম-নিবাসীসকলক বধ কৰাৰ দৰ্শন।

1তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।” 2তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম9:2 মৈলাম দোৱাত-চিয়াঁহীৰ পাত্র থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।

3তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে। 4যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”

5তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক, 6বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।

7তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে। 8যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”

9তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’ 10গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।” 11আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।

10

ঈশ্বৰীয় অগ্নি যিৰূচালেমৰ ওপৰত পৰাৰ দৰ্শন।

1তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল। 2আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।

3সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল। 4তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল। 5আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।

6“তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল। 7তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল। 8আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।

9পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা। 10আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে। 11যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।

12আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা। 13সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ। 14প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।

15পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ। 16কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে। 17তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।

18পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল। 19কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।

20তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল। 21প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল। 22তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।

11

বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খোজা লোকসকলৰ অহিতে কোৱা ভাববাণী।

1তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।

2ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা। 3তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’ 4এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”

5তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো। 6তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা। 7এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।

8তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা। 9“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম। 10তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!

11এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম। 12তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”

13আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?”

14যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে, 15“হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’

16এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’ 17এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম। 18তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।

19যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম, 20তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম। 21কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”

22তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল। 23আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।

24আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল। 25তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।

12

ৰজা আৰু প্ৰজাক দেশান্তৰলৈ নিয়া বুজাবৰ দৃষ্টান্ত।

1পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।

3এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।

4তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা। 5তুমি তেওঁলোকৰ চকুৰ আগত নগৰৰ দেৱালখন বিন্ধা কৰি তাৰ মাজেদি সামগ্ৰী উলিয়াবা। 6তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”

7গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।

8পাছত ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 9“হে মনুষ্য সন্তান, ‘তুমি কি কৰিছা?’ এই বুলি বিদ্ৰোহী বংশই ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই? 10তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: এই ভাৱে যিৰূচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।

11তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব। 12আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খানিব। তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব।’ 13মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।

14আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম। 15যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁলোকে জানিব। 16কিন্তু তেওঁলোক যি জাতিবোৰৰ মাজলৈ যাব, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজৰ ঘিণলগীয়া কাৰ্য প্ৰকাশ কৰিবৰ কাৰণে, তৰোৱালৰ পৰা, আকালৰ পৰা আৰু মহামাৰীৰ পৰা তেওঁলোকৰ কেতবোৰ লোকক মই অৱশিষ্ট ৰাখিম, তাতে, মইযে যিহোৱা তাক তেওঁলোকে জানিব!”

17পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 18“হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা।

19আৰু তুমি দেশৰ লোকসকলক কোৱা, ‘ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছে: তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ’বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব। 20আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!”

21আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 22“হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’ 23এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”

24কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব। 25কাৰণ ময়েই যিহোৱা! মই ক’ম আৰু মই কোৱা বাক্য সিদ্ধ হ’ব। তাক আৰু আগলৈ থোৱা নহ’ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম আৰু তাক সিদ্ধও কৰিম।

26আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 27“হে মনুষ্য সন্তান, চোৱা! ইস্ৰায়েল-বংশই কয়, ‘তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।’ 28এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব।’ এয়ে প্ৰভু যিহোৱাৰ বচন!”

13

ইস্ৰায়েলৰ মিছা ভাববাদী আৰু ভাববাদিনীবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।

1পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতা সকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা! 3প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব! 4হে ইস্ৰায়েল, তোমাৰ ভাববাদীসকল উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।

5যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে দেৱালৰ ভঙা বাটত উঠা নাই বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে দেৱাল নিৰ্ম্মাণ কৰা নাই; 6যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে। 7তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? “তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা?”

8এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে। 9“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!

10শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে। 11এই হেতুকে চূণেৰে লিপি থকা লোকসকলক তুমি কোৱা: ‘এইবোৰ পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; এইবোৰ পৰিবলৈ মই বৃষ্টিৰ মহাশিল আৰু ভাঙিবলৈ মহা বতাহ পঠিয়াম। 12চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?”

13এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব! 14এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!

15মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো, 16অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা আৰু শান্তি নথকাতো তাৰ বাবে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই!” ইয়াক প্ৰভু যিহোৱাই কৈছে।’

17আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, তেওঁলোকৰ অহিতে তুমি মুখ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 18এইদৰে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ কাৰণে ওৰণি তৈয়াৰ কৰোঁতা মহিলাসকলৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাসকলৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ কাৰণে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?

19মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।

20এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ দৰেই তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ দৰেই তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম। 21মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।

22মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে, 23তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”

14

যিহোৱাক সোধা দেৱপূজকসকলৰ বিষয়।

1ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল। 2তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 3“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম?

4সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম। 5মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’

6এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া!

7কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম! 8তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!

9যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম। 10এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল’বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ’ব। 11ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।

12তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 13“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ; 14তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।

15বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়, 16তেন্তে সেই একে তিনিজনলোক তাত থাকিলেও, মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।

17বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোক সমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ - 18তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব।

19বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ, 20তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”

21কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।

22তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা। 23তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য দেখিলে, তেওঁলোকে তোমালোকক শান্তনা দিব; তেতিয়া তোমালোকে জানিবা যে, মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই!” এয়ে প্ৰভু যিহোৱাৰ বাক্য।

15

দ্ৰাক্ষালতাৰ কাঠৰ উপমা।

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ? 3কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব? 4চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?

5চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব? 6এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।

7কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। 8আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।

16

যিৰূচালেমক অসতী স্ত্রীৰ লগত তুলনা কৰা।

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি যিৰূচালেমক তাইৰ নিজৰ ঘিণলগীয়া কাৰ্যবোৰ জনোৱা, 3আৰু কোৱা, ‘প্ৰভু যিহোৱাই যিৰূচালেমক এই কথা কৈছে: “তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াসকলৰ দেশ; তোমাৰ পিতৃ ইমোৰীয়া আৰু তোমাৰ মাতৃ হিত্তীয়া আছিল।

4তোমাৰ জন্মবৃত্তান্ত এই, তোমাৰ জন্ম দিনা তোমাৰ নাড়ী কটা নাছিল বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুউৱা নাছিল, তোমাক সমূলি লোণ ঘঁহা কি কাপোৰেৰে মেৰোৱা নাছিল। 5তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল; কিন্তু তোমাৰ জন্মদিনা, তোমাৰ গা ঘিণলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল।

6সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰোৱা দেখি তোমাক ক’লোঁ যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা, হয়, মই তোমাক ক’লোঁ, যে, যদিও তুমি নিজ তেজত পৰি আছা, তথাপি জীয়াই থাকা। 7পথাৰত গজা তৃণৰ দৰে মই তোমাক অধিককৈ বঢ়ালোঁ আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল থ’লো আৰু অতি সুন্দৰী থ’লো; তোমাৰ স্তন পূৰ্ণ হ’ল আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।

8তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা! তোমাৰ সময় প্ৰেমৰ সময়; এই কাৰণে মই তোমাৰ ওপৰত বস্ত্ৰৰ আঁচল মেলি দি তোমাৰ উলঙ্গতা ঢাকিলোঁ” আৰু প্ৰভু যিহোৱাই কৈছে মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, “তাতে তুমি মোৰ থ’লো।

9গতিকে মই তোমাক পানীৰে ধুলোঁ, এনে কি, তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ। 10মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ। 11মই তোমাক অলঙ্কাৰেৰেও সজালোঁ, তোমাৰ হাতত খাৰু আৰু ডিঙিত হাৰ দিলোঁ। 12মই তোমাৰ নাকত নথ, কাণত কুণ্ডল, আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ।

13এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ’ল; তোমাৰ বস্ত্ৰ মিহি শণ সূতাৰ পাতৰ আৰু কাৰচিপি বন কৰা; তুমি মিহি আটা, মৌ-জোল আৰু তেল খাইছিলা; তুমি অতি সুন্দৰী হৈ উন্নতি-লাভ কৰি ৰাণী পদ পালা। 14আৰু তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ যশস্যা জাতিবোৰৰ মাজত ব্যাপিল; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ শ্ৰীৰ বাবে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ হ’ল।”

15কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল। 16আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ, তাৰে নিজৰ বাবে চিত্ৰবিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেশ্যাকৰ্ম কৰিলা; এনে কথা হোৱা নাই, আৰু নহ’বও।

17মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলঙ্কাৰ তুমি লৈ, তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্ত্তি কৰি সেইবোৰে সৈতে বেশ্যাকৰ্ম কৰিলা। 18আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা। 19প্ৰভু যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ’ল।

20“ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল’ৰা-ছোৱালীসকললৈ, গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা; তোমাৰ বেশ্যাকৰ্মবোৰ সামান্য বিষয় আছিল নে? 21যে তুমি মোৰ সন্তান সকলক বধ কৰিলা আৰু সেইবোৰৰ উদ্দেশ্যে তেওঁলোকক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা? 22তোমাৰ আটাই ঘিণলগীয়া কাৰ্যত আৰু বেশ্যাকৰ্মত তুমি আসক্ত থকাত, বিবস্ত্ৰা আৰু উলঙ্গিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰোৱা তোমাৰ সেই যৌৱন কালৰ দিন তুমি সোঁৱৰণ নকৰিলা।

23আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত প্ৰভু যিহোৱাই কৈছে, তোমাৰ সন্তাপ হ’ব, তোমাৰ সন্তাপ হ’ব, 24তুমি নিজৰ বাবে এক বেশ্যালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা।

25তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য্য ঘৃণাৰ বিষয় কৰিলা, প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা। 26তোমাৰ ওচৰ-চুবুৰীয়া স্থুলকায় মিচৰীয়াসকলৰ লগতো তুমি বেশ্যাকৰ্ম কৰিলা; আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেশ্যালি অধিককৈ বঢ়ালা।

27এই হেতুকে চোৱা,মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালোঁ আৰু তোমাৰ বেশ্যা চাবৰ কাৰণে লাজ পোৱা, তোমাক ঘিণ কৰা পলেষ্টীয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলোঁ। 28তুমি তৃপ্ত নোহোৱাত অচূৰীয়াসকলে সৈতেও বেশ্যাকৰ্ম কৰিও তৃপ্ত নথ’লো। 29তুমি বাণিজ্যদেশ কলদীয়াসকললৈ তোমাৰ বেশ্যালি বঢ়ালা; তথাপি তুমি তাৰেও তৃপ্ত নথ’লো।

30প্ৰভু যিহোৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ! কাৰণ তুমি স্বেচ্ছাচাৰিণী বেশ্যা স্ত্রীৰ দৰে এই আটাইবোৰ কাৰ্য কৰিছা; 31তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মাণ কৰিছা আৰু তুমি বেশ্যা কৰ্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।

32তুমি ব্যভিচাৰিণী, তোমাৰ স্বামীৰ সলনি পৰক গ্ৰহণ কৰোঁতা ঘৈণী। 33আটাই বেশ্যাক লোকে ধন দিয়ে; কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া আৰু তোমাৰ লগত বেশ্যাকৰ্ম কৰিবলৈ, চাৰিওফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেটী দিয়া। 34বেশ্যাকৰ্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়, তোমাৰ বেশ্যাকৰ্মৰ এই কথাত আন স্ত্রীতকৈ তুমি বিপৰীত; তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, সেইবাবে তুমি বিপৰীত।

35এই হেতুকে হে বেশ্যা, যিহোৱাৰ বাক্য শুনা! 36প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তান সকলৰ ৰক্তপাতৰ কাৰণে, 37চোৱা! তুমি যিসকলৰ সৈতে আমোদ-প্ৰমোদ কৰিলা, তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘিণ কৰা আটাইকে মই গোটাম; মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ত্ৰতা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ত্ৰতা প্ৰকাশ কৰিম।

38আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম। 39মই তেওঁলোকৰ হাতত তোমাক সমৰ্পণ কৰিম; তাতে তেওঁলোকে তোমাৰ বেশ্যালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব, তোমাক বিবস্ত্ৰা কৰিব আৰু তোমাৰ সুন্দৰ অলঙ্কাৰবোৰ লৈ যাব; তেওঁলোকে তোমাক বিবস্ত্ৰা আৰু উলঙ্গিনী কৰি এৰিব।

40তেতিয়া তেওঁলোকে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব। 41এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা। 42তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।

43তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্যত মোক বেজাৰ দিলা, এই হেতুকে চোৱা! প্ৰভু যিহোৱাই কৈছে, ময়ো তোমাৰ আচাৰ-ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম” - আৰু তুমি তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ উপৰিও, এই ব্যভিচাৰ আৰু কৰিবলৈ নাপাবা।

44চোৱা! যোজনা দিয়া প্ৰতিজনে, ‘মাক যেনে জীয়েক তেনে’, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব। 45নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ মাতৃৰ জীয়েক তুমি; নিজ স্বামী আৰু নিজ সন্তানক ঘিণ কৰা তোমাৰ ভায়েৰা-ভনীয়েৰাৰ তুমি ভনীয়েক; তোমালোকৰ মাতৃ হিত্তীয়া আৰু তোমালোকৰ পিতৃ ইমোৰীয়া আছিল।

46তোমাৰ বায়েৰা নিজ জীয়েকসকলেৰে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰিয়া আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকসকলৰ সৈতে থকা চদোম।

47তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা থ’লো। 48প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ জীসকলে কৰা দৰে তোমাৰ ভনী চদোমে আৰু তাইৰ জীসকলে কৰা নাই।

49চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল। 50তেওঁলোক গৰ্ব্বী আছিল আৰু মোৰ আগত ঘিণলগীয়া কাৰ্য কৰিছিল; এই হেতুকে মই যি ভাল দেখিলোঁ, তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ।

51চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিণলগীয়া কাৰ্য অধিক বৃদ্ধি কৰিলা আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পাতিলা। 52বিশেষকৈ তুমি নিজৰ বায়েৰা-ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা; তুমি তেওঁলোকতকৈ যি অধিক ঘিণলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ’ল; এতেকে তুমি নিজৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা।

53আৰু তেওঁলোকলৈ শান্ত্বনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ’বৰ কাৰণে, 54মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম। 55আৰু জীসকলে সৈতে চদোম আৰু জীসকলে সৈতে চমৰিয়া, তোমাৰ এই দুজনী বায়েৰা-ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব; তুমি আৰু তোমাৰ জীসকলে, তোমালোকৰ আগৰ অৱস্থালৈ উলটিব।

56তোমাৰ গৰ্ব্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদোমৰ নাম নোলাল। 57অৰামৰ জীয়াৰীসকলে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছ জ্ঞান কৰোঁতা পলেষ্টীয়াসকলৰ জীয়াৰীসকলে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্ত্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেই দিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল। 58যিহোৱাই কৈছে, “তুমি নিজ ব্যভিচাৰৰ আৰু ঘিণলগীয়া কাৰ্যৰ ফল ভোগ কৰিছা।”

59কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি, তুমি কৰা দৰেই মই তোমালৈ কাৰ্য কৰিছোঁ।

60তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম। 61আৰু যেতিয়া তুমি নিজৰ বায়েৰা-ভনীয়েৰাক গ্ৰহণ কৰিবা, তেতিয়া তুমি নিজ আচাৰ-ব্যৱহাৰ মনত কৰি লাজ পাবা; আৰু মই তেওঁলোকক জীস্বৰূপে তোমাক দিম, কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়।

62আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।” 63তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”

17

চিদিকিয়াই শপত লঙ্ঘন কৰা আৰু তাৰ ফল।

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশৰ আগত এটা সাঁথৰ বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা। 3তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে:

“ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে,

আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।

4সি সেই গছৰ আটাইতকৈ ওপৰত থকা আগডালদোখৰ ছিঙি বাণিজ্য17:4 বাণিজ্য কনান দেশলৈ লৈ গ’ল।

সি বেপাৰীসকলৰ নগৰত তাক ৰুই হ’ল।

5সি সেই দেশৰ মাজৰ গুটিবোৰৰ পৰা এটি গুটি লৈ উৰ্ব্বৰা মাটিত ৰুলে।

সি বিজল সমূহৰ কাষত তাক থলে; সি বাইশী17:5 বাইশী এবিধ টান কাঠৰ গছ গছৰ দৰে তাক ৰুলে।

6তেতিয়া সেয়ে গজি বাঢ়ি, মাটিৰ তললৈ ব্যাপি যোৱা এক দ্ৰাক্ষালতা হ’ল।

তাৰ ডালবোৰে সেই ঈগল পক্ষীৰ ফালে মুখ কৰিছিল আৰু শিপাবোৰ তাৰ তলত গজিছিল।

সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডালবোৰ উৎপন্ন হ’ল আৰু পোখাবোৰ মেলিলে।

7কিন্তু বহুত পাখি আৰু ডাঙৰ ডেউকা থকা আন এটা ঈগল পক্ষী আছিল। আৰু চোৱা! এই দ্ৰাক্ষালতাৰ শিপাবোৰে নিজকে সেই ঈগল পক্ষীটোৰ ফালে শিপা মেলিলে,

আৰু যি ভেটিটোত ৰোৱা হৈছিল, সেই ঠাইৰ পৰা সি পানী দিবৰ বাবে তাৰ ফালে ডালবোৰ বিয়পি গ’ল।

8সেয়ে বহু জল সমূহৰ কাষত আৰু উৰ্ব্বৰা মাটিত তাক ৰোৱা হৈছিল।

যাতে সেয়ে ডাল মেলিব আৰু ফল উৎপন্ন কৰি এখন উত্তম দ্ৰাক্ষালতা হ’ব’!”

9তুমি লোকসকলক কোৱা: ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেয়ে উন্নতি লাভ কৰিব নে?

তেওঁ জানো তাৰ শিপাবোৰ উঘালি নল’ব নে বা তাৰ ফলবোৰ ছিঙি নল’ব নে যাতে তাৰ নতুনকৈ ওলোৱা আটাই পাতবোৰ শুকাই লেৰেলা হৈ পৰে?

তাৰ শিপা উঘালিবলৈ অধিক বল কি আনকি অনেক মানুহ নালাগিব।

10সেই কাৰণে চোৱা! সেয়ে আকৌ ৰোৱাৰ পাছত তাৰ উন্নতি হ’ব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে শুকাই নাজাব নে?

সেয়ে তাৰ গজা ভেটিতে সম্পূৰ্ণৰূপে শুকাই যাব’।”

11তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 12“তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।

13তাৰ পাছত তেওঁ ৰাজবংশীয় এজনক ল’লে আৰু তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। 14ৰাজ্যখন যেন সামান্য হয় আৰু নিজকে যেন বৰ বুলি নামানে আৰু তেওঁৰ নিয়মটি পালন কৰিলে হে দেশখন স্থিৰেৰে থাকিব পাৰিব, সেই কাৰণে তেওঁ দেশৰ বীৰ সকলক আঁটৰাই লৈ গ’ল।

15কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে? 16‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।

17অনেক লোকক বধ কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্য-সামন্ত আৰু মহাদলৰ সৈতে ৰণত তেওঁক ৰক্ষা কৰিবলৈ নোৱাৰিব। 18কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।

19এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম। 20মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম। 21তেতিয়া তেওঁৰ সকলো দলৰ আটাই আশ্রয়প্রাৰ্থী সকল তৰোৱালত মৰা পৰিব আৰু অৱশিষ্ট থকা সকলোকে চাৰিওফালে বায়ুত উড়ুৱাই নিয়া হ’ব; তেতিয়া মই যিহোৱায়েই যে এই কথা ক’লোঁ, সেই বিষয়ে তোমালোকে জানিবা।”

22প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম! 23ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।

24তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”

18

1যিহোৱাৰ বাক্য আকৌ মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা,

‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’

3মোৰ জীৱনৰ শপত”- প্ৰভু যিহোৱাই এই কথা কৈছে, “ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা। 4চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!

5কোনো মানুহ যদি ধাৰ্মিক হয় আৰু যি উচিত আৰু ন্যায় তাকহে সম্পন্ন কৰে, 6আৰু যদি পৰ্ব্বতবোৰৰ পবিত্র স্থান বোৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমাবোৰলৈ চকু নোতোলে- বা নিজ ওচৰ চুবুৰীয়াৰ স্ত্রীক অশুচি কৰা নাই বা কোনো স্ত্রীৰ অশুচি হোৱা সময়ত তাইৰ ওচৰলৈ যোৱা নাই -

7আৰু কাকো অন্যায় কৰা নাই কিন্তু তাৰ সলনি তেওঁৰ ধৰুৱাক তেওঁৰ বন্ধক ঘূৰোৱাই দিছে - কাৰো বস্তু বলেৰে কাঢ়ি লোৱা নাই, কিন্তু তাৰ সলনি ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে;

8তেওঁ যদি সুতলৈ ধাৰ নিদিয়ে বা তাক বঢ়াই নিদিয়ে - বা অন্যায়ৰ পৰা নিজ হাত কোঁচায়, মানুহৰ মাজত সত্য বিচাৰ কৰি, মোৰ বিধি বোৰত চ’লে, 9আৰু যথাৰ্থ কাৰ্য কৰি মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে, তেন্তে তেওঁহে ধাৰ্মিক; তেওঁহে অৱশ্যে জীব!” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।

10কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে - 11আৰু যদিও তেওঁৰ পিতৃয়ে সেইবোৰৰ কোনো কৰ্ত্তব্যৰ কৰ্ম নকৰে - কিন্তু যদি তেওঁৰ পুতেকে পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰত ভোজন কৰে আৰু নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীক অশুচি কৰে -

12সি যদি দুখী-দৰিদ্ৰক অন্যায় কৰে, বা যদি বলেৰে কাঢ়ি লয় বা বন্ধক ঘূৰোৱাই নিদিয়ে, প্রতিমাবোৰলৈ চকু তোলে বা ঘিণলগীয়া কাৰ্য কৰে; 13সি যদি সুতলৈ ধাৰ দিয়ে বা অনুচিত লাভ লয়, তেনেহ’লে সি জীয়াই থাকিব নে? সি জীয়াই নাথাকিব! সি এই আটাইবোৰ ঘিণলগীয়া কাৰ্য কৰিলে; তাৰ অৱশ্যে মৃত্যু হ’ব আৰু তাৰ ৰক্তপাতৰ দোষ তাৰ ওপৰত থাকিব।

14কিন্তু চোৱা! যদি তাৰ এজন পুত্র জন্মে, তেওঁৰ পিতৃয়ে কৰা সকলো পাপ দেখিছে আৰু সি ঈশ্ৱৰলৈ ভয় ৰাখি তেনে কাৰ্যবোৰ নকৰে - 15সি পৰ্ব্বতবোৰৰ পবিত্র স্থানবোৰৰ ওপৰত ভোজন নকৰে বা ইস্ৰায়েল বংশৰ প্রতিমা বোৰলৈ চকু নোতোলে আৰু যদি সি চুবুৰীয়াৰ স্ত্রীক অশুচি নকৰে;

16বা কাকো অন্যায় নকৰে, বন্ধকৰ কাৰণে একো নলয়, বা বলেৰে বস্তু কাঢ়ি নলয়, কিন্তু ক্ষুধাতুৰক নিজৰ আহাৰ দিয়ে আৰু নাঙঠাক কাপোৰেৰে ঢাকে - 17সি যদি দুখীয়াক উপদ্ৰৱ কৰাৰ পৰা নিজৰ হাত কোঁচায়, সুত বা অনুচিত লাভ নলয়; মোৰ শাসন-প্ৰণালীবোৰ পালন কৰে আৰু মোৰ বিধিবোৰত চ’লে, তেন্তে সেই পুত্রই নিজৰ পিতৃৰ পাপবোৰৰ কাৰণে নমৰিব। তেওঁ অৱশ্যে জীয়াই থাকিব!

18তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।

19তথাপি তোমালোকে কোৱা, “পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?” কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব! 20যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।

21কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব,। 22তেওঁ কৰা অপৰাধবোৰৰ কোনো অপৰাধকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব। তেওঁ নিজ ধাৰ্মিকতাৰ বাবেহে জীয়াই থাকিব।

23প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?

24কিন্তু যদি ধাৰ্মিকজনে তেওঁৰ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু দুষ্ট লোকসকলে কৰা আটাই ঘিণলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰে, তেন্তে তেওঁ জীয়াই থাকিব নে? তেওঁ কৰা ধৰ্ম-কৰ্মবোৰৰ একোকেই সোঁৱৰণ কৰা নাযাব। সেই কাৰণে তেওঁ কৰা অপৰাধতেই আৰু তেওঁ কৰা পাপতেই তেওঁ মৰিব।

25তথাপি তোমালোকে কোৱা, ‘প্ৰভুৰ পথ সৎ নহয়!’ শুনা, হে ইস্ৰায়েল বংশ! মোৰ পথবোৰ সৎ নহয়নে? তোমালোকৰ পথবোৰহে জানো সৎ নহয়? 26ধাৰ্মিক লোকজনে যদি নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে আৰু সেই বাবে তেওঁৰ মৃত্যু হয়, তেতিয়া তেওঁ কৰা অপৰাধতেই তেওঁৰ মৃত্যু হ’ব।

27কিন্তু যেতিয়া দুষ্ট লোকজনে যদি তেওঁ কৰা দুষ্কৰ্মৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেন্তে তেওঁ নিজ প্ৰাণ জীয়াই ৰাখিব! 28তেওঁ বিবেচনা কৰি তেওঁ কৰা আটাই দুষ্কৰ্মৰ পৰা ঘূৰি অহাত, তেওঁ জীয়াই থাকিব; তেওঁৰ মৃত্যু নহ’ব!

29তথাপি ইস্ৰায়েল বংশই কয়, ‘প্ৰভুৰ পথ সৎ নহয়!’ হে ইস্ৰায়েল বংশ, মোৰ পথ কিয় সৎ নহয়? তোমালোকৰ পথহে জানো অসৎ নহয়? 30এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।

31যি যি অপৰাধেৰে তোমালোকে অপৰাধ কৰিলা, তোমালোকৰ সেই সকলো অপৰাধবোৰ তোমালোকৰ পৰা দূৰ কৰা আৰু তোমালোকৰ নিজৰ কাৰণে এক নতুন হৃদয় আৰু এক নতুন আত্মা কৰা; কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা? 32কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”

19

যিহূদাৰ অধিপতিসকলৰ বিষয়ৰ বিলাপ।

1“আৰু যি তুমি! ইস্ৰায়েলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰম্ভ কৰা 2আৰু তেওঁলোকক কোৱা,

‘তোমাৰ মাতৃ কোন আছিল? এজনী সিংহী, তাই সিংহৰ পুতেকৰ লগত আছিল?

তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।

3তাই নিজৰ পোৱালিবোৰৰ মাজত ডেকা সিংহ হৈ উঠিবলৈ এটা পোৱালি তুলি ল’লে আৰু সি চিকাৰ ধৰিবলৈ শিকিলে আৰু মানুহকো খাবলৈ ধৰিলে।

4তেতিয়া জাতি সমূহে তাৰ বিষয়ে শুনিলে। সি তেওঁলোকৰ গাতত ধৰা পৰিল আৰু তেওঁলোকে তাক হাঁকোটা লগাই মিচৰ দেশলৈ আনিলে।

5যেতিয়া তাই দেখিলে যে, তাই তাৰ কাৰণে বাট চাই থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।

6এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে, সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে; সি মানুহ খাবলৈ ধৰিলে।

7তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে।

তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল!

8কিন্তু জাতি সমূহৰ চাৰিওফালে থকা প্ৰদেশবোৰৰ পৰা তাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহিল;

তেওঁলোকে তাৰ ওপৰত তেওঁলোকৰ জাল মেলিলে। সি তেওঁলোকৰ ফান্দত ধৰা পৰিল।

9তেওঁলোকে তাক হাঁকোটা লগাই পিঞ্জৰাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে।

ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্ব্বতত ৰাখিলে।

10তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাতৃ জল সমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰূপ আছিল; সেয়ে বহু জল সমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।

11তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল,

আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।

12কিন্তু দ্রাক্ষালতাক উঘালি মাটিত পেলোৱা হ’ল আৰু পূবৰ বতাহে তাইৰ ফল শুকুৱালে।

তাইৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ ধংস কৰিলে।

13এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।

14আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে।

শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”

20

ইস্ৰায়েলৰ পূৰ্বৰ আৰু বৰ্ত্তমানৰ বিপথ-গমন, তাৰ দণ্ড, আৰু তেওঁলোকৰ ভাবী নিস্তাৰ।

1আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল। 2তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 3“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে।

4“হে মনুষ্য সন্তান20:4 মৰণশীল মানুহ, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা! 5তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ - 6সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!

7মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

8কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ। 9কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।

10মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ। 11তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ। 12ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।

13কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ। 14কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।

15ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ। 16কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল। 17তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ।

18আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক20:18 মৰণশীল মানুহ কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা। 19ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা! মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা! 20আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।

21তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।20:21 তেতিয়া মই কলোঁ, মোৰ ক্রোধ বাকি দি, তেওঁলোকক মই শেষ কৰিবলৈ বিচাৰিলো। বা, কিন্তু সেই সন্তানসকলে মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসন প্ৰণালীবোৰ তেওঁলোকে পালন নকৰিলে। তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। সেয়ে মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।22তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।

23ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ। 24কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।

25ইয়াৰ উপৰিও, যি বিধি ভাল নহয় আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁলোকক দিলোঁ। 26মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।

27এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে; 28কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল। 29তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা20:29 আৰাধনা কৰা ওখ ঠাই ” নামেৰে প্ৰসিদ্ধ”।’

30এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে? 31আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’” 32আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’

33“প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম। 34পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম। 35মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।

36প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম। 37আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম; 38আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”

39হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।

40কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম। 41যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।

42তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা। 43আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা। 44আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।

প্ৰতিকাৰ সাধিবলগা যিহোৱাৰ তৰোৱাল।

45তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 46“হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 47আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।

48তেতিয়া মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকলো মানুহে তাক জানিব; তাক নুমৱা নহ’ব।” 49তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”

21

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 3তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!

4মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব। 5আৰু মই যিহোৱায়েই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব। ই পুনৰায় ঘূৰি নাযাব!’

6আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা! আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা! 7তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”

8তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 9“হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে:

তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।

10বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে!

তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!

11তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে!

বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!

12হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল!

তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।

13কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।

14এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক!

সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!

15তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।

16হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা! যুগুত হৈ বাওঁফালে ঘূৰা! যি ফালে তোমাৰ ধাৰ21:16 মুখ কৰি আছা আছে তুমি সেই ফাললৈ গমন কৰা।

17ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।

18পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 19“হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা। 20তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।

21কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।

22পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল! 23সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি

বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!

24এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধবোৰ সোঁৱৰণ কৰাব,

তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ব!

এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব; এতেকে তোমালোক শত্রুৰ হাতত ধৰা পৰিবা।

25আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল, 26প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব। 27মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।

28হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে! 29তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।

30তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম! 31আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!

32তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”

22

অপৰাধী ইস্ৰায়েলৰ ঘটিব লগা দণ্ড।

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা। 3আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।

4হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী থ’লো আৰু তুমি নিৰ্ম্মাণ কৰা তোমাৰ প্রতিমা-বোৰৰ দ্বাৰাই তুমি অশুচি থ’লো! আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্রূপৰ বিষয় কৰিম। 5হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।

6চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে। 7তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে। 8তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা! 9ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!

10তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজ22:10 ত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে। 11কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে। 12ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।

13এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ। 14মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম। 15মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম। 16আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব। আৰু মই যে যিহোৱা, তাক তুমি জানিবা!”

17তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 18“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ। 19এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তোমালোক সকলোৱেই আৱৰ্জনাস্বৰূপ হোৱাৰ বাবে চোৱা! মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।

20মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম আৰু তোমালোকক তাত পেলাই গলাম। 21এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা। 22মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!”

23যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 24“হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ! 25তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।

26তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো। 27অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ। 28যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।

29দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।

30আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ। 31এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”

23

অহলা আৰু অহলীবা নামেৰে দুজনী মহিলাৰ দৃষ্টান্ত।

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক। 3তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল। 4তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।

5কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী, 6নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল! 7সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে। 8কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল। 9এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ! 10তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে।

11তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল! 12অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল। 13আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে।

14তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে, 15তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়।

16যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে। 17তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল।

18এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে,

তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল!

19তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে,

যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল!

20সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল,

যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য।

21তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল।

কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ!

22এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম!

যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!

23বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক!

সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী। 24তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব!

তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব!

মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব! 25আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।

26তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব। 27এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’

28কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম। 29তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব!

30তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব। 31তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’

32প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা;

তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!

33তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা;

সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ!

34তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা।

কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!।

35এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”

36যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা। 37কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!

38তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে। 39কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে!

40তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা। 41আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা।

42আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে।

43তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’ 44পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে! 45কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।

46সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম; 47তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব।

48এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব। 49তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।

24

কঁহে ধৰা টৌৰ দৃষ্টান্ত।

1পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।

3তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে:

তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া!

4তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া;

উত্তম হাড়বোৰেৰে তাক পূৰ কৰা!

5জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা;

তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক।

6এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে24:6 কঁহে মামৰে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।

7কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই, 8যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!

9এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম! 10খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া!

11তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’ 12সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।

13তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।

14মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।

ভাববাদীৰ ভাৰ্য্যাৰ মৃত্যু।

15তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 16“হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক। 17তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”

18গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ।

19লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?” 20তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 21‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

22তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা! 23বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা। 24এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”

25“কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম - 26সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব! 27সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”

25

অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে কোৱা ভাববাণী।

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।

3তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা। 4এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব। 5আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!

6কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা। 7এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”

মোৱাবৰ, ইদোমৰ আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে কোৱা ভাববাণী।

8প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!” 9এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে, 10অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম। 11আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।

12প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।” 13সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

14মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!

15প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।” 16এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম! 17আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!

26

তূৰৰ বিনাশৰ বিষয়ে কোৱা ভাববাণী।

1পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2“হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’

3এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম! 4তেওঁলোকে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব। আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক শুদা শিলত পৰিণত কৰিম।

5সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব। 6আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব।

7কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম! 8তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!

9আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব! 10তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব। 11তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব, আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ’ব।

12শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব। 13মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব। 14আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ!

15“প্ৰভু যিহোৱাই তূৰক এইদৰে কৈছে: যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে? 16সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।

17আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব,

যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো! 18তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।

19কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব, 20তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম। 21মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব।” এয়ে প্ৰভু যিহোৱাৰ বচন!26:21 এয়ে প্ৰভু যিহোৱাৰ বচন!

27

তূৰৰ বিনাশৰ কাৰণে বিলাপ।

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা, 3আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে:

হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”

4তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল। 5তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু27:5 দেৱদাৰু এবিধ চিৰসেউজীয়া গছ কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল;

তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।

6তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল;

তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।

7তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।

8যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল;

হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।

9গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল;

তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!

10পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা!

তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল! 11তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!

12তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল! 13যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।

14তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল। 15দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।

16তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল। 17যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল। 18তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।

19উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে। 20ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল। 21আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।

22চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল। 23হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।

24বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল। 25তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল!

সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!

26তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল;

পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে। 27তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।

28তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।

29আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব;

সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।

30তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব;

তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।

31তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব।

আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।

32তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব,

তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?

33সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা;

তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!

34কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল,

তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!

35দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে,

আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!

36লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”

28

তূৰৰ শাসনকৰ্তাজনৰ পতন।

1তাৰ পাছত যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়; 3তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!

4তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা। 5তোমাৰ বাণিজ্য28:5 তোমাৰ বাণিজ্যৰ সৈতে, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল!

6এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, 7এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!

8তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ’ব! 9যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সঁচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক শোধাই দিয়া হ’ব! 10তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”

11পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 12“হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা! 13ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!

14মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত স্থাপন কৰিছিলোঁ আৰু অভিষিক্ত কৰা কৰূবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা! তুমি জুইৰ নিচিনা চক্‌মকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা। 15তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।

16তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্‌মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ। 17তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।

18তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম। 19জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!”

চীদোনৰ বিৰুদ্ধে কোৱা ভাববাণী।

20তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 21“হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাইৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা! 22আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!

23কিয়নো মই তাৰ মাজলৈ মহামাৰী আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠিয়াম। আৰু যেতিয়া চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তৰোৱালৰ দ্বাৰাই হত হোৱা লোক পতিত হ’ব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা! 24তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’

25প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতি সমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব। 26তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”

29

মিচৰৰ পতন আৰু পুনঃস্থাপন।

1আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা! 3ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে:

হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ!

তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী,

যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”

4কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।

5মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম।

তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব;

মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!

6তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব,

কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!

7যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা;

আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।

8এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। 9তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।” 10এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।

11মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব! 12ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।

13কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম। 14মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ’ব।

15সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে। 16তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”

যিহোৱাই মিচৰক বাবিলৰ ৰজাক দিয়া আৰু তাৰ ধ্বংস অৱস্থা।

17তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 18“হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।

19এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব! 20তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।

21“সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”

30

1যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে:

তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’ 3কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ’ব, সেয়ে জাতিবোৰৰ বাবে কাল হ’ব।

4তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ’ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব -

তাৰ লোক সমূহক30:4 তাৰ সকলো মূল্যৱান সম্পত্তি তাৰ পৰা নিয়া হ’ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব।

5কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।

6যিহোৱাই এই কথা কৈছে:

“যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ’ব, তেওঁলোকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব।

মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা!

7আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ’ব, আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।

8যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ’ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব! 9সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!

10প্ৰভু যিহোৱাই এইদৰে কৈছে: “মই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোক সমূহক লুপ্ত কৰিম। 11তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু তেওঁলোকে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব।

12মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”

13প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম! 14ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম।

15আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোক সমূহক উচ্ছন্ন কৰিম। 16তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ’ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!

17আবনৰ আৰু পী-বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব। 18যেতিয়া মই তহ্পন্হেচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব। 19এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।

ফৰৌণৰ বাহু ভগ্ন হোৱা।

20একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক’লে, 21“হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।”

22সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম। 23আৰু মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। 24মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।

25আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব। 26মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!”

31

ফৰৌণক অচূৰৰূপ বৃহৎ এৰচ গছৰ লগত তুলনা কৰা।

1তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা,

‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?

3চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল;

আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।

4জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল,

আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।

5এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।

6তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল।

আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।

7এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।

8ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল!

দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল;

আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।

9মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ;

যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”

10এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে, 11মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!

12আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।

13পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে,

আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।

14জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”

15প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল।

16গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। 17যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। 18এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!

32

মিচৰ আৰু ফৰৌণৰ বিষয়ৰ বিলাপ।

1তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা,

কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা,

তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”

3প্ৰভু যিহোৱাই এই কথা কৈছে:

গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!

4পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম

আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।

5মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!

6তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম,

আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!

7আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম;

মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।

8আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম,

আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

9“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম। 10এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”

11কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।

12ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।

13মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম;

আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!

14তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।”

এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!

15“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম;

যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!

16এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব।

তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!

17পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,

18“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া -

তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!

19তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!

20তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!

21পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব:

তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’

22অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে;

তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।

23তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে,

যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!

24এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল!

যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল,

যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

25হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে;

তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল,

কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!

26মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে!

তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।

27যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল,

যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল,

আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব।

28গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।

29ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।

30হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

31ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা। 32“কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

33

লোকসকলৰ পক্ষে ভাববাদী এজন নিযুক্ত প্ৰহৰীস্বৰূপ।

1পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব। 3তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে! 4তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব।

5যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব।

6কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’

7এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা। 8যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম! 9কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।

10গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’ 11তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’

12আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক কোৱা, ‘ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্মিক জনে পাপ কৰিলে নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব। 13যেতিয়া মই ধাৰ্মিকৰ বিষয়ে, “তেওঁ জীয়াই থাকিব!”, এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নির্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্মকৰ্মবোৰৰ কোনো এটাও সোঁৱৰণ কৰা নহ’ব; তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব।

14পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে- 15যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘূৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব। 16তেওঁ কৰা পাপবোৰৰ কোনো পাপকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব; তেওঁ উচিত আৰু ন্যায় কাৰ্য কৰিলে; তেওঁ অৱশ্যে জীয়াই থাকিব!

17তথাপি তোমাৰ জাতিৰ সন্তান সকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়! 18যেতিয়া ধাৰ্মিক জনে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব। 19আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব! 20তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!”

যিহিষ্কেলে যিৰূচালেমৰ পতনৰ বাৰ্ত্তা পোৱা।

21আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!” 22পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ!

23তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 24“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’

25এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে? 26তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ পত্নীক অশুচি কৰা লোক; তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা’?”

27তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব। 28তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব’।” 29মই তেওঁলোকে কৰা তেওঁলোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ কাৰণে মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।

30আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তান সকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰমুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।” 31তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।

32কিয়নো চোৱা, তুমি তেওঁলোকৰ কাৰণে সুন্দৰ গীতৰ দৰে, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গান যেন হে; তেওঁলোকে তোমাৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব। 33আৰু যেতিয়া সেয়ে ঘটিব - চোৱা! সেয়ে ঘটিবৰ দিন ওচৰ হৈছে! - তেতিয়া, তেওঁলোকে তেওঁলোকৰ মাজত যে এজন ভাববাদী আছিল, সেই বিষয়ে তেওঁলোকে জানিব।

34

ইস্ৰায়েলৰ নিৰ্দ্দয় মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয় আৰু দেশ পুনঃস্থাপন।

1তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে? 3তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।

4তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। 5তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। 6মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”

7এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা: 8প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল। 9এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা: 10“প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”

11কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম। 12নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম। 13তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।

14মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব। 15ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা। 16“মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা34:16 পহৰা দিম ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!

17আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম! 18এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা? 19কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”

20এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম, 21তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!

22এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম! 23আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব। 24কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!

25আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব। 26আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব। 27আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।

28আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব। 29মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।

30তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে। 31আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”

35

ইদোমৰ বিষয়ে কোৱা বাক্য।

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। 3আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।

4মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা। 5কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা - 6এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।

7এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম। 8আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব। 9মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।

10তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।” 11এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম।

12গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ। 13আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।

14প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম। 15ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”

36

ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ অৰ্থে কৰা মঙ্গল-প্ৰতিজ্ঞা।

1এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা! 2প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।” 3এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।

4এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে - 5সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ। 6এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।

7এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।

8কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে। 9কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।

10আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব। 11আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা। 12এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।

13প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়; 14এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা। 15আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।

ইস্ৰায়েলক শুচি কৰা।

16তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, 17“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল। 18এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।

19আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ। 20তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক। 21কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।

22এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম। 23আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।

24কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম। 25তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।

26মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। 27আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা। 28আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।

29মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম। 30তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম। 31তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।

32প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’ 33প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব। 34আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।

35আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।” 36তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’

37প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম। 38পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”

37

ইস্ৰায়েল জাতিক পুনৰায় জীউৱা।

1পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল। 2তেওঁ সেইবোৰৰ ওচৰে ওচৰে এইদৰে চাৰিওফালে মোক ফুৰালে। আৰু চোৱা! সেই উপত্যকাটিত অনেক অনেক হাড় আছিল। আৰু চোৱা! সেইবোৰ অতি শুকান। 3তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান,এই হাড়বোৰ জীৱ পাৰেনে?” তেতিয়া মই ক’লোঁ, “হে প্ৰভু যিহোৱা, আপুনিহে জানে!”

4তেতিয়া তেওঁ মোক ক’লে, “তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, ‘হে শুকান হাড়বিলাক! যিহোৱাৰ বাক্য শুনা। 5প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস37:5 প্ৰাণবায়ু সুমুৱাম; তাতে তোমালোক জীৱা। 6আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”

7পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল। 8আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে! কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।

9তেতিয়া তেওঁ মোক ক’লে, “বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা! হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা’।” 10তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।

11আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’ 12এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!

13তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা। 14আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।

15তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে, 16“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’ 17আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ কাৰণে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ কাৰণে এডাল কৰা।

18‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব, 19তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’ 20তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।

21আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম। 22পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব। 23আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণলগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।

24আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব। 25আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।

26ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম। 27মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব! 28আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!”

38

অন্তিম কালত গোগে ইস্ৰায়েলক আক্ৰমণ কৰা। গোগৰ বিনাশ।

1পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, 2“হে মনুষ্য সন্তান, মাগোগদেশীয়, ৰোচ, মেচেক আৰু তুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা; তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা! 3‘প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! ৰোচ, মেচেক আৰু তুবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।

4মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাম; আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; তেওঁলোক আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; তেওঁলোক আটাইবোৰ তৰোৱালধাৰী। 5তেওঁলোকৰ লগত পাৰস্য, কুচ আৰু পূট আছে; তেওঁলোক আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা। 6গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোগৰ্মাৰ বংশ আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।

7তুমি যুগুত হোৱা! নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি তেওঁলোকৰ ৰখীয়া হোৱা। 8বহুদিনৰ পাছত তোমাৰ সৈন্য সমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতি সমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ’ল আৰু তেওঁলোক আটায়ে নিৰাপদে বাস কৰিছে! 9তুমি উঠি ধুমুহাৰ দৰে যাত্ৰা কৰিবা; তুমি আৰু তোমাৰ আটাই দলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিয়ে মেঘৰ দৰে দেশ ঢাকিবা।

10প্ৰভু যিহোৱাই এইদৰে কৈছে: ‘সেই দিনা তোমাৰ মনত নানা ভাব উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা।’ 11আৰু তুমি ক’বা, ‘লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা; আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ, 12গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম।

13চিবা, দদান, তৰ্চীচৰ বণিকসকল আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, ‘আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, মেৰ-ছাগ আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?’

14এই হেতুকে, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি গোগক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেইদিনা যেতিয়া মোৰ প্ৰজা ইস্ৰায়েলে নিৰাপদে বাস কৰিব, তেতিয়া তুমি দানো তাক নাজানিবা? 15সেইদৰে তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা, আৰু তোমাৰে সৈতে অনেক জাতি যাব; তেওঁলোক আটাইবোৰ অশ্বাৰোহী, তেওঁলোক মহাদল আৰু পৰাক্ৰমী সৈন্য-সামন্ত? 16তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’

17প্ৰভু যিহোৱাই এই কথা কৈছে: ‘ইস্ৰায়েলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাববাণী প্ৰচাৰ কৰা মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে? 18আৰু প্ৰভু যিহোৱাই কৈছে, ‘গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব!’

19কিয়নো মোৰ অন্তৰ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে মহৎ কম্পন হ’ব যে, 20সমুদ্ৰৰ মাছ, আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰগ জন্তু আৰু পৃথিৱীৰ ওপৰত থকা সকলো লোক মোৰ সন্মুখত কঁপিব আৰু পৰ্ব্বতবোৰ পেলোৱা হ’ব, গড়া ঠাইবোৰ খহি পৰিব আৰু প্ৰত্যেক গড় মাটিৰে সমান হ’ব।

21আৰু প্ৰভু যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব। 22আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম। 23আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।

39

1“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ। 2আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম। 3আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।

4তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম। 5প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ। 6‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।

7আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব। 8প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে।

9সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব। 10তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।

11তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।

12আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব। 13এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব।

14তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব। 15আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব। 16আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।

17আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা। 18তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।

19তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা। 20আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”

21তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব। 22ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।

23আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল। 24তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।

25কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম। 26আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব, 27যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।

28আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম। 29আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”

40

নতুন মন্দিৰৰ বৰ্ণনা।

1আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে। 2তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।

3তেতিয়া তেওঁ মোক তালৈ নিলে, আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমান-নল লোৱা পিতলৰ আভাৰ দৰে আবা থকা এজন পুৰুষ আছিল; তেওঁ বাট-চৰাত থিয় হৈ আছিল। 4পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।

5আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল। 6তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল। 7আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল।

8তেওঁ বাট-চৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে। 9পাছত তেওঁ বাট-চৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ জুখি দুহাত দুহাত পালে আৰু বাট-চৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল। 10আৰু সেই পূৱফালৰ বাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, পহৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ।

11পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে। 12আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এশ হাতৰ সিফালে এশ হাতৰ সীমা আছিল আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইফালে ছহাত সিফালে ছহাত আছিল। 13আৰু তেতিয়া তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি।

14তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল। 15আৰু বাট-চৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাট-চৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাশ হাত। 16প্ৰহৰী–কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকি আছিল আৰু সেই খিড়িকি ভিতৰে কেউফালে আছিল আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল।

17তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে আৰু চোৱা, চোতালখনৰ কেউফালে সজা অনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল। 18আৰু ঠাইডোখৰ বাট-চৰাকেইটাৰ কাষে কাষে আছিল; সেয়ে বহলে বাট-চৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিলপাৰি দিয়া চাপৰ ঠাই। 19পাছত তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে।

20পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে। 21তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।

22তাৰ খিড়িকিবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল। 23উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুখি এশ হাত পালে।

24পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে। 25তাত আৰু তাৰ কেউফালে থকা খিলানবোৰত ওপৰে কোৱা খিড়িকিৰ দৰে খিড়িকি আছিল, তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।

26তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল। 27আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে।

28পাছে তেওঁ মোক দক্ষিণফালৰ বাট-চৰাইদি ভিতৰ চোতালখনলৈ নিলে আৰু তেওঁ দক্ষিণৰ বাট-চৰা জুখি সেই পৰিমাণমতেই পালে; 29তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ পৰা ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত। 30আৰু কেউফালে পঁচিশ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল; 31তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।

32পাছত তেওঁ মোক পূৱফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে আৰু বাট-চৰাটো জুখি সেই পৰিমাণতেই পালে। 33তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল। 34তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।

35পাছত তেওঁ মোক উত্তৰ বাট-চৰাটোলৈ নিলে আৰু তেওঁ তাক জুখি সেই পৰিমাণমতেই পালে। 36তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল আৰু কেউফালে তাত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁছিশ হাত আছিল। 37তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।

38প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়। 39হোম-বলি, পাপাৰ্থক-বলি আৰু দোষাৰ্থক বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল।

40আৰু উত্তৰ ফালৰ বাট-চৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল আৰু আনফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল। 41এইদৰে বাট-চৰাটোৰ ভিতৰত চাৰিখন আৰু বাট-চৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল; বলি কাটিবলৈ সৰ্ব্বমুঠ আঠখন মেজ আছিল।

42আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়। 43আৰু ভিতৰে কেউফালে চাৰি আঙুলিয়া হাঁকোটিবোৰ লগোৱা আছিল আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়।

44আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নসকলৰ কাৰণে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল। 45আৰু তেওঁ মোক ক’লে, “দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতসকলৰ কাৰণে।

46আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে। 47আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, সেয়ে চাৰিওফালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল।

48পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে। 49বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত আৰু প্ৰস্থ বাৰ হাত আছিল আৰু তালৈ উঠিব পৰা খটখটী আছিল; আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।

41

1তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান। 2আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত আৰু প্ৰস্থ জুখি বিশ হাত পালে।

3তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল। 4তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।

5তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে। 6কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল। 7আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।

8তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল। 9কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।

10কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল। 11তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।

12আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত। 13তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে। 14আৰু তেওঁ পূৱফালে গৃহৰ আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।

15আৰু তেতিয়া পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে। 16এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল। 17আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।

18কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল। 19এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল। 20মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।

21মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা। 22বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।” 23মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল। 24আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল। 25দেৱালত কৰাৰ দৰে সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল। 26বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।

42

1তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে। 2আৰু এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰোৱালে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত। 3সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।

4আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল। 5ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল। 6কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল। 7আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল। 8কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত। 9বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।

10চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল। 11এইবোৰৰ আগত যি এটা বাট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই। 12বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।

13তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি42:13 পুৰোহিতসকলৰ কোঠালি।; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ। 14যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।”

15পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।

16তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। 17তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। 18তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে। 19আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।

20তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।

43

নতুন মন্দিৰত যিহোৱাৰ প্ৰৱেশ। যজ্ঞ-বেদিৰ আৰু তাৰ প্ৰতিষ্ঠাৰ বিষয়।

1পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে। 2আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!

3আৰু মই দৰ্শনত দেখা পদাৰ্থৰ দৰে, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰ দৰেই এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ! 4আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল। 5তেতিয়া আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে!

6আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিবলৈ পালোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি। 7তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব। 8তেওঁলোকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁলোকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁলোকৰ দুৱাৰ খুঁটা দি, মোৰ আৰু তেওঁলোকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁলোকে কৰা তেওঁলোকৰ ঘিণলগীয়া কাৰ্যেৰে তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই কাৰণে মই ক্ৰোধত তেওঁলোকক নষ্ট কৰিলোঁ।

9এতিয়া তেওঁলোকৰ বেশ্যাকৰ্ম আৰু তেওঁলোকৰ ৰজাসকলৰ মৰা শৱ তেওঁলোকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁলোকৰ মাজত চিৰকাললৈকে বাস কৰিম।

10হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁথা গৃহটি তেওঁলোকে জোখক। 11আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।

12এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।

13আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই সেই হাত, এক হাত চাৰি আঙুল। তল ভাগ এক হাত, প্ৰস্থ এক হাত আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব। 14আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত আৰু বহলে এক হাত হ’ব।

15আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব। 16যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব। 17আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।”

18তাৰ পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই কথা কৈছে: যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ। 19মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা

20তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা। 21পাছত পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।

22তেতিয়া দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ কাৰণে এটা নিঘূণ মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিতসকলে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা দৰে যজ্ঞ-বেদিটো শুচি কৰিব। 23তাক শুচি কৰি এঁটালে তুমি এটা নিঘুণ ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিঘূণ মতা মেৰ উৎসৰ্গ কৰিবা। 24তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতসকলে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।

25তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁলোকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিঘূণ মেৰ উৎসৰ্গ কৰিব। 26সাতদিনলৈকে তেওঁলোকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁলোকে তাৰ প্ৰতিষ্ঠা কৰিব। 27আৰু তেওঁলোকে দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতদকলৰ যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভু যিহোৱাই কৈছে, “মই তোমালোকক গ্ৰহণ কৰিম।”

44

নতুন মন্দিৰত কাম কৰা লোকসকলৰ বিষয়।

1তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল। 2পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব। 3অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”

4তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ! 5পাছে যিহোৱাই মোক ক’লে, “হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।

6আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভু যিহোৱাই এই কথা কৈছে: 7হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।

8আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা। 9প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।

10কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব। 11তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব। 12তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।

13আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব। 14গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।

15কিন্তু ইস্ৰায়েলৰ সন্তান সকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব। 16‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।

17আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব। 18তেওঁলোকৰ মুৰত শণ সূতাৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব।

19যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।

20তেওঁলোকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব। 21ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব। 22তেওঁলোকে বিধৱা, বা পৰিত্যক্ত স্ত্রীক বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।

23আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব। 24আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।

25আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে। 26কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ’ব। 27প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’

28‘আৰু পুৰোহিতসকলে এক আধিপত্য পাব; ময়েই তেওঁলোকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁলোকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁলোকৰ আধিপত্য। 29ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ’ব;

30আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা। 31আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।

45

নতুন ইস্ৰায়েলৰ অধিপতিজনে, পুৰোহিতে আৰু লেবীয়াসকলে পাব লগা ভাগবোৰৰ বিষয়।

1ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব। 2তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।

3আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব। 4সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব। 5বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।

6আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব। 7পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।

8দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।

9প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা। 10‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে। 11বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব। 12আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।

13তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা। 14আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে। 15আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’

16দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব। 17আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’

নানা সময়ত দিব লগা নতুন ইস্ৰায়েলৰ বলিদান আৰু নৈবেদ্যৰ বিষয়।

18প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা। 19পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব। 20আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।

21প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব। 22সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।

23আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব। 24আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।

25সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’

46

1প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব। 2আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।

3আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব। 4আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী মেৰ-ছাগ পোৱালি আৰু এটা নিৰ্ঘূণী মতা মেৰ-ছাগ হ’ব। 5মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।

6আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা মেৰ-ছাগ পোৱালি আৰু এটা মতা মেৰ-ছাগ হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব। 7আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব। 8যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।

9কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব। 10আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।

11পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব। 12আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।

13আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ কাৰণে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা। 14আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য। 15এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।’

16প্ৰভু যিহোৱাই এই কথা কৈছে: ‘যদি অধিপতিজনে তেওঁৰ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰসকলৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁলোকৰ স্বত্ব থাকিব। 17কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তি46:17 জুৱিলী বছৰ (পুনৰুদ্ধাৰৰ পৰা 50 বছৰ)ৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব। 18ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”

19তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা! পশ্চিমদিশে পাছফালে এখন ঠাই আছিল। 20তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”

21তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল। 22চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ। 23সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ কাৰণে চৌকা পতা আছিল। 24পাছত তেওঁ মোক ক’লে, “গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।”

47

নতুন মন্দিৰৰ তলৰ পৰা ওলাই অহা নদী। নতুন ইস্ৰায়েল দেশৰ সীমা।

1তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল। 2পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি, পূৱফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁ ফালে জল সমূহ ওলাই বৈ গৈছিল।

3পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী। 4তেতিয়া তেওঁ এক হাজাৰ হাত জুখিলে আৰু জল সমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে এককলীয়া পানী। 5পাছত তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জল সমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।

6তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে?” এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল। 7মই উলটি অহাত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে। 8পাছত তেওঁ মোক ক’লে, এই জল সমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।

9আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱ-জন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জল সমূহ সমূদ্ৰলৈ গ’লে তাৰ জল সমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব। 10তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।

11কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব। 12আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।

13প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব। 14আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।

15আৰু দেশৰ সীমা এইদৰে হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ। 16হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ। 17এইদৰে সীমাটো সমুদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।

18এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক, ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা। 19এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল। 20আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।

21এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা। 22তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব। 23তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’

48

নতুন ইস্ৰায়েল দেশ বাগ বাঁটি দিয়া।

1ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব। 2আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব। 3আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।

4আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব। 5আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব। 6আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব। 7আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।

8আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব। 9যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব।

10আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব। 11ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব। 12সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।

13আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত। 14তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।

15আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব। 16তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।

17আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত। 18আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।

19আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব। 20গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।

21পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব। 22অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।

23আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব। 24আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব। 25আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব। 26আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব।

27আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব। 28গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব। 29প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।

30আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু 31নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন। 32আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।

33আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন। 34আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন। 35চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”48:35 যিহোৱা তাত আছে, এই নামেৰে প্ৰখ্যাত হ’ব।