2 তীমথিয়
গ্রন্থ ৰচয়িতা
লিখকৰ স্বত্ব ৰোমৰ কাৰাগাৰৰ পৰা পৌলৰ মুকলি হোৱাৰ পাছত আৰু তেওঁৰ চতুর্থ মিছনাৰী যাত্রাৰ সময়ত তেওঁ যেতিয়া 1 তীমথিয় লিখিছিল, তেতিয়া তেওঁ আকৌ সম্রাট নিৰোৰ অধীনত বন্দী হৈছিল। এই সময়ত তেওঁ 2 তীমথিয় লিখিছিল। তেওঁৰ প্রথম কাৰাবাসৰ বিপৰীতে, তেতিয়া তেওঁ “ভাড়া ঘৰত” আছিল (পাঁচনিৰ কর্ম 28:30), তেতিয়া তেওঁ এক ঠাণ্ডা অন্ধকূপৰ মাজত অৱসাদত আছিল (4:13), সাধাৰণ অপৰাধীৰ দৰে বন্ধন (1:16; 2:9). পৌলে জানিছিল যে তেওঁৰ কর্ম শেষ হৈ গৈছে আৰু তেওঁৰ প্রায় আয়ুস শেষৰ দিশে গৈ আছে (4:6-8).
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 66-67 খ্রীষ্টাব্দৰ মাজ ভাগত।
পৌলে তেওঁৰ দ্বিতীয় কাৰাবাসৰ সময়ত ৰোমত আছিল আৰু তেওঁৰ শ্বহীদ হোৱাৰ অপেক্ষাত থকা অৱস্থাত এই পত্রটো লিখিছিল।
প্রাপক
দ্বিতীয় তীমথিয়, তীমথিয় আছিল পত্রৰ প্রাথমিক পাঠক, কিন্তু অৱশ্যে তেওঁ যোগাযোগ থকা মণ্ডলীৰ সৈতেও ভগাই কৰিছিল।
উদ্দেশ্য
তীমথিয়ক ত্যাগ কৰাৰ সৈতে এক চূড়ান্ত উদ্দীপনা আৰু যি কাম কৰে সেই কামত তীব্রতাৰ সৈতে উপদেশ দিয়া (1:3-14), লক্ষ্য (2:1-26), আৰু অধ্যৱসায় (3:14-17; 4:1-8)।
মূল বিষয়
বিশ্বস্ত পৰিচর্যাৰ কামত এক অভিযোগ।
প্রান্তৰেখা
1. পৰিচর্যাৰ বাবে প্রণোদনা — 1:1-18
2. পৰিচর্যাত থকা আর্হি — 2:1-26
3. ভুৱা শিক্ষকৰ বিৰুদ্ধে সতর্ক কৰা — 3:1-17
4. উৎসাহ আৰু আশীর্বাদৰ বাণী — 4:1-22
1মঙ্গলাচৰণ; ধৈর্য আৰু সহন প্ৰকাশ কৰিবলৈ নিবেদন
1মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি; 2প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
3মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে1:3 পাঁ 23:1; 2 কৰি 1:12; ইব্ৰী 13:18৷ আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ, 4তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ। 5যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
6এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ1:6 পবিত্র আত্মাৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷ 7কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, 1:7 লূক 24:49; পাঁ 1:8; ৰো 8:15 প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
8এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, 9কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; 10কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, 1:10 যো 5:25-29; 11:25; 1 কৰি 15:55; ইব্ৰী 2:14, 15 শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; 11সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে1:11 1তীম2:7।
12এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত1:12 ৰোম 1:16 নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, 1:12 1 পি 4:19৷ তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। 13মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। 14যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
15ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা। 16অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল; 17বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল - 18তেওঁ যাতে সেইদিনা 1:18 সেইদিনা প্ৰভু অহাৰ দিনতপ্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷
21এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।2:1 যিহো 1:7; ইফি 6:10৷2আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
3খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। 4কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। 5একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেনেহলে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।
6পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শস্যৰ ভাগ ভোগ কৰিব লাগে৷ 7মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
8মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷ 9সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই। 10এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
11এই কথা বিশ্বাসযোগ্য:
“আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।
12আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷
আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷2:12 মথি 10:32, 33; মার্ক 8:58৷
13আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে,
কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।”2:13 গণ 23:19; তীত 1:2
14তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে। 15তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন2:15 মথি 13:52; লূক 12:42হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
16কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷ 17এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে, 18তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
19তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,”2:19 গণ 16:5; নহূ 1:7; যো 10:14৷ আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”2:19 গণ 16:21; যি 52:11৷20কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে। 21এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেনেহলে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎ কর্মৰ বাবে প্ৰস্তুত থাকিব।
22কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ2:22 1 পি 2:11৷ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷ 23কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷
24প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ, 25বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব 26আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।
3শেষ-কালত হবলগীয়া ভ্ৰষ্টতাৰ বিষয়ে চেতনা-বাক্য
1কিন্তু ইয়াকে জানিবা যে, শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব। 2কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, 3স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, 4বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷
5তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা। 6কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানা বিধ অভিলাষেৰে চালিত কৰিলে৷ 7এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব-জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷
8যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, 3:8 যা 7:22 তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷। 9কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা3:9 যা 8:18, 19; 9:11 সকলোৰে আগত প্ৰকাশিত হব।
10কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য, 11তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, সেই বিষয়েও তুমি জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰা ঈশ্ৱৰেহে মোক উদ্ধাৰ কৰিলে৷3:11 গীত 34:1912আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।3:12 মথি 10:16-22; যো 15:2013কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে কিছুমান লোকক বিপথে লৈ যাব আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।
14কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, সেই বিষয়ে তুমি জানা। 15আৰু যি পবিত্ৰ বিধান-শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ যোগেদি তোমাক পৰিত্রাণৰ অর্থে জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।
16সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত 3:16 নিশ্বাসিত অনুপ্রাণিত হোৱাআৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক3:16 ৰো 15:4; 17যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎ কর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷
4বৃদ্ধ বন্দীয়াৰ পৌলৰ শেষ কথা
1মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, 4:1 মথি 25:31; যো 5:22-29 তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ - 2তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
3কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব। 4তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব। 5কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
6কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে। 7মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, 4:7 পাঁ 20:24; 1 কৰি 9:24-27 বিশ্বাস ৰাখিলোঁ। 8মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, 4:8 প্ৰ 2:10; সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
9মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা; 10কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, 4:10 1 যো 2:15 মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল।
11একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী। 12তুখিকক ইফিচলৈ পঠালোঁ। 13ত্রোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলোঁ, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা।
14আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। 15তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল। 16মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
17কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ4:17 মথি 10:18-20; পাঁ 23:11 মোক বলৱান কৰিলে; তাতে মই সিংহ4:17 সিংহ মানে, ৰোমীয় শাসনকৰ্তাক বুজাইছে। ৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।4:17 2 পি 2:918প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব4:18 গীত 121:7 আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।
19তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা। 20ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলোঁ। 21তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে।
22প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷